ভাল মানুহৰ সোনকালে কিয় হয় মৃত্যু- গীতাত এই বিষয়ে কি কৈছিল শ্ৰীকৃষ্ণই?

1 min read

সকলো জীৱৰ মাজত ঘটা জীৱন প্ৰক্ৰিয়াৰ সম্পূৰ্ণ বন্ধ হোৱাটোৱেই হৈছে মৃত্যু। মৃত্যু মানে জীৱনৰ অন্ত। জীৱবিজ্ঞানৰ ভাষাত জীৱ থকা কোনো জীৱৰ জীৱনৰ শেষক মৃত্যু বুলি কোৱা হয়। যেতিয়া কোনো জীৱৰ মৃত্যু হয়, তেতিয়া ইয়াক মৃত বুলি কোৱা হয়। সকলোৰে মনত এটা প্রশ্ন যে আমাৰ সমাজত কিয় সদায় ভাল মানুহৰে সোনকালে মৃত্যু হয় ? কিয় ভাল মানুহ বেছিদিন জীয়াই নাথাকে ? যিমানে ঈশ্বৰৰ পূজা-অৰ্চনা কৰিলেও, যিমানেই ভক্তি কৰিলেও জীৱনত মৃত্যু অনিবায্য।

আনহাতে যিসকলে ঈশ্বৰৰ ভক্তি নকৰে বা নাস্তিক, তেওঁলোকৰ সৈতে সদায় ভাল হয়, জীৱনত সুখ শান্তি তেওঁলোকৰ হে বেছি হয়, তেওঁলোকৰ জীৱনত কোনো অভাৱ নহয়, ইয়াৰ কাৰণ কি ?

শ্ৰীমদ্ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছিল, ”মই কাৰো কৰ্মত হস্তক্ষেপ নকৰোঁ, মানুহে যি ভোগ কৰে সেয়া তেওঁৰ কৰ্মফলহে। সেয়া পূৰ্বজন্মৰ অথবা পৰজনমৰ।”

পৌৰাণিক আখ্যান মতে, এজন মহান গুৰুৰ দুজন শিষ্য আছিল। দুজনৰ এজন শিষ্য আছিল পৰম ঈশ্বৰ ভক্ত আৰু আন জন শিষ্য আছিল সম্পূৰ্ণ বিপৰীত। প্ৰথমজন ভক্তই কিবা খোৱাৰ আগতে সদায় ঈশ্বৰক অৰ্পণ কৰিহে খাইছিল। পবিত্ৰ স্নান কৰি তেওঁ প্ৰতিদিনে ঈশ্বৰৰ পূজা অৰ্চনা কৰিছিল। অন্যহাতে আন জন শিষ্যই সদায় মিছাৰ আশ্ৰয় লৈছিল, গুৰুৰ কথা সদায় অমান্য কৰিছিল আৰু ঈশ্বৰ ভক্তি আছিল শূণ্য। এনেতে যেতিয়া এদিন বাধ্য শিষ্যজন ঈশ্বৰৰ পূজা অৰ্চনা কৰি নিজ গৃহলৈ উভটিছিল হঠাৎ উজুটি খাই ভৰিৰ আঙুলি কাটি গৈ প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণ হ’বলৈ ধৰিছিল আনহাতে ঠিক একে সময়ত অইন শিষ্যজন যেতিয়া পৰস্ত্ৰী গমন কৰি ঘৰলৈ উভতিছিল, তেওঁ এটি স্বৰ্ণ মুদ্ৰা পথৰ দাঁতিত পৰি থকা পাইছিল আৰু তাকে শুনি প্ৰথম শিষ্যজন আচৰিত হৈ পৰিছিল !

সমগ্ৰ নিশা ভাবি চিন্তি প্ৰথম শিষ্যজনে উপায়ন্তৰ হৈ নিজৰ গুৰুক পিছদিনা ৰাতিপুৱাই সকলো কথা অৱগত কৰিলে। গুৰুৱে প্ৰথম শিষ্যক উত্তৰ দিলে, ”যোৱাকালি তোমাৰ মৃত্যুযোগ আছিল, কিন্তু তুমি ঈশ্বৰ ভক্তিৰ বাবেই বাচি আছা। ঈশ্বৰে তোমাৰ মৃত্যু হয়তো পিছুৱাই লৈ গৈছে তোমাৰ ঈশ্বৰৰ প্ৰতি পূজা-অৰ্চনাৰ বাবে তোমাৰ মৃত্যুৰ যোগ সামান্য দুৰ্ঘটনালৈ পৰিবৰ্তন হৈছে । আৰু যাৰ কথা তুমি কৈছা স্বৰ্ণমুদ্ৰা পোৱা বুলি তেওঁৰ যোৱাকালি পূৰ্বজনমৰ কৰ্মৰ ফলত গুপ্তধন পোৱাৰ যোগ আছিল কিন্তু তেওঁ কৰি থকা বেয়া কৰ্মৰ বাবে সকলো ধন নষ্ট হোৱাৰ বাবে তেওঁ মাত্ৰ এটা স্বৰ্ণমুদ্ৰাহে লাভ কৰিছে।”

ইয়াৰ পৰাই এটা কথায়ে বুজা যায় যে নিজৰ কৰ্মফল অনুযায়ীহে মানুহৰ মৃত্যু ঘটে। ভাল, সৎ আৰু উপকাৰী লোক এজনো কম বয়সতে সংসাৰ এৰি যাব লগা হব পাৰে নিজৰ পূৰ্বজন্মৰ কৰ্মফলৰ বাবে আৰু পাপী এজনো বিলাসী আৰু দীৰ্ঘায়ু জীৱন প্ৰাপ্তি কৰিব পাৰে তেওঁৰ পূৰ্ব জন্মৰ কৰ্মফলৰ বাবে।

You May Also Like

More From Author