সকলোৱে তেওঁলোকৰ মনোভাৱ সতেজ কৰিবলৈ গান শুনে। বহুলোকে শুই থাকোতেও গান শুনি থাকে। যদি কোনোবাই সদায়ে এনে কৰি আছে, তেন্তে তেওঁ সাৱধান হোৱাটো উচিত। কিয়নো শেহতীয়াকৈ এক গৱেষণাই প্ৰকাশ কৰিছে যে, শোৱাৰ আগতে গান শুনি টোপনি যোৱা লোকসকলৰ বহুটো সমস্যা হ’ব পাৰে। প্ৰকৃততে, শুই থাকোঁতে, মগজুত সংগীতৰ প্ৰক্ৰিয়া অব্যাহত থাকে আনকি গান শুনা বন্ধ কৰাৰ পিছতো ই একেদৰে থাকে।প্ৰতিবেদন অনুসৰি, গৱেষণাৰ ফলাফল ‘মনস্তাত্ত্বিক বিজ্ঞান’ আলোচনীত প্ৰকাশিত হৈছে।
প্ৰকৃততে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাইলোৰ বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান আৰু স্নায়ুবিজ্ঞানৰ সহযোগী অধ্যাপক মাইকেল স্কুলিনে টোপনিৰ ওপৰত গৱেষণা কৰিছে। সংগীতে টোপনিৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলাব পাৰে জানিবলৈ তেওঁ গৱেষণা কৰিছে। তেওঁ কৈছে যে, “এদিন ৰাতি মই টোপনিৰ পৰা হঠাতে ৰাতি সাৰ পাইছিলোঁ, তাৰ পিছত মোৰ মগজুত একেই সংগীতৰ সুৰ বাজি আছিল, যিটো মই শোৱাৰ আগতে শুনি আছিলোঁ। ইয়াৰ পিছতহে মই এই বিষয়ৰ ওপৰত গৱেষণা কৰাৰ সিদ্ধান্ত লওঁ।
অধ্যাপক স্কুলিনে লগতে কৈছে যে, “সকলোৱে জানে যে সংগীত শুনিলে এক ভাল অনুভূতি লাভ কৰিব পাৰি। বৰ্তমান সময়ত যুৱক-যুৱতীসকলে শোৱাৰ আগতে নিয়মীয়াকৈ সংগীত শুনে, কিন্তু কেতিয়াবা এনে হয় যে শুবলৈ চেষ্টা কৰাৰ সময়তো, মগজুত সংগীত বাজি থাকে। ইয়াৰ বাবে টোপনি কম হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
স্কুলিনে শেষত কয় যে, “শুই থাকোঁতে, মানুহৰ মগজুত সংগীতৰ প্ৰক্ৰিয়া অব্যাহত থাকে আনকি সংগীত বন্ধ কৰাৰ পিছতো ই একেদৰেই থাকে। মই এটা পৰীক্ষণৰ আধাৰত এই সিদ্ধান্তত উপনীত হৈছোঁ। এই অধ্যয়নটোত ৫০ জন লোকক অন্তৰ্ভুক্ত কৰা হয়। এই সময়ছোৱাত, মই শোৱাৰ আগতে তেওঁলোকক বিভিন্ন প্ৰকাৰৰ সংগীত শুনিবলৈ দিওঁ আৰু টোপনিৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰোঁ। সেই সময়চোৱাত এই ফলাফলটো সন্মুখলৈ আহে যে যিসকলে অধিক সংগীত শুনিছে, তেওঁলোকৰ টোপনি ভালদৰে হোৱা নাই। কিয়নো, নিৰ্দিষ্ট সময়ত সংগীত শুনাটো গুৰুত্বপূৰ্ণ, সেয়েহে শোৱাৰ আগতে সংগীত শুনাৰ পৰা বিৰত থকাই উচিত।”
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত|