সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা’ৰ ভিতৰচৰাত সৃষ্টি হোৱা বিভিন্ন অৰাজকতাৰ পাছতো দুদিনীয়া বৰ্ণাধ্য কাৰ্যসুচীৰে ওদালগুৰি জিলাৰ হাতীগড় হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা হয় আছা’ৰ অষ্টম ত্ৰি-বাৰ্ষিক ওদালগুৰি জিলা অধিৱেশন | সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগৰ উপস্থিতিতিত জিলা অধিৱেশনত ওদালগুৰি জিলা সমিতিৰ পুৰণা সমিতি ভংগ কৰি বাবুল পাইকক সভাপতি আনহাতে শিৱলাল পানিকাক সম্পাদকৰ পদত দায়িত্ব অৰ্পণ কৰি গঠন কৰা হয় নতুন সমিতিখন | উক্ত জিলা অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকে ধৰি অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি লক্ষ্মীধৰ তান্তীৰ লগতে আছাৰ বিষয়ববীয়া সকল |
বৃহত্তৰ আদিবাসী জনগোষ্ঠীয় লোকসকলৰ বিভিন্ন সমস্যাৱলী সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে, আদিবাসী জনগোষ্ঠীটোৰ কল্যাণৰ হকে মই কাম কৰি আছো লগতে বিটিআৰত বসবাস কৰা আদিবাসী জনগোষ্ঠীৰ লোকসকলে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিৰ অধিকাৰ পাব | এইক্ষেত্ৰত কোনো জনজাতিৰ ওপৰত প্ৰভাৱ নপৰে বুলি কয় | ইয়াৰোপৰি জনজাতি ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষভাৱে একলব্য আদৰ্শ আৱাসিক বিদ্যালয় নিৰ্মাণ কৰা হব বুলি মন্তব্য আগবঢ়াই | লগতে কয় যে ফেব্ৰুৱাৰীত ওদালগুৰিৰ পানেৰীত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ কেবিনেট বৈঠক | ইয়াৰোপৰি ভালে কেইটা ঘোষণা কৰে তাৰে ভিতৰত মংগলদৈ-ভূটিয়াচাং পথৰ পুনৰ নিৰ্মান, টংলাত এখন ২০০ বিচনাযুক্ত অসামৰিক চিকিৎসালয় নিৰ্মাণ হ’ব বুলি কয় |