পৱন দেৱৰ পুত্ৰ হনুমানে অমৰত্ব প্ৰাপ্ত কৰিছিল, গতিকে তেওঁ অমৰ। মহাবলশালী, পৰাক্ৰমী, পৰম চতুৰ হনুমানক আজিও সকলোৱে জীৱিত দেৱতাৰ ৰূপত ভক্তি কৰে। ভগৱান শ্ৰীৰামৰ কৃপা লাভ কৰিবলৈ হনুমানক প্ৰসন্ন কৰিব লাগে, হনুমানৰ কৃপা অবিহনে কোনোৱে শ্ৰীৰামচন্দ্ৰ ওচৰলৈ যাব নোৱাৰে। হনুমান আমাৰ ৰক্ষক আৰু তেওঁ এই কলিযুগৰ সকলোতকৈ জাগ্ৰত। আপুনিও জনা উচিত যে কলিযুগত মানুহক বিপদৰ পৰা ৰক্ষা পৰিবলৈ হনুমান ভক্তিয়ে সহায় কৰে।
পৱন পুত্ৰ হনুমানৰ ১০ টি ৰহস্যময় কথা-
তেওঁৰ প্ৰথম ৰহস্য হৈছে যে তেওঁ সেন্দূৰ খুব ভাল পাই। সেইবাবেই হনুমানৰ দেহত সেন্দূৰ লগোৱা হয়। এক পৌৰাণিক কাহিনী অনুসৰি এবাৰ সীতাই শিৰত সেন্দূৰ লৈ থাকোতে হনুমানে সীতাৰ ওচৰলৈ গৈ শিৰত ৰঙা কি বস্তু লগাইছে বুলি প্ৰশ্ন কৰিছিল। উত্তৰত সীতাই কৈছিল যে সেয়া লগালে প্ৰভু ৰামৰ আয়ুস বাঢ়ে লগতে প্ৰভুৰ স্নেহ পোৱা যায়। কথা শুনি হনুমানে ভাবিছিল যে যদিহে মাতা সীতাই অকণমান সেন্দূৰ শিৰত লৈ ইমান স্নেহ প্ৰাপ্ত কৰিছে তেন্তে বেছি বেছিকৈ সিন্দূৰ লগালে আৰু বেছি বেছি স্নেহ ভগৱান শ্ৰীৰামচন্দ্ৰৰ পৰা পোৱা যাব। আৰু তাকে ভাবিয়ে হনুমানে নিজৰ সমস্ত শৰীৰত সেন্দূৰৰ লেপন দিয়া আৰম্ভণি কৰিছিল।
দ্বিতীয় ৰহস্য হৈছে হনুমানৰ জন্ম হৈছিল মাতঙ্গ ঋষিৰ আশ্ৰমত। মাতঙ্গ নামৰ এক আদিবাসী জাতিৰ সৈতে হনুমানৰ এক গভীৰ সম্পৰ্ক আছে। তুংগাভদ্ৰা নদী পাৰ হৈ এক পম্পা সৰোবৰ পোৱা যায় আৰু তাৰ ওচৰতে থকা পৰ্বতত এটি গুহা আছিল যাক ৰামজিৰ ভক্ত শ্ৰৱনিৰ গুহা বোলা হয় আৰু সেই গুহাৰ ওচৰতে মাতঙ্গ বন আছিল ।
তৃতীয় ৰহস্য হনুমানক লৈ সদায় এই প্ৰশ্ন উঠে যে তেওঁ কি বান্দৰ আছিল ? চাৰিওফালে তেওঁৰ মূৰ্তি দেখি সকলোৱে ভাৱে যে তেওঁ বান্দৰ প্ৰজাতিৰ। ৰামায়ণত বাল্মীকিয়ে হনুমানক বিশিষ্ট পণ্ডিত আৰু ৰাজনীতিবিদ বুলি ব্যাখ্যা কৰাৰ লগতে তেওঁক লোমৰ্শ নেজধাৰী বুলিও কৈছে। আচলতে সেই সময়ত মানুহৰ তেনে এক প্ৰজাতি আছিল যাক মুখ আৰু নেজৰ পৰা বান্দৰৰ দৰে দেখা গৈছিল কিন্তু সেই জাতিৰ বুদ্ধিমত্তা আৰু দৈহিক শক্তি অইন মানৱ প্ৰজাতিৰ তুলনাত বহু বেছি আছিল।
