ওদালগুৰি পানেৰীত আদিবাসী উগ্ৰপন্থী সংগঠন ‘আনলা’ৰ অস্ত্ৰ সম্বৰণ

1 min read

আদিবাসী জনগোষ্ঠীটোৰ পৰা হাবি-জংঘললৈ ওলাই গৈ জন্ম লোৱা বিভিন্ন অস্ত্ৰধাৰী উগ্ৰপন্থীয়ে ইতিমধ্যে মূল সুঁতিলৈ উভতি আহি যোৱা ১৫ চেপ্তেম্বৰ ২০২২ তাৰিখে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৫ টাকৈ উগ্ৰপন্থী সংগঠনৰ সৈতে আদিবাসী শান্তি চুক্তি স্বাক্ষৰিত হয় | এই সংগঠন সমূহৰ ভিতৰত আছিল সদৌ আদিবাসী লিবাৰেস্যন আৰ্মী(আনলা), আদিবাসী পিপলচ আৰ্মী (আপা) , বিৰছা কামাণ্ড ফৰ্চ (বিচেফ), আদিবাসী কোব্ৰা মিলিটেৰী(আত্মা), আৰু চাওতাল টাইগাৰ্চ ফৰ্চ চমুকৈ (এছ টি এফ) | সংগঠন সমূহৰ সৈতে চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে উক্ত সংগঠন সমূহৰ হাতত মজুত থকা বিভিন্ন অস্ত্ৰ-হস্ত্ৰ সমূহ পৰ্য্যায় ক্ৰমে চৰকাৰৰ ওচৰত সম্বৰণ কৰি আহিছে |

সেয়ে, আজি ওদালগুৰি জিলাৰ পানেৰী চাহ বাগিচাত ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিপ্ৰসাদ পেগু আৰু পানেৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়া সঞ্জীৱ তেৰাংৰ উপস্থিতিত আদিবাসী শান্তি চুক্তি স্বাক্ষৰিত যুদ্ধ বিৰতিত থকা ‘আনলা’ ৰ ওদালগুৰি আৰু বাক্সা জিলাৰ কেডাৰ সমূহে তেওঁলোকৰ হাতত মজুত থকা অস্ত্ৰ-হস্ত্ৰ সমূহ আৰক্ষীৰ হাতত সম্বৰণ কৰে | অস্ত্ৰ-হস্ত্ৰ সমূহৰ ভিতৰত আছিল হেণ্ড গ্ৰেণেড, ৰাইফলচ, কাৰ্টিজ,মাইঞ্চ ইত্যাদি | উক্ত অস্ত্ৰ-হস্ত্ৰ সম্বৰণ অনুষ্ঠানত উপস্থিত থাকে ‘আনলা’ৰ সেনা প্ৰধান দিপেন নায়ক, চীফ অফ কামাণ্ডান্ট পিটৰ দান্ডী, লগতে জিলা কামান্ডাৰ,এচিন্টেন্ট কামাণ্ডাৰ আৰু কেডাৰ সকল উপস্থিত থাকে | নৱ প্ৰজন্মৰ যুৱক-যুৱতী সকলক বিপথে পৰিচালিত হৈ নিজ দেশৰ সৈনিক বা প্ৰশাসনৰ বিৰুদ্ধে গৈ সংগ্ৰাম নকৰিবলৈ অনুৰোধ জনায় আনলা’ৰ সেনা প্ৰধান দ্বিপেন নায়কে |

You May Also Like

More From Author