নতুন বছৰৰ আৰম্ভণিতে এটা ইতিবাচক খবৰে উৎফুল্লিত কৰি তুলিছে নাজিৰাবাসীক।

1 min read

নতুন বছৰৰ আৰম্ভণিতে এটা ইতিবাচক খবৰে উৎফুল্লিত কৰি তুলিছে নাজিৰাবাসীক।

নাজিৰাৰ আমোলাপট্টিৰ সীমান্ত দাস আৰু বৰ্ণালী দাসৰ কন্যা পয়োনিধি দাসে অনুৰ্দ্ধ ১৫ মহিলা ক্ৰিকেটৰ অসম দলত উপ – অধিনায়ক তথা উইকেটকীপাৰ হিচাপে নিৰ্বাচিত হৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নাজিৰালৈ ৷ নাজিৰা ক্ৰিকেট একাডেমিত সৰুৰে পৰা অনুশীলন কৰি পাছত গুৱাহাটীত প্ৰশিক্ষণ গ্ৰহণ কৰা পয়োনিধি অসম দলত নিৰ্বাচিত হোৱা প্ৰথম খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাত স্বাভাবিকতে উৎফুল্লিত হৈ পৰিছে খেলুৱৈ গৰাকীৰ লগতে নাজিৰাবাসী ৷নাজিৰা ক্ৰিকেট একাডেমিৰ লগতে নাজিৰাৰ দল সংগঠনে পয়োনিধিয়ে উন্নত খেল প্ৰদৰ্শন কৰি নাজিৰাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত অভিনন্দন জনাইছে ৷ ভৱিষ্যতে ভাৰত মহিলা ক্ৰিকেট দলৰ হৈ খেলাৰ সপোন পুহি ৰাখিছে বুলি ব্যক্ত কৰে পয়োনিধি দাসে।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

You May Also Like

More From Author