ভগৱানৰ ওচৰত চাকি জ্বলোৱাৰ-কিছুমান বিশেষ নিয়ম-
*হিন্দু ধৰ্মত চাকিৰ বিশেষ গুৰুত্ব আছে।চাকিক ইতিবাচকতাৰ প্ৰতীক বুলি গণ্য কৰা হয়।ৰাতিপুৱা আৰু সন্ধিয়া প্ৰতিখন ঘৰত ভগৱানৰ ওচৰত চাকি জ্বলোৱাৰ পৰম্পৰা আছে।বিশ্বাস কৰা হয় যে-চাকি জলাল ঘৰৰ পৰা নেতিবাচক শক্তি আঁতৰ হয় আৰু সুখেৰে ভৰি পৰে।
*বাস্তু শাস্ত্ৰৰ মতে-চাকি জ্বলোৱাৰ-কিছুমান বিশেষ নিয়ম আছে।যদি আপুনি এই নিয়মসমূহ মানি নচলে-তেন্তে আপুনি হয়তো জীৱনত নানন সমস্যাৰ সন্মুখীন হবলগীয়া হব।এই নিয়মসমূহ হৈছে-
১/যদি আপুনি তেলৰ চাকি জ্বলায়-তেন্তে-শলিতাডাল ৰঙা সূতাৰে তৈয়াৰ কৰিব লাগে।আনহাতে যদি আপুনি ঘিউৰ চাকি জ্বলায়-তেন্তে-আপুনি কপাহৰ শলিতা ব্যৱহাৰ কৰিব লাগে।
২/পশ্চিম দিশে-কেতিয়াও চাকি জ্বলাব নালাগে।ই ঘৰলৈ দৰিদ্ৰতা আনে আৰু ধন-সম্পত্তিৰ ক্ষতি কৰে।আনহাতে-সন্ধিয়া মূল গেটত চাকি জ্বলালে-মা লক্ষ্মী সন্তষ্ট হয়।
৩/দক্ষিণ দিশত চাকি জ্বলাই-আপুনি যম দেৱতা আৰু দেৱী লক্ষী-দুয়োকে সন্তষ্ট কৰিব পাৰে।কাৰণ-তেওঁলোক দুয়ো দক্ষিণ দিশত বাস কৰে।
৪/মনত ৰাখিব যে-ঘৰত চাকি জ্বলোৱাৰ সময়ত-সদায় ঈশ্বৰৰ মূৰ্তি সন্মুখত থাকিব লাগে।ইয়াৰ বাহিৰেও-যদি আপুনি তেলৰ চাকি জ্বলায়-তেন্তে সদায় আপোনাৰ সোঁফালে আৰু ঘিউৰ চাকি জ্বলালে-সদায় বাওঁফালে ৰাখিব লাগে।(সংগ্ৰহিত)।