চতুৰ্থ ৰহস্য হৈছে কিয় আজি পৰ্যন্ত হনুমান জীয়াই আছে ? হনুমান কলিযুগৰ ধৰ্ম ৰক্ষক, তেওঁ আজিও পৃথিৱীত মুক্তৰূপে বিচৰণ কৰি আছে । তেওঁ ধৰ্মৰ ৰক্ষা হেতু অম্ৰতা বৰদান প্ৰাপ্ত কৰিছিল যাৰ বাবেই তেওঁ আজিও জীৱিত। তেওঁ ভগৱানৰ ভক্তি আৰু ধৰ্ম ৰক্ষা কৰিবলৈ আজিও পৃথিৱীত জীৱিত আছে।
পঞ্চম ৰহস্য হৈছে ৰামায়ণত উল্লেখ কৰা হিচাপে হনুমান প্ৰত্যেক যুগতে বিৰাজমান । ট্ৰেটা যুগত পবন পুত্ৰ কেশৰীনন্দন ৰূপে জন্ম লৈছিল আৰু ৰাম ভক্তিত লিন হৈ তেওঁ ৰামৰ সৈতে ছায়াৰ দৰে আছিল, দ্বাপৰ যুগত হনুমানে ভীমৰ পৰীক্ষা লৈছিল, ভীমৰ অহংকাৰ চূৰ্ণ কৰিছিল। আৰু কলিযুগতো যদি মানুহে ভক্তিৰে হনুমানৰ আশ্ৰয় গ্ৰহণ কৰে তেন্তে তুলসী দাসৰ দৰে হনুমান আৰু শ্ৰীৰামচন্দ্ৰৰ দৰ্শন পাবলৈ দেৰি নালাগে। কলিযুগত হনুমানে তেওঁৰ ভক্ত সকলক নিজৰ উপস্থিতিৰ অনুভৱ দিয়ে।
ষষ্ঠ ৰহস্য হৈছে হনুমান কত থাকে ? শ্ৰীমদ্ভাগৱতত উল্লেখ আছে যে কলিযুগত হনুমান গন্ধমাধন পৰ্বতত নিবাস কৰে। বৰ্তমান এই পৰ্বত হিমালয়ৰ কৈলাশ পৰ্বতৰ ওপৰত অৱস্থিত যত ঋষি, বিদ্যাধৰ, দেৱতা , গন্ধৰ্ব আদি নিবাস কৰে। এই পৰ্বত কুবেৰৰ ৰাজ্য আছিল আৰু বৰ্তমান সেই পৰ্বত তিব্বত এলেকাত।
সপ্তম ৰহস্য হৈছে, হনুমানৰ পুত্ৰৰ নাম আছিল মকৰধ্বজা। এই মকৰধ্বজাক ৰাবনে পাতালপুৰৰ ৰক্ষক নিযুক্ত কৰিছিল। কিন্তু পবনপুত্ৰ যদিহে ব্ৰহ্মচাৰী আছিল পুত্ৰ কেনেকৈ সম্ভৱ, সেয়া হৈছে মকৰধ্বজা হনুমানৰ দেহৰ ঘামৰ পৰা সৃষ্ট। হনুমানৰ দৰে মকৰধ্বজা আছিল বীৰ, পৰাক্ৰমী আৰু শক্তিশালী ।
অষ্টম ৰহস্য হৈছে পৃথিৱীত সৰ্বপ্ৰথম বিভীষণে হনুমানৰ সান্নিধ্যলৈ আহি হনুমানক পূজা কৰিছিল।
নৱম ৰহস্য হৈছে অন্ধ্ৰপ্ৰদেশৰ খাম্মাম জিলাত এক মন্দিৰ আছে যত হনুমানৰ লগত হনুমানৰ পত্নীৰ মূৰ্তিও আছে। স্ত্ৰীৰ নাম আছিল সুৰবছলা। কিন্তু বিবাহ হোৱাৰ অৰ্থ এইটো নহয় যে তেওঁ ব্ৰহ্মচাৰী নাছিল, কোৱা হয় যে কোনো বিশেষ পৰিস্থিতিত কোনো সংকট দূৰ কৰিবলৈ হনুমানে বিবাহপাশত আবদ্ধ হৈছিল যি কথাৰ উল্লেখ পৰাশৰ সংহিতাত পোৱা যায়।
শেষ ৰহস্য হৈছে যে প্ৰত্যেক ৪১ বছৰৰ ব্যৱধানত এবাৰ হনুমানে শ্ৰীলংকাৰ জংঘলত প্ৰাচীন কালৰে পৰা বসবাস কৰা আদিবাসী সম্প্ৰদায়ৰ লোকৰ সৈতে দেখা কৰে।