Mission Basundhara 2.0 : মিছন বসুন্ধৰা 2.Oৰ বিষয়ে কিছু জানিব লগীয়া তথ্য

1 min read

চৰকাৰী খাচ ভূমি, চিলিং উদ্ধৃত মাটিৰ নিষ্পত্তিও কৰা হ’ব মিছন বসুন্ধৰা-2ৰ দ্বাৰা (Mission Basundhara 2.O)। ইয়াৰোপৰি দখলকাৰী ৰায়তেও লাভ কৰিব ভূমিৰ অধিকাৰ । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শুভাৰম্ভ হোৱা এই মিছন বসুন্ধৰা 2.Oৰ অনুষ্ঠানত ৰাজহ মন্ত্ৰী যোগেন মোহন আৰু ৰাজ্য মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে । অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কয় যে, অসমৰ চৰকাৰী, বনাঞ্চল, ৰাজ্য চৰকাৰে গ্ৰহণ কৰা মিছন বসুন্ধৰা-1 সফলতাৰে সম্পন্ন কৰাৰ পাছত এইবাৰ হাতত লৈছে মিছন বসুন্ধৰা-2 (Second chapter of Mission Basundhara)।

ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ (ভি জি আৰ) আৰু প্ৰফেশ্বনেল গ্ৰেজিং ৰিজাৰ্ভৰ (পি জি আৰ) মাটি সন্দেহযুক্ত নাগৰিকৰ দখললৈ যোৱাৰ সময়তে কিন্তু খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ পট্টা নাই । ভূমিপুত্ৰক মাটিৰ অধিকাৰী কৰিবলৈ ৰাজ্য চৰকাৰে এইবাৰ গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

থলুৱা লোকসকলৰ মাটি থাকিলেও দীৰ্ঘদিনে নিষ্পত্তি নোহোৱা মাটি-বাৰী সম্পৰ্কীয় বিষয়সমূহ সমাধান কৰাৰ বাবে মিছন বসুন্ধৰা-2.O লৈ 329.19 কোটি টকা অনুমোদন দিয়া হৈছে । বসুন্ধৰা-2.O ৰ অধীনত সমগ্ৰ অসমতে কম্পোজিট লেণ্ড ট্ৰেঞ্চফাৰ সেৱা (অটো-মিউটেচন), অনলাইনযোগে খাজানা আদায়, ডিজিটেল ষ্টাম্পিং আদি সময় নিৰ্ধাৰিত পদ্ধতিৰে প্ৰদান কৰা হ’ব ৷

চৰকাৰী খাচ ভূমি, চিলিং উদ্ধৃত মাটিৰ নিষ্পত্তি হ’ব মিছন বসুন্ধৰা-2ৰ দ্বাৰা । দখলকাৰী ৰায়তেও লাভ কৰিব ভূমিৰ অধিকাৰ । উল্লেখ্য যে, অসমত প্ৰায় তিনিলাখ 50 হাজাৰ ৰায়তী স্বত্ব থকা লোক আছে । তেওঁ কয় যে বসুন্ধৰা-2.O ৰ অধীনত সমগ্ৰ অসমতে কম্পোজিট লেণ্ড ট্ৰেঞ্চফাৰ সেৱা (অটো-মিউটেচন), অনলাইনযোগে খাজানা আদায়, ডিজিটেল ষ্টাম্পিং(E Stamping in Assam) আদি সময় নিৰ্ধাৰিত পদ্ধতিৰে প্ৰদান কৰা হ’ব ।

মিছনটো সময়োপযোগী আৰু সুচাৰুৰূপে ৰূপায়ণ নিশ্চিত কৰিবলৈ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰিছে । উল্লেখ্য যে, মিছন বসুন্ধৰা-2.O জৰিয়তে কেইবাটাও সেৱা ৰাইজে লাভ কৰিব পাৰিব । অসমত ভূমি আইনৰ সুৰুঙাত সন্দেহযুক্ত লোকৰ দখললৈ মাটি গৈছে, অথচ খিলঞ্জীয়া ভূমিপুত্ৰই বছৰ বছৰ ধৰি মাটিৰ পট্টা নোপোৱাকৈ আছে । মিছন বসুন্ধৰা-2.Oত বিশেষকৈ চৰকাৰী মাটি, ভি জি আৰ আৰু পি জি আৰ মাটিত বাস কৰি থকা লোকসকল উপকৃত হ’ব ৷ লোকসকলে এবিঘা পর্যন্ত মাটি লাভ কৰিব ।

একচনীয়া মাটি ম্যাদী নোহোৱাৰ ফলত চৰকাৰী আঁচনিৰ পৰা বহু খিলঞ্জীয়া লোক বঞ্চিত হৈ থাকিবলগীয়া হৈছে । মিছন বসুন্ধৰা-2.Oৰ ফলত ম্যাদী পট্টা লাভ কৰিব । পূৰ্বৰ চৰকাৰৰ পৰা মাটি আৱণ্টন পোৱা লোকসকলে মাটিৰ পট্টা লাভ কৰিব ৷

চৰকাৰী খাচ ভূমি, চিলিং উদ্ধৃত মাটিৰ নিষ্পত্তি হ’ব মিছন বসুন্ধৰা-2.0ৰ দ্বাৰা । দখলকাৰী ৰায়তেও মাটিৰ অধিকাৰ লাভ কৰিব ৷ ৰাজ্য চৰকাৰে এই অভিযান সফল কৰি তুলিবলৈ 328.19 কোটি টকা ব্যয় কৰিবলৈ সাজু হৈছে । মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা-1ত মানুহৰ মাটিৰ নামজাৰি, নাম শুধৰণি, নাম সলনি, পট্টা পৃথকীকৰণ আদি মুঠ 9 টা বিষয় মীমাংসা কৰা হৈছিল ।

মিছন বসুন্ধৰা-1ত ৰাজ্যৰ মাটিৰ খেলিমেলি নিষ্পত্তিৰ বাবে 8.14 লাখ আবেদন পৰিছিল যদিও ইয়াৰে প্ৰায় 5.82 লাখ আবেদনৰ মীমাংসা হৈছিল । 2.31 লাখ আবেদনৰ মীমাংসা হোৱা নাছিল । উজনি অসমৰ ৰাইজৰ মাটিৰ খেলিমেলিসমূহ সহজতে মীমাংসা হৈছিল যদিও নামনি আৰু মধ্য অসমৰ ৰাইজৰ মাটিবাৰীৰ খেলিমেলিবোৰ নিষ্পত্তি হোৱা নাছিল ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে এতিয়াৰে পৰা অনলাইন পদ্ধতিৰে মাটিৰ খাজনা দিয়াৰ ব্যৱস্থা কৰা হৈছে (Online Land Revenue Payment in Assam)। লগতে সম্পত্তি পঞ্জীয়ণৰ বাবে ই ষ্টাম্পিঙৰ ব্যৱস্থা কৰা হৈছে । এতিয়াৰে পৰা সকলো মেনুৱেল ব্যৱস্থা বন্ধ কৰা হ’ব ।

You May Also Like

More From Author