যিকোনো এখন দোকান বা ব্যৱসায়িক প্ৰতিস্থানৰ মালিক বা স্বত্ত্বাধীকাৰ সকলক দেখা যায় যে ৰাতিপুৱা – গধুলি ( বিশেষকৈ হিন্দু ধৰ্মৰ )এচুকত নিজ আৰাধ্য দেৱৰ লগতে শ্ৰী গণেশ আৰু লক্ষ্মীদেৱীৰ ফটো খনত ধূপ চাকি জ্বলাই প্ৰাৰ্থনা কৰে। বহুতে “শুভ-লাভ” আদি লিখে । আনহাতে হিচাৱবহী সমুহতো প্ৰথম পৃষ্ঠাত শ্ৰী শ্ৰী গণেশায়নমঃ আদি লিখে ।
সনাতন হিন্দু ধৰ্মীয় শাস্ত্ৰত ধৰ্ম ,কৰ্ম, পুজা- অৰ্চনাদিত মানৱৰ কল্যাণ আৰু বিঘিনি হৰণকৰ্তা শ্ৰী গণেশক সকলো দেৱতাতকৈ আগস্থান দিয়া হয় আৰু পাৰিৱাৰিক সুখ সম্পদ ,মান যশ, ধন ধানৰ বাবে লক্ষ্মীদেৱীক প্ৰায়বোৰ পৰিয়ালে হেপাহেৰে আৰাধনা কৰে ।
কথাতো হল- দোকানী বা ব্যৱসায়ী সকলে উপাসনাৰ বাবে গণেশ বা লক্ষ্মীদেৱীক বেচিকৈ প্ৰাধান্য দিয়াৰ মুল কাৰনটোলৈ আহোঁ ।
ব্যৱসায়ৰ মুল উদ্দেশ্যই হ’ল– উপাৰ্জন । গতিকে ব্যৱসায়িক সফলতা আৰু লাভালাভৰ বাবে নিজৰ ইষ্টদেৱৰ লগতে ধনৰ অধিস্থাত্ৰী লক্ষ্মীদেৱীক আৰাধনা কৰাতো স্বাভাৱিক কথা ।
পিছে যিমানেই স্তুতি আৰাধনা , প্ৰাৰ্থনা উপাসনা নকৰক ব্যৱসায়িক ৰীতি নীতি পদ্ধতি অৱিহনে যিকোনো পন্থাৰে সহজতে ধন উপাৰ্জন কৰাতো সকলোৰে বাবে সম্ভৱ নহয় ।
ধৰ্মীয় পৰম্পৰা অনুসৰি সকলো ধৰ্ম কৰ্মৰ সৰ্ব প্ৰথমে গণেশৰ উপাসনা যি কামনাৰেই নকৰক (কোনোবাই অন্য দেৱ দেৱীক নামানিবও পাৰে )
ব্যৱসায়িক বা সাধাৰন লোকৰ জীৱন ধাৰনৰ বাবে গণেশৰ চাৰিত্ৰিক তত্ত্বৰ মাধ্যমেৰে বুজাই দিয়া ব্যৱসায়িক বা সাধাৰন ব্যক্তিৰ জীৱনৰ কৰ্মৰ ৰীতি নীতি সমুহ পদ্ধতিগত ভাৱে অনুকৰন নকৰিলে সফল হোৱাতো অসম্ভৱ হৈ পৰে ।
গণেশৰ আংগিক চৰিত্ৰ তত্ত্ব আৰু ব্যৱসায়িক শিক্ষন পদ্ধতি :——
১। গণেশক যদি আমি এটা হাতীৰ লগত তুলনা কৰি চাওঁ সাধাৰন জীৱতকৈ হাতীৰ পেট আৰু মুৰ যথেস্থ ডাঙৰ । সেইমতে গণেশ বা হাতীৰ মুৰত জ্ঞান / বুদ্ধি বহুত বেচি থকা বুলি লোকবিস্বাস আছে ।
অৰ্থাত ব্যৱসায়ত সফল হবলৈ সকলো প্ৰকাৰ ব্যৱসায়িক জ্ঞান আহৰন তথা উপস্থিত বুদ্ধি বিবেক থকাতো বাঞ্ছনীয় ।
