গাড়ী দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত ঋষভ পণ্ট; ক’ত ক’ত আঘাত পালে ?
টীম ইণ্ডিয়াৰ উইকেট কীপাৰ বেটছমেন ঋষভ পণ্টৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। দিল্লীৰ পৰা ৰুৰকীলৈ গৈ আছিল পণ্ট। ঋষভৰ গাড়ীখন ৰেলিঙৰ সৈতে খুন্দা মৰাৰ পিছতে অগ্নিকাণ্ড সংঘটিত হয়। ভৰি আৰু কপালত অধিক আঘাত পাইছে পণ্টে। সংকটজনক অৱস্থাত তেওঁক দিল্লীলৈ প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য যে আঘাতৰ বাবে ঋষভ পন্তক টিম ইণ্ডিয়াই বিৰতি দিছিল। পণ্ট দিল্লীৰ পৰা ঘৰলৈ উভতি আহিছিল। ৰুৰকীৰ হাম্মাদপুৰ ঝাল পোৱাৰ লগে লগে গাড়ীখনে তাতেই দুৰ্ঘটনাৰ সন্মুখীন হয়। খবৰ অনুসৰি তেওঁক সংকটজনক অৱস্থাত দিল্লীলৈ প্ৰেৰণ কৰা হৈছে। পণ্টৰ কপাল, পিঠি আৰু ভৰিৰ আঘাত অতি গুৰুত্বৰ। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ।
মন কৰিবলগীয়া যে পথ দুৰ্ঘটনাত ঋষভ পণ্টৰ সোঁ ভৰিৰ লিগামেণ্ট ভাঙি যায়। তাৰোপৰি মূৰত আঘাত পাইছে। গাড়ীখনত অগ্নিকাণ্ডৰ বাবে পিঠিতো জ্বলা-পোৰাৰ চিন দেখা গৈছে। সম্পূৰ্ণ শৰীৰৰ এম আৰ আইৰ পিছত সকলো আঘাতৰ সবিশেষ প্ৰকাশ পাব।