সমাগত ৩১ ডিচেম্বৰৰ বাবে সাজু হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ৷পুৰণি বছৰটোক বিদায় দিয়াৰ লগতে নতুন বছৰক আদৰণি জনোৱাৰ সময়ত যাতে পথ দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিছে কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিভাগে৷ বিগত বৰ্ষৰ ৩১ ডিচেম্বৰৰ তুলনাত এই বৰ্ষৰ ৩১ ডিচেম্বৰত পথ দুৰ্ঘটনাৰ সংখ্যা যাতে অতিকমেও ২০ শতাংশ কম হয় তাৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষলৈ নিৰ্দেশনা জাৰি কৰিছে৷
মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতেই পথ দূৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্য আগত ৰাখি কামৰূপ মহানগৰ পৰিবহণ বিভাগে মঙলবাৰৰ পৰা আৰম্ভ কৰিছে অপাৰেচন কুৰুক্ষেত্ৰ৷ কুৰুক্ষেত্ৰ অভিযানৰ বাবে পৰিবহণ বিষয়াৰ লগতে শতাধিক পথ সুৰক্ষা মিত্ৰ নিয়োগ কৰা হৈছে৷পথ সুৰক্ষা মিত্ৰসকলে দুৰ্ঘটনা সংঘটিত হোৱা স্থানত তৎকালে উপস্থিত হৈ সকলো ধৰণৰ সহায় আগবঢ়াব বুলি জানিবলৈ দিয়ে পৰিবহণ আয়ুক্ত তথা কামৰূপ [ম] জিলা পৰিবহণ বিষয়া গৌতম দাসে৷