মানুহৰ যৌৱন, ৰূপ লাৱন্য নিৰ্ভৰ কৰে বয়সৰ লগত৷ বয়স বাঢ়ি আহিলে স্বাভাৱিকতেই সলনি হয় মানুহৰ যৌৱন, ৰূপ লাৱন্য৷ বয়সৰ ওপৰত যৌৱন, ৰূপ লাৱন্য নিৰ্ভৰ কৰে যদিও কিছুমান নিয়ম মানি চলিলে তাক কিছু পৰিমাণে নিয়ন্ত্ৰনত ৰাখিব পাৰি৷ কিন্তু বহুতেই এনেধৰণৰ নিয়ম মানি নচলে৷ ফলত কম বয়সতে বহুতৰ ৰূপ লাৱন্য ম্লান পৰে৷ নিজৰ ৰূপ লাৱন্য ধৰি ৰাখিবলৈ আমি কিছু কথা জনাটো অতি প্ৰয়োজন৷
চিনেমা জগতৰ নায়ক-নায়িকাই নিজৰ সৌন্দৰ্য ধৰি ৰাখিবলৈ প্ৰতিনিয়ত পৰিচৰ্যা কৰে৷ বহুতৰ চেহেৰা সুশ্ৰী নহয় যদিও নিয়মিত পৰিচৰ্যাৰ কাৰণে দেখিবলৈ সুশ্ৰী হয়৷ তেওঁলোকে অভিনয় ভাল কৰিবলৈ চেষ্টা কৰাৰ উপৰি নিজৰ ৰূপ-লাৱন্য ধৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰে৷ হাঁহিলে সুন্দৰ দেখাবলৈ অভিনেতা-অভিনেত্ৰীয়ে ওঠৰ যত্ন, চাৱনি সুন্দৰ কৰিবলৈ চকুৰ যত্ন লয়৷
◾বহুতৰ চকুৰ তলত অসংখ্য ৰেখা, গালত ক’লা ক’লা দাগ পৰে৷ বহু চেষ্টা কৰিও আঁতৰাব পৰা নাই এইবোৰ দাগ৷ এনে সমস্যা হ’লে প্ৰথমে ৰ’দত ওলোৱাটো বন্ধ কৰি দিয়ক৷ নিতৌ একেবিধ ফল খোৱাটো বন্ধ কৰক৷ নিতৌ সলনি কৰি ফল গ্ৰহণ কৰাৰ ফলত আপোনাৰ ত্বক সজীৱ হৈ থাকিব৷
◾নিতৌ দুপৰীয়াৰ আহাৰ বা নিশাৰ আহাৰত এটা হ’লেও বিলাহী খাওক৷ কাৰণ বিলাহীত থকা এণ্টি অক্সিডেণ্টে সূৰ্যৰ ৰশ্মিৰ পৰা ত্বকক সুৰক্ষা দিয়ে৷
◾নিতৌ বাদাম খোৱাৰ অভ্যাস কৰক৷ বাদামত থকা সৰহ পৰিমাণৰ তেলে ত্বক মসৃন কৰাৰ লগতে ত্বকক ভিতৰৰ পৰা উজ্বল কৰে৷
◾নেমুৰ ৰস আৰু নেমুৰ বাকলি মানৱ দেহৰ বাবে অতি উপকাৰী৷ নিতৌ নেমু খালে ত্বকৰ উজ্জ্বলতা বৃদ্ধি পায়৷ নেমুৰ ৰসৰ সৈতে দহ চামুচ গাখীৰ মিহলি কৰি মুখত মালিচ কৰিলে দহ মিনিটৰ ভিতৰত সুফল পোৱা যায়৷
◾ত্বক সুন্দৰ কৰি ৰাখিবলৈ ধুমপান-মদ্যপান পৰিহাৰ কৰক৷ ধুমপান-মদ্যপান আৰু অনিদ্ৰাই মানুহৰ ৰূপ-লাৱন্যত বিৰূপ প্ৰভাৱ পেলায়৷ অপ্ৰয়োজনীয় চিন্তা বাদ দি মন প্ৰফুল্ল কৰি ৰাখিবলৈ চেষ্টা কৰক৷ ত্বক সুন্দৰ হৈ থাকিলে অফিচ কাচাৰীত যেনেকৈ কামৰ গতি বাঢ়ে পৰিয়ালৰ সদস্যৰ মাজতো মৰম বাঢ়ে৷
ত্বকৰ সৌন্দৰ্য ঠিকে ৰাখিবলৈ প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ লওঁক৷