লক্ষ্মী দেৱীৰ কৃপাৰে কিদৰে সুখময় কৰিব এইবাৰৰ নববৰ্ষ

1 min read

২০২২বৰ্ষই ইতিহাসৰ পৃষ্ঠাত ঠাই লবলৈ মাথোঁ কেইটামান দিন থকাৰ সময়তে সকলোৱে এতিয়া ব্যস্ত হৈ পৰিছে নতুনত্বৰ দিশে।প্ৰতিজন লোকৰ সুখ আৰু ভাগ্যৰ বিষয়ে জানিবলৈ বাঢ়িছে হাবিয়াস।এতিয়া সকলোৰে মনত এটাই আশা যে নতুন বছৰটোৱে সকলোৰে বাবে শুভ হব আৰু লগতে নতুন বছৰৰ আৰম্ভণিতে লোৱা পৰিকল্পনাই জনসাধাৰণৰ মাজত নতুন আশা আৰু শক্তিৰ সঞ্চাৰ কৰিব আৰু সম্পূৰ্ণ বছৰটো সুখে-সন্তোষে পাৰ হব।
মানসিক অৱশ বা আৰ্থিকভাৱে ভাগৰুৱা অথবা নতুন বছৰত লক্ষ্মীক নিমন্ত্ৰণত সকলোৰে কৰণীয় বোৰ জ্যোতিষ শাস্ত্ৰ আৰু বাস্তত বিতংকৈ বৰ্ণনা কৰা দেখা গৈছে।
বাস্তুৰ মতে নতুন বছৰত ঘৰলৈ কিছু সম্পদ আনিলে সম্পূৰ্ণ বছৰটো লক্ষ্মীৰ কৃপা লাভ কৰিব পৰা যাব।আজি আমি এনে কিছু বাস্ত জ্ঞান যিয়ে ঘৰলৈ সুখ -সমৃদ্ধিৰ জোৱাৰ আনে-
২০২২ বৰ্ষৰ সমাপ্তিৰ পিছতে কিছুমান এনে বস্তু ঘৰলৈ অনা দৰকাৰ যিয়ে ২০২৩ বছৰটোত ঘৰত সদায় সুখ আৰু সমৃদ্ধি বৰ্তাই ৰাখিব ।

জ্যোতিষ শাস্ত্ৰত বিশেষ ঠাই দখল কৰা ময়ূৰৰ পাখিক ঘৰলৈ আনিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ সক্ষম হব পাৰি। ভগৱান শ্ৰীকৃষ্ণৰ অতি প্ৰিয় ভূষণ ময়ূৰৰ পাখি বুলি এক প্ৰবাদ শুনা যায়।সেয়েহে ঘৰত ময়ূৰৰ পাখি ৰাখিলে সুখ আৰু সমৃদ্ধিৰ আগমন হয় আৰু ধনৰ অপব্যয় নহয় আৰু লগতে পৰিয়ালৰ প্ৰতিজনৰ জীৱনত বন্ধ
হৈ থকা দুৱাৰ সমূহ অনায়াসে খোল খাই যায় বুলি পূৰ্বৰ পৰাই বিশ্বাস কৰা হয়।তদুপৰি ঘৰ এখনৰ অলৌকিক প্ৰভাৱবোৰ আঁতৰ কৰাৰ এক উত্তম উপায় হৈছে ময়ূৰৰ পাখি। তাৰবাবে নতুন বছৰৰ আৰম্ভণিতে ময়ুৰৰ পাখি ঘৰলৈ অনা অতি উত্তম।

শান্তি,শ্ৰদ্ধা আৰু ঔষধি গুণবিশিষ্ট তুলসী গছ ঘৰলৈ আনি মাটিৰ পাত্ৰ এটাত ৰুলে গোটেই বছৰটো মা লক্ষ্মীৰ অনুগ্ৰহ লাভ কৰি থাকিব বুলি বাস্তত পোৱা গৈছে।তদুপৰি
তুলসী হৈছে আমাৰ শ্ৰদ্ধাসম্পন্ন উদ্ভিদ আৰু ইয়াতে মা লক্ষ্মীৰ আগমন হয়। সেয়েহে তুলসীৰ আগমনে সম্পদৰ অধিষ্ঠাত্ৰী মা লক্ষ্মীক পদধূলি দিয়ে বুলিও বিশ্বাস কৰা হয়।

বাস্তমতে ২০২৩বৰ্ষৰ আৰম্ভণিতে পিতল,ব্ৰঞ্জ বা ৰূপেৰে নিৰ্মিত ধাতুৰ কাছ এটা ঘৰলৈ আনি উত্তৰ দিশৰ দৰজাৰ ওচৰত আঁৰি সোনকালেই আঁতৰ কৰক ঘৰৰ ভিতৰৰ থকা অপশক্তিক।তদুপৰি বাস্তত কাছৰ বহুতো উপকাৰৰ কথা বৰ্ণনা কৰা হৈছে। বাস্তু শাস্ত্রত কাছক সমৃদ্ধিৰ প্ৰতীক বুলিও প্ৰকাশ কৰা হৈছে আৰু কাছৰ আগমনে ঘৰলৈ ধনাত্মক শক্তিক আদৰণি জনাই বুলি বিশ্বাস কৰা হয়।
এইবাৰ নৱবৰ্ষত ধাতুৰে নিৰ্মিত হাতী ঘৰলৈ আনিলে আৰ্থিক সংকটৰ সৃষ্টি নহয় বুলি বাস্তত বৰ্ণনা কৰা দেখা গৈছে। ব্যৱসায় পৰিসৰ বৃদ্ধি আৰু ঘৰলৈ ইতিবাচক শক্তিক আমন্ত্ৰণ দিবলৈ এতিয়াই ক্ৰয় কৰক ৰূপ ধাতুৰে নিৰ্মিত এটা হাতী আৰু উজলাই তোলক আপোনাৰ নৱবৰ্ষ।

You May Also Like

More From Author