আমি সকলোৱে হনুমান যি’ৰ কেৱল বানৰ মুখৰ লগত হে পৰিচিত কিন্তু হনুমান যি’ৰ ৩টা বেলেগ বেলেগ ৰূপ আছে। এই বিভিন্ন ৰূপ তেওঁ সময়ৰ সৈতে ধাৰণ কৰিছিল।এই তিনি ৰূপৰ ভিতৰত বানৰ ৰূপটো তেওঁৰ প্ৰমুখ্য ৰূপ যিটো ৰূপত হনুমান যি’ক দেখা পোৱা যায়।এই বানৰ ৰূপৰ বাহিৰে তেওঁৰ পঞ্চমুখী ৰূপ আৰু এঘাৰহ মুখী ৰূপৰ বৰ্ণনা কৰা হল।
যেতিয়া ভগৱান বিষ্ণুয়ে পৃথিৱীত ভগৱান শ্ৰী ৰাম ৰূপত অৱতাৰ লৈছিল তেতিয়া মহাদেৱেও নিজৰ শক্তি পূৰ্ণ এক অন্য ৰূপক ভগৱান শিৱও পৃথিৱীত প্ৰকট কৰিছিল।তেতিয়া-ভগৱান বিষ্ণুৰ আৰু এক অন্য ৰূপেও পৃথিৱীত লৈছিল সেয়া পৰশুৰাম।।
ৰামায়ণ মহাকাব্যত সকলোতকে ডাঙৰ শিক্ষা হনুমান যিৰ পৰা পোৱা যায়।অৰ্থাৎ-ভগৱানক সচাঁ অৰ্থৎ যানি তেওঁৰ ভক্তিত লীন হৈ থকা।হনুমান যিৰ শক্তি বিকাশৰ প্ৰক্ৰিয়া ভক্তি আছিল।হনুমান যি মহাদেৱৰ শক্তিপৰা পৰিপূৰ্ণ আছিল।হনুমানৰ দৰে আৰু কোনেও কৰিব পৰা নাই।
বীৰ হনুমানৰ এঘাৰহ মুখী ৰূপত-
১-হনু মুখ.. ২-শ্ৰী ৰামৰ মুখ.. ৩-মহাদেৱৰ মুখ..
৪-অগ্নি দেৱ.. ৫-নাগ মুখ.. ৬-গণেশ মুখ..
৭-হয়গ্ৰীৱ মুখ.. ৮-গৰোদ্ৰ মুখ.. ৯-নৰসিংহ মুখ..
১০-বৰাহ মুখ আৰু.., ১১-ভৈৰৱ মুখ আছিল..
শিৱ পুৰাণত বীৰ হনুমানৰ এঘাৰহ মুখী কথাৰ বিৱৰণ আছে।মহাদেৱে দেৱী উমাক বীৰ হনুমানৰ এই বিচিত্র বৰণৰ কথা বৰ্ণনা কৰে।দেৱী,বীৰ হনুমানৰ পৰম ভক্তিয়ে বীৰ হনুমানৰ অপাৰ শক্তিৰ আধাৰ হয়।সেয়ে বীৰ হনুমানৰ শক্তিৰ সম্পূর্ণ প্ৰদৰ্শনএই এঘাৰহ মুখী ৰূপতে প্ৰকট হয়।
আদি কালত কালকাৰমুখ নামৰ এটা ভয়ংকৰ ৰাক্ষশ আছিল।সেই বিচিত্র ৰাক্ষাহৰে-১১খন মুখ আছিল,যি বৰ অতি ভয়ংকৰ আছিল সেই কালকাৰমুখ’ৰ ব্ৰহ্মাৰ ওপৰত বৰ আস্থা আছিল। সেইবাবে কালকাৰমুখে বহু বছৰ কাল ধৰি ব্ৰহ্মাৰ তপস্যা কৰিলে।অন্তত কালকাৰমুখ’ৰ তপস্যা’ত ব্ৰহ্মা সন্তপ্ত হৈ-কালকাৰমুখৰ সন্মুখত দেখা দি কি বৰ লাগে বিচাৰিবলৈ কলে।