শিশুৰ কাণত হঠাৎ বিষ? সমাধান আছে ৰান্ধনি ঘৰতেই

1 min read

শিশুসকলৰ মাজত কাণৰ বিষ হোৱাৰ প্রবণতা অলপ বেছি দেখা যায়। কাণত সংক্ৰমণ বা শুওতে হোৱা দোষ, ফলাফল বেচ কষ্টকৰ। কাণত বিষ হোৱা যে কিমান বিৰক্তিকৰ, অস্বস্তিকৰ আৰু কষ্টকৰ, সেয়া আমি সকলোৱে কম-বেছি পৰিমাণে জানো।

কাণত সংক্ৰমণ বা বিষ হ’লে সৰু সৰু শিশুবোৰৰ কিমান কষ্ট হয়, ভাবি চাওকচোন! শিশুৰ লগতে মাকো অস্থিৰ হৈ পৰে অলপ আৰাম দিবলৈ। শিশুৰ কাণত অসময়ত হঠাৎ বিষ আৰম্ভ হ’লে, কি কৰিলে শিশুটিয়ে সোনকালে আৰাম পাব, তাৰ উপায় আপোনাৰ পাকঘৰতেই আছে। আহকচোন তেতিয়াহ’লে জানি লওঁ সেই সম্পর্কে-

কাণত বিষ হোৱাৰ কাৰণসমূহ

* কোনো কাৰণত কাণত সংক্রমণ।
* ছাইনাছ।
* কাণত ময়লা মমৰ দৰে টান হৈ বহি গ’লে।
* দাঁতৰ অসুখ, কেভিটি বা দাঁত উঠা।

শিশুৰ কাণত বিষ বা সংক্ৰমণৰ উপসর্গ

*বাৰে বাৰে কাণত হাত দিয়া বা কাণ টানা।
* শিশু অস্থিৰ হৈ পৰে।
* বিষৰ কাৰণে কান্দি থাকে।
* জ্বৰ।
* টোপনি মাৰিব নোৱাৰা।
* চোবাবলৈ বা খাবলৈ নিবিচৰা।
* কাণৰ পৰা তৰল জাতীয় কিবা ওলাই অহা।

কাণৰ বিষ উপশমৰ ঘৰুৱা দিহা

নহৰু

তিনিৰ পৰা চাৰিটা নহৰুৰ কোঁহ এৰুৱাই লৈ অলপ পানীত সামান্য লিমখ দি সিদ্ধ কৰি লওক। এইবাৰ অলপ নিমখ পানীসহ এই কোঁহবোৰ থেতেলাই লওক। তাৰ পিছত এই থেতেলোৱা নহৰু এখন ফ্লানেল বা ঊণৰ কাপোৰত মেৰিয়াই, শিশুৰ যিখন কাণত বিষ তাত হেচি ৰাখক। নহৰুৰ বেক্টেৰিয়া নাশক ধর্মই কাণৰ বিষত আৰাম দিয়ে। ইয়াৰ উপৰি নহৰুত থকা এন্টিঅক্সিডেন্টেও কাণৰ বিষ কমোৱাত সহায় কৰে।

পিঁয়াজৰ সেঁক

পিঁয়াজ হাতেৰে চেপি ৰস বাহিৰ কৰি লওক। একৰ পৰা দুই ফোটা ৰস শিশুটিৰ বিষ হোৱা কাণত দিয়ক। পিঁয়াজৰ ৰসত তুলা ডুবাইও সেই তুলা শিশুৰ কাণত হেচি ধৰিব পাৰে। পিঁয়াজৰ টুকুৰা যেন কোনো কাৰণতেই শিশুৰ কাণত নোসোমাই সেই দিশত বিশেষ লক্ষ্য ৰাখক।

পুদিনা পতাৰ ৰস

বেক্টেৰিয়াক ধ্বংস কৰিবলৈ সহায় কৰে আৰু প্রদাহৰোধ কৰে। কেইটামান পুদিনা পাত থেতেলিয়াই ৰস উলিয়াই লওক। দুই ফোটা ৰস কাণত দিয়ক। কাণৰ সংক্রমণ প্রতিৰোধৰ বাবে ই অতি প্রচলিত ঘৰুৱা উপায়।

আপেল ছিডাৰ ভিনেগাৰ

শিশুৰ যিখন কাণত বিষ, তাত একৰ পৰা দুই ফোটা আপেল ছিডাৰ ভিনেগাৰ দি কিছু সময় ৰাখি শিশুৰ মূৰটো ঘূৰাই দিয়ক। ইয়াৰ ফলত আনখন কাণেৰে সেই ভিনেগাৰ ওলাই আহিব। এই ভিনেগাৰো কাণৰ বিষ কমোৱাত কার্যকৰী।

গৰম সেঁক

নিমখৰ টোপোলা কৰি শিশুৰ কাণত সেঁক দিয়ক। গৰম সেঁকে যিকোনো বিষত খুব কাম কৰে। শিশুক সেঁক দিয়াৰ সময়ত নিজৰ কাণত দি তাৰ উষ্ণতা চাই লওক। সেঁক যেন আৰামদায়ক হয়, সেই দিশত গুৰুত্ব দিয়ক।

You May Also Like

More From Author