মা মনসাক নাগ মাতা বুলা হয়।মা মনসা হৈছে সমস্ত সংসাৰৰ নাগৰ মাতা। মা মনসাৰ কৃপা পালে নাগৰ পৰা ভয় নেথাকে।
বহুতো পুৰাণত মা মনসাৰ বৰ্ণনা পোৱা যায়।বিষ্ণু পুৰাণৰ চতুর্থ খণ্ডত এক নাগ কন্যাৰ বৰ্ণনা আছে, যিয়ে আগলৈ মা মনসাৰ নাম প্ৰচলিত হল। ব্ৰহ্মা বৈভৱ পুৰাণৰ মতে এক নাগ কন্যা আছিল,সেই নাগ কন্যা’ই ভগৱান শিৱ আৰু ভগৱান শ্রী কৃষ্ণৰ ভক্ত আছিল।সেই নাগ কন্যাই বহু বছৰ কাল তপ কৰিছিল। আৰু ভগৱান শ্রী কৃষ্ণ আৰু ভগৱান শিৱৰ মন্ত্র জ্ঞান লাভ কৰিছিল।সেই মন্ত্রই আগলৈ গৈ কল্পতৰু মন্ত্র নাম পায়।
নসা দেৱী সাপৰ সৈতে পদুম ফুলত বহি থাকে। সাত নাগে তেওঁৰ ৰক্ষাৰ বাবে সদায়ে বিদ্যামান থাকে।বহু ছবিত তেওঁক এটি শিশুৰ লগত দেখা যায়।সেই শিশুটি দেৱীৰ পুত্র আস্তিক হয়
মহাভাৰতত উল্লেখ থকা অনুযায়ী যেতিয়া সমুদ্র মন্থন কৰোতে হলাহল নামৰ বিষ উলাইছিল তেতিয়া সেই বিষ মহাদেৱে পাণ কৰি সমস্ত সৃষ্টিৰ ৰক্ষা কৰিলে। কোৱা যায় যে দেৱী মনসাই মহাদেৱৰ কন্ঠৰ বিষখিনি ৰাখি দিছিল।আৰু তেতিয়া মহাদেৱ মা মনসাৰ ওপৰত সুখী হৈ বৰদান দিলে যে,পৃথিৱী থকালৈকে তোমাৰ পূজা অৰ্চনা চলি থাকিব।
জয় মা মনসা….