২। হাতীৰ চকু দেহৰ অবয়ৱৰ তুলনাত সৰু, নিম্নমুখী আৰু স্বভাৱত শান্ত আৰু নম্ৰ ।
অৰ্থাত , ব্যৱসায়িক দিশত মালিক বা স্বত্ত্বাধীকাৰজন নম্ৰ , ধৈৰ্যশীল আৰু শান্ত স্বভাৱৰ হোৱাতো অত্যন্ত প্ৰয়োজন ।
৩। হাতীৰ নাক অৰ্থাত সূৰদাল তুলনামুলক ভাৱে আন জীৱতকৈ দীঘল ,নমনীয় আৰু যেনি তেনি লৰচৰ কৰিব পৰা বিধৰ আৰু সুৰদাল প্ৰায়ে উৰ্ধমুখী কৰাই থাকে ।
— অৰ্থাত, এজন সফল ব্যৱসায়ী হবলৈ এক ঘেয়ামী নাইবা একে স্থিতিত নাথাকি সকলো দিশৰ ব্যৱসায়িক জ্ঞান , খা-খবৰ, সম্পৰ্ক বা যোগাযোগ আদি ৰখা আৰু নিজৰ তথা ঈশ্বৰৰ ওপৰত বিস্বাস ৰাখি উচ্চাকাঙ্খী হোৱাতো অতি আৱশ্যক ।
৪। মানুহ বা অন্য জীৱতকৈ হাতীৰ কাণৰ আকাৰ একোখন কূলা সদৃশ ডাঙৰ আৰু সঘণাই লৰচৰ কৰে ।
সামাজিক তথা ব্যৱসায়িক ক্ষেত্ৰত জীৱন বা ব্যৱসায়িক ক্ষেত্ৰত কূলাৰে পতান ধুলি মাকতি আদি জাৰি পেলোৱাৰ নিচিনাকৈ নলগা বা অলাগতিয়াল কথাত গুৰুত্ব নিদিয়াকৈ থকাতো বুধিয়কৰ কাম ।
“শুভ-লাভ”
অসমৰ লোকে এই শব্দ দুটা ব্যৱহাৰ কমকৈ কৰে যদিও বহিঃৰাজ্যৰ ব্যৱসাায়ী সকলে থাপনা , দুৱাৰদলীত বা ঘৰৰ বেৰত “শুভ-লাভ” লগত স্বস্তিক চিহ্ন আদি অকা দেখা যায় ।
ইয়াত স্বস্তিক পৰমেশ্বৰৰ প্ৰতীক চিহ্ন।
শুভ শব্দই নিজৰ লগতে জগতৰ সকলোৰে শুভ হোৱাৰ আকাঙ্খ্যা কৰা বুজায় আৰু
লাভ শব্দই ধনলাভ বা সকলো প্ৰকাৰ প্ৰাপ্তি বা লাভালাভৰ কামনা কৰা বুজায়
কেৱল ব্যৱসায়ীসকলেই নহয়
আমি সৰ্ব সাধাৰন ব্যক্তিসকলেও নিজ নিজ ইষ্টদেৱক চিন্তি “”শুভ লাভ “” অৰ্থাত নিজৰ লগতে জগতৰ সকলোৰে শুভ আৰু লাভৰ কামনা কৰা সদায়ে অন্তৰত ৰখাতো পৰম মঙ্গলময় ভাৱনা ।
তেনেকৈ (গণেশ বা লক্ষ্মীদেৱীৰ ভক্ত হওঁক বা নহওঁক) ওপৰত উল্লেখিত গণেশৰ চাৰিত্ৰিক গুণাৱলী সমুহ বাস্তৱিক জীৱনত অনুকৰন কৰি নিজে ধন্য আৰু সফল হোৱাৰ লগতে জগতৰো কল্যান সাধন কৰিব পাৰো ।
“” ঔম নমো সৰ্ব_বিঘ্নং_বিণাশায়
সৰ্ব কল্যাণ হেতৱে,
পাৰ্ব্বতী প্ৰিয়পুত্ৰায়ঃ
গণেশায় নমো নমঃ ।। “”
…..সকলোৰে বিঘিনী দুৰ হওঁক
আৰু সৱাৰো কল্যাণ কামনাৰে—
জয় শ্ৰী গণেশায় নম: