মহানগৰীত পুনৰ নাবালিকাক বলাৎকাৰৰ ঘটনা ৷ উৰুকাৰ আনন্দ উছাহৰ মাজতে নিশা বৰ্ষাপাৰাত তিনি যুৱকে এগৰাকী নাবালিকাক উপৰ্যুপুৰি বলাৎকাৰৰ অভিযোগ উদ্থাপিত হৈছে ৷
উল্লেখ্য যে ধৰ্ষণকাৰী যুৱক তিনিজনে বলাৎকাৰৰ সমগ্ৰ দৃশ্য বন্দী কৰি ৰাখে ম’বাইলত । আনহাতে যুৱক কেইজনে ধৰ্ষণৰ কথা সদৰি কৰিলে ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিয়ে ভুক্তভোগী নাবালিকা গৰাকীক ৷ইতিমধ্যে ভুক্তভোগী কিশোৰী গৰাকীয়ে পৰিয়ালৰ সহযোগত মহানগৰীৰ পানবজাৰ মহিলা আৰক্ষী থানাত ৰুজু কৰে গোচৰ।
এই গোচৰ ভিত্তিত পানবজাৰ মহিলা আৰক্ষীয়ে দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও আন এজন পলাতক হৈ আছে ৷
আৰক্ষীয়ে যুৱকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