তেতিয়া কালকাৰমুখে ব্ৰহ্মাৰ পৰা অমৰত্ব বৰ বিচাৰিলে। কিন্তু তেতিয়া ব্ৰহ্মাই কলে যেএই পৃথিৱীত সকলো জীৱৰে অন্ত আছে আৰু জীয় ইয়াত সদায়ে থাকিব নোৱাৰে,তুমি কিবা অন্য বৰ বিচাৰা। ব্ৰহ্মাৰ এই কথা শুনি কালকাৰমুখে ভাৱিলে তেওঁৰ এই ১১খন মুখ অত্যন্ত দুৰ্লভ আৰু অন্য কোনো এই ৰূপত জন্ম লৈ মোক হৰুৱাব নোৱাৰে।কোনেৱে যদি মোৰ জনম তিথিত ১১খন মুখ লৈ-জন্ম লৈ হে মোক মৃত্যু দিব পৰাৰ বৰ বিচাৰিলে।ব্ৰহ্মাই তথাস্ত বুলি অন্তৰ্ধ্যান হল,ব্ৰহ্মাৰ বৰ পায় কালকাৰমুখ অধিক শক্তিশালী হৈ আকাশ পাতাল সকলোতে অতপালি কৰিলে।কালকাৰমুখ’ৰ অত্যাচাৰত-দেৱতাগণ থাকিব নোৱাৰি-ভগৱান বিষ্ণুৰ ওচৰ পালেগৈ আৰু ভগৱান বিষ্ণুক কালকাৰমুখ’ৰ কথা কৈ কালকাৰমুখ’ৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰাৰ্থনা কৰিলে।তেতিয়া ভগৱান বিষ্ণুৱে কলে,ইতিমধ্যে মই পৃথিৱীত ভগৱান শ্ৰী ৰাম ৰূপে অৱতাৰ ললো।তোমালোক শ্ৰী ৰাম’ৰ ওচৰলৈ যোৱ।
ভগৱান বিষ্ণুৰ কথ শুনি দেৱতাগণ শ্ৰী ৰাম’ৰ কাষ পায় সকলো কথা বৰ্ণনা কৰিলে।তেতিয়া শ্ৰী ৰামে কলে যে,এই সংকটৰপৰা এজনে পৰিত্ৰাণ দিব পাৰিব সেয়া হৈছে সংকট মুচন-মহাবীৰ হনুমান।আৰু ভগৱান শ্ৰী ৰামে হনুমানক মাতি কলে যে,দেৱতাগণক তুমিয়েই এই সংকটৰপৰা ৰক্ষা কৰিব পাৰিবা।
তেতিয়া বীৰ হনুমানে প্ৰভূত শ্ৰী ৰামৰ আজ্ঞা অনুসাৰে চত’ৰ পূৰ্ণিমাত মহাবীৰ জয়ন্তী দিনাই পুৱাই এঘাৰমুখী ৰূপৰ ধাৰণ কৰিলে।বীৰ হনুমানৰ এঘাৰমুখী অৱতাৰ দেখি দেৱতাগণে বীৰ হনুমানৰ জয় জয় কোৱাত কালকাৰমুখে অজস্র সেনা লৈ এঘাৰমুখী হনুমানৰ লগত ৰণ কৰিবলৈ আহিলে। তেতিয়া এঘাৰমুখী হনুমানে অগ্নিৰ দৰে তপত হৈ কালকাৰমুখ’ৰ সকলো সেনা শেষ কৰিলে আৰু কালকাৰমুখ’ৰ ডিঙিত ধৰি আকাশলৈ লৈ গৈ বধ কৰিলে।
এঘাৰমুখী বীৰ হনুমানৰ উপাসনা কৰিলে ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰ এই তিনিজনৰে কৃপা পোৱ যায়।
মহাবীৰ হনুমান..
অতুলিত বাল-বুদ্ধি..
জ্ঞান কে নিধান.. সংকটমুচন-জয় বীৰ হনুমান