বিভিন্ন খেলিমেলিৰ পাছতো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা অধিৱেশন পাতিবলৈ সাজু প্ৰদীপ নাগ গ্ৰুপ | সাম্প্ৰতিক সময়ত ওদালগুৰি জিলা সমিতিৰ সম্পাদক আৰু বছা বছা কেইজনমান আঞ্চলিক নেতাই লগ লাগি কেন্দ্ৰীয় আছা সমিতিৰ চিৰস্থায়ী সভাপতি প্ৰদীপ নাগৰ তত্বাৱধানত ওদালগুৰি জিলা সমিতিৰ কোনো আঞ্চলিক সমিতিৰ দায়িত্বত নথকা ইছাক লাক্ৰা নামৰ ব্যক্তি জনক জিলা কাৰ্যকৰী সভাপতি পাতি আৰু একাংশ মুষ্টিমেয় ৰাজনৈতিক নেতাৰ সহযোগত ও প্ৰৰোচনাত ওদালগুৰি জিলা সমিতিৰ অধিৱেশন পাতিবলৈ বিচৰা কাৰ্যক গৰিহণা দিয়ে ওদালগুৰি জিলা আছায়ে | জিলা সমিতিৰ এক প্ৰেছ বিবৃতি যোগে এই কথা উল্লেখ কৰে | আনহাতে ওদালগুৰি জিলা সমিতিৰ সভাপতিৰ লগতে প্ৰায় ৯০ শতাংশ জিলা কাৰ্যনিৰ্বাহক সদস্যৰ সমৰ্থন নথকাকৈ জিলা সমিতিক আন্ধাৰত ৰাখি আন এটা গোটৰ সৃষ্টি কৰি জিলা অধিৱেশন পাতিবলৈ বিচৰা কাৰ্যক গ্ৰহণযোগ্য নহয় বুলি দাবী ওদালগুৰি জিলা সমিতিৰ আছা’ৰ | ইয়াৰ লগতে ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত পল টপ্প নামৰ যুৱকজনে নিজৰ ৰাজনীতি মুনাফা লাভৰ বাবে যি পৰিকল্পনা কৰিছে সেয়া ছাত্ৰ সংগঠনটোৰ মাজত বিভেদ সৃষ্টি কৰাৰ বাহিৰে একো নহয় বুলি জনায় | ইয়াৰোপৰি পল টপ্পক সংগঠনটোৰ ভিতৰচৰাত প্ৰৱেশ কৰি কাম-কাজ নকৰিবলৈ আহ্বান জনায় সংগঠনটোয়ে | ইয়াৰ লগতে আদিবাসী জাতিটোৰ ভৱিষ্যত সুনিশ্চিত আৰু সুৰক্ষিত হোৱাৰ স্বাৰ্থত বৃহত্তৰ সংগঠনটোক ভাগ ভাগ নকৰিবলৈ আহ্বান সংগঠনটোৰ প্ৰৰোচিত আৰু ক্ষমতালোভী নেতাক | সকলোয়ে একত্ৰিত হৈ জিলা অধিৱেশন অনুষ্ঠিত কৰিবলৈ আহ্বান ওদালগুৰি জিলা কাৰ্যনিৰ্বাহক বৈঠকত | আছা’ৰ একত্ৰীকৰণৰ প্ৰক্ৰিয়াৰ বিপক্ষে থিয় দিয়া নেতাবোৰক আদিবাসী জনগোষ্ঠীটোয়ে কেতিয়াওঁ ক্ষমা নকৰে বুলি আছা’ৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি ও জিলা কাৰ্যনিৰ্বাহকে প্ৰেছ বিবৃতিৰ যোগেদি সংবাদ মাধ্যমক জানিবলৈ দিয়ে |
প্ৰথমে আছা’ৰ একত্ৰীকৰণ,তাৰ পাছত ওদালগুৰি জিলা অধিৱেশন’
Posted on by GTM Desk
1 min read