প্ৰধানমন্ত্ৰী মোদীৰ মাতৃ হীৰাবেন মোদীৰ ১০০ বছৰ বয়সত দেহাৱসান
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদী আৰু নাই। শুকুৰবাৰে পুৱা প্ৰধানমন্ত্ৰী মোদীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ জৰিয়তে এই তথ্য প্ৰদান কৰা হয়। পোষ্টটোত লিখা আছিল, গৌৰৱময় শতিকাটো ঈশ্বৰৰ চৰণত বিশ্ৰাম লৈছে। মই সদায় অনুভৱ কৰি আহিছো মা সেই তত্ব, য’ত আছে এজন তপস্বীৰ যাত্ৰা, এজন নিস্বাৰ্থ কৰ্মযোগীৰ প্ৰতীক আৰু মূল্যবোধৰ প্ৰতি দায়বদ্ধ জীৱন।
তথ্য অনুসৰি আজি পুৱা ইউএন মেহতা হাস্পতালত পুৱা ৩.৩০ বজাত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। ইপিনে মাতৃৰ বিয়োগৰ পাছতে আহমেদাবাদত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী।
ইপিনে মাতৃ হীৰাবেনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সমগ্ৰ দেশে।
উল্লেখ্য যে বুধবাৰে পুৱা হীৰাবেন মোদীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। লগে লগে তেওঁক আহমেদাবাদৰ ইউএন মেহতা চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। হীৰাবেনৰ চলিত বৰ্ষৰ জুন মাহতেই তেওঁৰ ১০০ বছৰীয়া জন্মদিন পালন কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়েও তেওঁৰ ১০০ বছৰীয়া জন্মদিনত এখন বিশেষ পত্ৰ লিখিছিল।