প্ৰজাপতি ব্ৰহ্মাৰ মানসপুত্ৰ নাৰদে ভগৱৎ জ্ঞানৰ সন্ধানত দেশ-দেশান্তৰ ভ্ৰমি ফুৰিছিল।সংসাৰ পথত এদিন নিৰ্দেশনা দিয়াৰ উদ্দেশ্যৰে শ্ৰীকৃষ্ণক সুধিলে যে মানুহে জীৱনৰ ভাল আৰু বেয়া সময়ৰ উমান কিদৰে পাব।নাৰদৰ প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই হাঁহি হাঁহি কলে যে সময় হৈছে সময় হৈছে জীৱন গঢ়াৰ সৰ্বোত্তম উপাদান।সকলো ভাল আৰু বেয়া সময়ৰ পূৰ্বাভাস কিছু সংকেতৰ দ্বাৰাই মানৱক পূৰ্বতে প্ৰদান কৰা হয়। জগতৰ স্ৰষ্টাজনে নিজ উজ্জীৱিত সংকেতসমূহ তলত দিয়া ধৰণত বিবৰি দাঙি ধৰিছিল।
শিশুক ভগৱান শ্ৰীকৃষ্ণৰ বাল্যৰূপ বিবেচিত কৰা হয় ।যদিহে কোনো লোকৰ গৃহত ওচৰ-চুবুৰীয়া বা অইন শিশু নিজমনেৰে গৃহলৈ আহি আনন্দমনে খেলা-ধূলা কৰিলে গৃহৰ বাবে শুভ প্ৰতীক ৰূপে গণ্য কৰা হয়।তদুপৰি নৰেৰ মধ্যে নাৰায়ণ অৰ্থাৎ শিশুৰ আগমনে গৃহলৈ নাৰায়নে নিজ বাট বুলাই আহিবলগীয়া দিনবোৰত গৃহবাসীয়ে শুভ বাৰ্তা লাভ কৰিব আৰু আৰ্থিক দিশত সুফল পাব বুলি গণ্য কৰা হয়।
দ্বিতীয় সংকেতৰূপে বাৰ বজাৰ পিছত অৰ্থাৎ দোভাগ ৰাতি দেৱ-দেৱীয়ে সপোনত দেখা দিয়া শুভসময়ৰ আগমন হব বুলি ধৰা হয়।উক্ত সময়খিনিক মংগলজনক বুলি ভবাৰ লগতে মহাজাগতিক সময় বুলিও বিবেচনা কৰা হয়।মহাজাগতিক সময়খিনিত দেখা সপোনবোৰ ব্ৰহ্মাৰ আশীৰ্বাদৰূপেহে লাভ কৰা বুলি শাস্ত্ৰত উল্লেখিত থকা দেখা যায়।যদিহে কালক্ৰমত তেনে সময়ত নিদ্ৰা ভংগ হয়,তেতিয়া পুনৰ নিদ্ৰাত যোৱাৰ পৰিবৰ্তে আৰাধ্য দেৱতাক আৰাধনা কৰিলে দুগুন শুভ ফল লাভ কৰিব পাৰি।দোভাগ ৰাতিৰ সপোনবোৰ জীৱনৰে জীৱনৰ বৈতৰণী সুকলমে পাৰ কৰাৰ চিনৰূপে দেখা দিয়ে বুলিও উল্লেখ কৰা হয়।
তৃতীয় সংকেতৰ দিশটো আমাৰ উপাৰ্জনৰ লগত জৰিয়তে প্ৰকাশ কৰা হয়।যেতিয়া ব্যয় আৰু আয়ৰ অনুপাত ২:১হয় অর্থাৎ অদৰকাৰী ব্যয় দিনকদিনে হ্ৰাস পোৱাৰ পৰিবৰ্তে আয় বৃদ্ধিৰ দিশ হঠাতে সেইয়া সু-সময় বুলি বিবেচনা কৰা হয়।আমাৰ জীৱনলৈ মা-লক্ষ্মীৰ আগমনে আমাৰ আৰ্থিক দিশক সন্তুলিত কৰি তোলে যাৰ ফলস্বৰূপে অদৰকাৰী খৰছ হ্ৰাস হয়।তাতোকৈ মন কৰিব লগা কথাটো হয় তেনে গৃহত মা-লক্ষ্মী সু-প্ৰসন্ন হৈ বাস কৰিবলৈ বিচাৰে।
