কণী খাই ভাল নোপোৱা মানুহ হয়তো বহুত কমেই আছে৷ কিন্তু এই লৈ সদায় বিতর্ক চলি আহিছে, হাঁহৰ নে মুর্গীৰ কণী বেছি পুষ্টিকৰ৷ পুষ্টিৰ মূল্যাংকন কৰিলে দুয়োৰে পুষ্টিগুণ প্ৰায় একেই৷ অৱশ্যে হাঁহৰ কণীৰ পুষ্টিৰ পৰিমাণ সামান্য বেছি৷ ১০০ গ্ৰাম হাঁহৰ কণীত ১৮১ কিলোকেলৰি শক্তি থাকে৷ ইয়াৰ বিপৰীতে ১০০ গ্ৰাম মুর্গীৰ কণীত ১৭৩ কিলেকেলৰি শক্তি থাকে৷ ১০০ গ্ৰাম হাঁহৰ কণীত প্ৰোটিনৰ পৰিমাণ ১৩.৫ গ্ৰাম৷ মুর্গীৰ ১০০ গ্ৰামত প্ৰোটিন থাকে ১৩.৩ গ্ৰাম৷ ১০০ গ্ৰাম হাঁহৰ কণীত ১৩.৭ গ্ৰাম চর্বি থকাৰ বিপৰীতে মুর্গীৰ কণীত ১৩.৩ গ্ৰাম চর্বি থাকে৷ ১০০ গ্ৰাম হাঁহৰ কণীত কেলচিয়াম ৭০ মিঃগ্ৰাম, আইৰন ৩ মিঃগ্ৰাম, ভিটামিন ২৬৯ মাইক্ৰ’গ্ৰাম৷ মুর্গীৰ কণীৰ বেলিকা কেলচিয়াম ৬০ মিঃগ্ৰাম, আইৰন ২.১ মিঃগ্ৰাম, ভিটামিন ২৯৯ মাইক্ৰ’গ্ৰাম৷
হাঁহৰ নে মুর্গীৰ কণী স্বাস্থ্যৰ পক্ষে উপকাৰী ?
Posted on by GTM Desk
1 min read