ৰঙিয়াত দুটাকৈ পিষ্টল, ১৬ জাই সজীৱ গুলি সহ আটক দুটা অপৰাধী

0 min read

অপৰাধ জগতৰ ঘাটি হিচাপে পৰিনত হৈছে ৰঙিয়া । ৰঙিয়া আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই বহু কেইজন দুৰ্বৃত্তক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

যোৱা নিশা পুণৰ কামৰূপ আৰক্ষীয়ে দুজনকৈ দুধৰ্ষ অপৰাধীক আটক কৰিবলৈ সক্ষম হয় । আটকাধিন দুৰ্বৃত্ত দুজনৰ পৰা পইন্ট ৰ্থ্ৰী টু আৰু পইন্ট টু টু দুটাকৈ পিষ্টল সহ ১৬ জাই সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আটকাধীন যুৱক দুজন হৈছে কামৰূপ জিলাৰ কঞাৰ আতিকুল ইছলাম ওৰফে বড়ো আৰু তজনুৰ আলী ওৰফে লাডেন । ঘটনাৰ পিচতে ৰঙিয়া আৰক্ষী থানাত
কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক হিতেশ ৰয় উপস্থিত হয় । আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে সমগ্ৰ কামৰূপ জিলাৰ লগতে ৰঙিয়া মহকুমাত দীৰ্ঘদিনৰ পৰা ধৃত দুই যুৱকে ডকাইতি ,টকাৰ বেগ , মহিলাৰ ডিঙিৰ চেইন আদি কাঢ়ি নিয়াৰ দৰে কেইবাটাও অপৰাধ সংঘটিত কৰিছে । দুৰ্বৃত্ত দুজনৰ বিৰুদ্ধে কামৰূপ জিলাৰ দুখন থানাত তিনিটাকৈ গোচৰ ৰুজু হৈ আছে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ।
কামৰূপ জিলাৰ উপ আৰক্ষী অধিক্ষক আচিফ আহমেদৰ নেতৃত্ব যোৱা অভিযানকাৰী আৰক্ষীৰ দলটোৱে দুৰ্বৃত্ত দুজনৰ ৰান্ধনী ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে পিষ্টল দুটাৰ লগতে সজীৱ গুলি সমুহ । ইফালে আৰক্ষীয়ে অভিযান চলোৱাৰ সময়তে হাকিমুল আহমেদ নামৰ এজন দুৰ্বৃত্ত পলাই যাবলৈ সক্ষম হয় ।

You May Also Like

More From Author