শাস্ত্ৰত ধনৰ দেৱী মা লক্ষ্মীক শ্রী হৰি বিষ্ণুৰ অৰ্ধাংগিনী বুলি মনা যায়।পৰিবাৰত সুখ সমৃদ্ধি অটুত থাকিবলৈ সকলো ভক্তই মা লক্ষ্মীক প্ৰসন্ন কৰাৰ ওপায় বিচাৰে।
মা লক্ষ্মী তেওঁৰ স্বামী শ্রী হৰিৰ বৰ প্ৰিয় হয়,তেওঁক বৰ সন্মান কৰে।পৌৰাণিক কথা অনুসাৰি এবাৰ নাৰদে মা লক্ষ্মীক সুধিলে, আপুনি কিয় ভগৱান বিষ্ণুৰ চৰণ স্পৰ্শ কৰি তেওঁক সেৱা কৰি থাকে।মা লক্ষ্মীয়ে বৰ সৰলতাৰে নাৰদ মুনিক কলে মনুষ্যৰ পৰা দেৱতা সকলোলৈকে ঘৰ প্ৰভাৱিত কৰে। স্ত্রীয়ে শ্রী চৰণ দবালে সেই ঘৰৰ বেয়া প্ৰভাৱ শেষ হয়, সেইবাবে তেওঁ ভগৱান শ্রী হৰিৰ শ্রী চৰণ দবাই।
অৰ্থাৎ, এগৰাকী স্ত্রীৰ হাতত দেৱতাৰ পৰম গুৰু বৃহস্পতি দেৱ থাকে, আৰু পুৰুষৰ ভৰিত দৈত্য গুৰু শুক্ৰচাৰ্য্য থাকে। এনেতে স্ত্রী এগৰাকীয়ে নিজৰ স্বামীৰ শ্রী চৰণ দবালে ঘৰৰ দুষ্ট প্ৰভাৱ শেষ হোৱাৰ লগতে ধনৰ আগমনো হয়।ভগৱান শ্রী বিষ্ণু শ্রীচ সাগৰত বাস কৰে,যিয়ে সুখ দুখৰে পৰিপূৰ্ণ কোৱা হয়। শ্ৰীচ সাগৰত ভগৱান বিষ্ণু শ্ৰেচ নাগত বিৰাজমান থাকে।শ্ৰেচ নাগৰ বহুতো ফান আছে।যিয়ে আমাৰ গৃহস্থি জীৱনৰ বহু প্ৰয়োজনীয় সংকেত দিয়ে। শ্ৰেচ নাগত বিৰাজমান শ্রী হৰি বিষ্ণুয়ে প্ৰতি সময়ত হাঁহি থাকে।তাৰ অৰ্থ হৈছে যে,আমাৰ ওপৰত যিমানেই দায়িত্ব নাথকক কিয়, তাৰ মাজত আমি সুখত থাকিব লাগে আৰু ধৈর্য্য ৰাখিব লাগে। ভগৱান শ্রী হৰিৰ অৰ্ধাংগিনী মাতা লক্ষ্মীয়ে তেওঁৰ শ্রী চৰণ দবাই থাকে। অৰ্থাৎ এটা পৰিয়ালক সুখী হবলৈ প্ৰেমৰ প্ৰয়োজন হয়।সেইবাবে তেওঁ প্ৰতি সময়তে শ্রী হৰিৰ কাষতে থাকি তেওৰ শ্রী চৰণ পিটিকি থাকে।।
জয় শ্ৰী লক্ষ্মীনাৰায়ণ