দৰ্শকে মোবাইল, মানিবেগ, লাঠি নথকা ফ্লেগহে ষ্টেডিয়ামৰ ভিতৰলৈ নিব পাৰিব

1 min read

গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অহা ১০ জানুৱাৰীত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ । ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ এদিনীয়া মেচখনৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছে অসম ক্ৰিকেট সন্থাই ।

এই কথা আজি সংবাদমেলযোগে সদৰী কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে । সংবাদমেলত তেওঁ কয় যে, খেলখনৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি হৈছে । তদুপৰি, বিশ্বকাপৰ খেল অনুষ্ঠিত কৰাৰ বাবেও সম্পূৰ্ণভাৱে প্ৰস্তুত অসম ক্ৰিকেট সন্থা তথা বৰ্ষাপাৰা ষ্টেডিয়াম । তেওঁ কয় যে, ভাৰত-শ্ৰীলংকাৰ মাজত অনুষ্ঠিতব্য মেচখন সুকলমে হৈ যোৱাৰ কামনাৰে শনিবাৰে কামাখ্যাত প্ৰাৰ্থনা কৰা হৈছে । শুকুৰবাৰ আৰু শনিবাৰৰ ভিতৰত দুয়োটা দল আহি গুৱাহাটী পাবহি বুলিও তেওঁ প্ৰকাশ কৰে ।ইতিমধ্যে মেচখনৰ বাবে নিৰ্ধাৰিত টিকটৰ ১৫-১৬ হাজাৰ বিক্ৰী হৈছে বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে । আনহাতে, বাহিৰত বিক্ৰীৰ বাবে পঠিওৱা ১০ হাজাৰ টিকটৰ ভিতৰত ৭ হাজাৰ টিকট বিক্ৰী হৈছে । উল্লেখ্য, আগন্তুক এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ বাবে বৰ্যাপাৰাৰ এই মেচখন এখন প্ৰস্তুতি মেচ হিচাপে তেওঁ অভিহিত কৰে । অহা ১০ জানুৱাৰীত দিনৰ ডেৰ বজাৰ পৰা মেচখন আৰম্ভ হ’ব ।

আনহাতে, সংবাদমেলত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই কয় যে মেচৰ বাবে আনুষংগিক সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে ।দৰ্শকে মোবাইল, মানিবেগ, লাঠি নথকা ফ্লেগহে ষ্টেডিয়ামৰ ভিতৰলৈ নিব পাৰিব বুলি তেওঁ জনায় । এবাৰ প্ৰৱেশ কৰাৰ পিছত দর্শকে মেচ সমাপ্ত হোৱাৰ পিছতহে ষ্টেডিয়ামৰ ভিতৰৰ পৰা ওলাব পাৰিব । উল্লেখ্য, ষ্টেডিয়ামৰ ভিতৰত খোৱাবস্তুৰ অত্যধিক মূল্য ল’লে তেনে কোম্পানীসমূহক ব্লেকলিষ্টেড কৰা হ’ব বুলিও তেওঁ জনায় । আনহাতে, সংবাদমেলত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে মেচখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু আছে ।

 

ষ্টেডিয়ামৰ সাতখন গে’টৰ নক্সা দিয়া থাকিব প্ৰৱেশদ্বাৰত । তিনি ঘণ্টাৰ আগতে প্ৰৱেশদ্বাৰ খোলা হ’ব । উল্লেখ্য, অহা ৯ তাৰিখে আগবেলা আৰু পিছবেলা দুয়োটা দলে বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন কৰিব । শনিবাৰে তিনিজন খেলুৱৈ আহি গুৱাহাটীত উপস্থিত হৈছে । দুয়োটা দলৰ খেলুৱৈসকলৰ থকাৰ ব্যৱস্থা কৰা হৈছে ৰেডিছন ব্লু হোটেলত । কেৱল অনুমতি-পত্ৰ থকা বিষয়ববীয়া আৰু প্ৰশাসনৰ লোকৰ বাহিৰে কোনো দর্শকক হোটেললৈ যাবলৈ দিয়া নহ’ব ।আনহাতে, জৰুৰীকালীন অৱস্থাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে।

ইয়াৰ উপৰি মেচখনৰ দিনটোত যান-বাহনৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা জাৰি কৰা হৈছে । ১০ জানুৱাৰীত ৰাষ্ট্ৰীয় ঘাইপথত পুৱা ৭.৩০ ৰ পৰা নিশা ১১.৩০ বজালৈ গধুৰ যান-বাহন চলোৱাত বাধা আৰোপ থাকিব । লখৰা চাৰিআলিৰ পৰা চাইকেল ফেক্টৰীলৈ one way হ’ব । নিৰ্দিষ্ট পাৰ্কিঙতহে খেল চাবলৈ অহা লোকে বাহন পাৰ্কিং কৰিব লাগিব ।উল্লেখ্য, সংবাদমেলত বিচিচিআইৰ যুটীয়া সচিব দেৱজিত লন শইকীয়া, এচিএৰ সম্পাদক তৰংগ গগৈ, আৰক্ষী আয়ুক্ত দিগন্ত বৰা, উপায়ুক্ত পল্লৱ গোপাল ঝা, গুৱাহাটী মহানগৰ যান-বাহন আৰক্ষী শাখাৰ ডিচিপি হিৰণ্য কুমাৰ বৰ্মনো উপস্থিত থাকে ।

 

You May Also Like

More From Author