কণীৰ বাকলিত লাগি থকা বিষ্ঠাই সৃষ্টি কৰিব পাৰে চালমোনেলা

1 min read

সকলো খাদ্যৰে অতিমাত্ৰাই ক্ষতিকাৰক৷ অনিয়ন্ত্ৰিতভাৱে কণী গ্ৰহণ কৰিলে হ’ব ডিচলিপিডেমিয়া, মেদবহুলতা, সন্তানহীনতা, ভৰিৰ বিষ আদি বিকাৰ৷কিছুমান শিশু বা প্ৰাপ্তবয়স্কৰো হাঁহৰ নাইবা কুকুৰাৰ কণীৰ এলাৰ্জি, বদহজমী আদি দেখা যায়- তেনে লোকে সেইবিধ পৰিহাৰ কৰি চলাই মংগলজনক। এতিয়া চালমোনেলা বেক্টেৰিয়াৰ অপকাৰিতাৰ বিষয়ে দুআষাৰ কৈছো৷

চালমোনেলা এন্টাৰাইটিডিচ বেক্টেৰিয়াৰ স্বাভাৱিক বসতিস্থল হ’ল সকলো চৰাইৰে পাক প্ৰণালী৷চৰাইৰ কণীৰ ভিতৰত এইবিধ বেক্টেৰিয়া থাকে৷ কণী ফ্ৰিজত নথলে উষ্ণ বতৰত কণীৰ ভিতৰত বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি হ’বলৈ ধৰে৷ কিন্তু সিজালে বেক্টেৰিয়া সমুলঞ্চে নষ্ট হয় আৰু কণী খোৱাৰ বাবে এশ শতাংশ নিৰাপদ হৈ পৰে৷চালমোনেলা এন্টাৰাইটিডিচত আক্ৰান্ত হ’লে ৰোগীৰ হাগনি, জ্বৰ, বমি আৰু পেটৰ বিষ হয়৷ ৰোগীৰ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া অৱস্থা হয়৷ শিশু আৰু বৃদ্ধলোকৰ ক্ষেত্ৰত ৰোগৰ লক্ষণ সাধাৰণতে গুৰুতৰ হৈ দেখা দিয়ে।

কণী কেনেকৈ চালমোনেলাৰ দ্বাৰা প্ৰদূষিত হয়?

প্ৰথমতে চৰাইজনীৰ (হাঁহ বা কুকুৰা) বিষ্ঠা যদি কণীৰ খোলাত লাগে৷ কণীৰ খোলাত কেনেবাকৈ ফাঁক থাকিলে বেক্টেৰিয়াই কণীৰ ভিতৰত প্ৰৱেশ কৰাৰ সম্ভাৱনা আৰু বৃদ্ধি পায়৷ আকৌ তেনে দূষিত কণী স্পৰ্শ কৰা হাতেৰে খাদ্য পৰিবেশন কৰিলে মানুহৰ শৰীৰত চালমোনেলাৰ প্ৰৱেশ ঘটে৷ দ্বিতীয়তে বিজ্ঞানীসকলৰ এটা কথাত দ্বিমত নাই যে চৰাইৰ পেটত কণীৰ খোলাটো সৃষ্টি হোৱাৰ আগতেই চালমোনেলাই কণীৰ অন্তৰ্ভাগত থিতাপি ল’ব পাৰে৷ গতিকেই মানুহে কেঁচা বা আধা সিজা কণী ভক্ষণ কৰিব নালাগে৷

আজিকালি আমাৰ বহুতৰ দৈনন্দিন ব্যৱহাৰৰ খাদ্য তালিকাত কণী থাকেই৷ বহুতে পুৱাটো আৰম্ভ কৰে কণীৰে৷ শীতকালত কণীৰ উত্তাপে ঠাণ্ডাৰ অনুভৱ কমকৈ হ’বলৈ দিয়ে৷ গতিকে জাৰকালি দিনে ২-৩টা কণী খোৱাটো ভাল বুলি ভাবে। বহুতে এবাৰত কেইটা কণী ভক্ষণ কৰিব পাৰে তাৰ বাজী মাৰে৷

সৰু ল’ৰা-ছোৱালীক বহু অভিভাৱকে স্বাস্থ্যৰ উন্নতি হওক বুলি চলে-কৌশলে কণী খুৱায়৷ কিন্তু কিমান পৰিমাণত কণী শৰীৰৰ বাবে লাগতিয়াল সেই বিষয়ে অজ্ঞ৷ বলপূৰ্বক বেছিকৈ কণী খুওৱাৰ ফলত কম বয়সতে তেজত কলেষ্টৰল বঢ়াৰ উদাহৰণ দেখা যায়৷ আৰু বহুত কথাই হয়তো লিখিবলৈ থাকি গ’ল, তথাপিও এই লিখনিটোৰ উদ্দেশ্য পাঠকক কণীৰ বিষয়ে এক সম্যক আভাষ দিয়াৰ প্ৰয়াস৷

You May Also Like

More From Author