চতুৰ্থতে মানসিক দিশৰ উন্নতিয়েও আমাৰ জীৱনত এক ব্যাপক প্ৰভাৱ পেলায়।কাৰণ অবিহনে মনটো ভাল লগা,হাঁহিবলৈ মন কৰা ,মনটো আনন্দময় হোৱা সকলোবোৰ দৈৱিক বুলি গণ্য কৰা হয়।যিহেতু কুকুৰ,শ্ৰীগাল সকলোৰে গৰ্ভত ভগৱান বসতি হয় সেয়েহে বিশেষ পৰিনাম অবিহনে মন উৎফুল্লিত হলে ঈশ্বৰৰ কৃপা বুলি ভবাৰ লগতে জীৱনলৈ শুভ সঙ্কেতৰ জোৱাৰ কঢ়িয়াই আনিব বুলি জনা যায়।
পঞ্চম সংকেত মৰ্মে গৃহত পশুৰ জন্ম হলে শুভ বুলি মনা হয়।অৰ্থাৎ মানৱ গৃহত কুকুৰ,মেকুৰীৰ সন্তান জন্ম হয় লগতে চৰাই চিৰিকটি আৰু পশু বিশেষকৈ গো-মাতাৰ বিচৰণ দেখা যায় তেন্তে সেইয়া পৰম ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত সুখৰ সংকেত বুলি কোৱা হয়।তদুপৰি ইয়াৰ দ্বাৰা পৰিয়ালৰ অৰ্থ আৰু স্বাস্থ্যৰ লগতে জড়িত দোষবোৰ আঁতৰ হয়।
ষষ্ঠ সংকেত ৰূপে শুভ কৰ্ম বাবে দৈনন্দিন কৰ্ম ক্ষেত্ৰৰ যাত্ৰা পথত কোনো পূজাৰী,মৌলবী, সাধু,ভকতৰ আদিৰ দৰে লোকৰ সান্নিধ্যত আশীৰ্বাদ প্ৰাপ্ত হলে সেইয়া শুভ বুলি ঠিক কৰা হয়।সাধু লোকৰ সান্নিধ্যৰ ফলত কৰ্মক্ষেত্ৰৰ জটিলতা আঁতৰ হোৱাৰ লগতে কৰ্মত শুভ হোৱা দেখা যায়।
টিভি বা চিনেমা আদিত সঘনে দেখিবলৈ পাওঁ যে পূজাৰ সন্ধিত থালৰ পৰা নিৰ্মালি তলত পৰি গৈছে বা মূৰ্তিটোৰ মুখত হাঁহি বিৰিঙি উঠা যেন অনুভৱ হয় তাক অতি উত্তম বুলি বিবেচনা কৰা হয়।
হেৰাই যোৱা সম্পদবোৰ ঘূৰাই পোৱা বা গৃহলৈ আপোনজনৰ আকস্মিক আগমনে গৃহলৈ শুভ বাৰ্তা দিয়ে বুলিও শাস্ত্ৰত উল্লেখিত হৈ আছে।
ওপৰত উল্লেখ কৰা সকলোবোৰক এক মাধ্যমৰূপে নিৰ্মিত কৰি ভগৱানে আমাৰ জীৱনলৈ সময়ে সময়ে শুভ সংবাদ প্ৰেৰণ কৰে।যদিহে কোনো কালে আমি এনে পৰিঘটনাৰ মুখামুখি হওঁ তেন্তে মনত ৰখা দৰকাৰ যে ভগৱানে আমাৰ সময়বোৰ সলনি কৰি এক ন-জীৱনৰ উদ্দেশ্য পণ
কৰিছে।