পুৰুষৰ দৰে মহিলা নাগা সাধুসকলো উলংগ হৈ থাকে নেকি? পঢ়ক সৱিশেষ…

1 min read

কামাখ্যা ধামৰ অম্বুবাচী মেলাৰ সময়ত আমি প্ৰায়ে শুনা এটা শব্দ হৈছে নাগা সাধু। অম্বুবাচী মেলাৰ সময়ত সকলোৰে প্ৰায়ে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয় নাগা সাধুসকল। কিন্তু আপুনি জানেনে পুৰুষৰ দৰে নাৰী নাগা সাধুও আছে, যিয়ে নিজৰ সমগ্ৰ জীৱন ঈশ্বৰৰ ওচৰত উৎসৰ্গা কৰে।

মহিলা নাগা সাধুক প্ৰায়ে কেৱল কুম্ভ স্নান বা তেনে কোনো বিশেষ অনুষ্ঠানত হে দেখা পোৱা যায়, তাৰ পিছত তেওঁলোকৰ পৃথিৱীখন সম্পূৰ্ণ বেলেগ হৈ পৰে। তেওঁৰ ৰহস্যময় জীৱনৰ বাবে মানুহে প্ৰায়ে তেওঁৰ বিষয়ে বিশেষ একো নাজানে। নাৰী নাগা সাধুৰ জীৱন ইমান সহজ নহয়। কঠোৰ তপস্যা আৰু অবিৰতভাৱে ঈশ্বৰৰ আৰাধনা কৰিবলগীয়া হয়।

নাগা সাধু হোৱাৰ প্ৰক্ৰিয়াটোঃ

পুৰুষৰ দৰে মহিলাসকলেও নাগা সাধু হ’বলৈ কঠিন পৰীক্ষাৰ মাজেৰে পাৰ হ’বলগীয়া হয়। ইয়াৰ নিয়মবোৰ অতি কঠোৰ। নাগা সাধু হ’বলৈ মহিলাৰ পৰীক্ষাৰ পৰ্যায় বহু বছৰ ধৰি চলি থাকে। নাগা সাধু হ’বলৈ হ’লে ১০ৰ পৰা ১৫ বছৰলৈকে কঠিন ব্ৰহ্মচাৰ্য জীৱন অনুসৰণ কৰিব লাগে। তেওঁ নিজৰ গুৰুজনক পতিয়ন নিয়াব লাগিব যে এতিয়া তেওঁৰ জীৱন সম্পূৰ্ণৰূপে ভগৱানৰ ওচৰত সমৰ্পিত হৈছে। ইয়াৰ পিছত তেওঁ নিজেই জীৱিত অৱস্থাত নিজৰ শৰীৰ দান কৰে। তেওঁৰ গোটেই দিনটো ঈশ্বৰ ভক্তিত মগ্ন হৈ পাৰ হয়। নাগা সাধু হৈ থকাৰ সময়তে মহিলাসকলে মুন্দন কৰিব লগা হয়, তাৰ পিছত পবিত্ৰ নদীত সম্পূৰ্ণ ৰীতি-নীতিৰে গা স্নান কৰি নগা সাধু কৰা হয়।

নাগা সাধুসকল উলংগ হৈ থাকে নেকি?

নাৰী নাগা সাধুৰ ৰাতিপুৱা আৰম্ভ হয় ঈশ্বৰৰ পূজাৰে। সকলো সাধুয়ে তেওঁলোকক মাতৃ বুলি সম্বোধন কৰে। তেওঁৰ ৰেংক অতি উচ্চ। নগা সাধু দুই প্ৰকাৰৰ, কাপোৰ পিন্ধা আৰু দিগম্বৰ অৰ্থাৎ উলংগ। এনে পৰিস্থিতিত মহিলা নাগা সাধুসকলো উলংগ হৈ থাকে নে নাই, তেন্তে উত্তৰটো হ’ল নহয়। নাৰী নাগা সাধু উলংগ হৈ নাথাকে। তেওঁলোকে গাত কেশৰ ৰঙৰ কাপোৰ পিন্ধিব লাগে, কিন্তু এই কাপোৰখন চিলাই কৰিব নালাগে। এই কাপোৰৰ নাম গন্তি। ইয়াৰ লগতে তেওঁলোকৰ কপালত তিলক লগোৱাটো অতি প্ৰয়োজনীয়।

You May Also Like

More From Author