শ্বাসনলী পৰিষ্কাৰ কৰি ৰাখক এইদৰে

1 min read

দিনে দিনে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে৷ বায়ু প্ৰদূষণে মানুহৰ স্বাস্থ্যত মাৰাত্মক প্ৰভাৱ পেলায়৷ প্ৰদূষণৰ ফলত হাপানীৰ সমস্যা বৃদ্ধি পোৱাৰ লগতে শ্বাসকষ্টজনিত ৰোগৰ আশংকা বাঢ়ে৷ সেইবাবেই শ্বাসনলী তথা হাওঁফাওঁ ভালে ৰখাটো অত্যন্ত প্ৰয়োজনীয়৷ কিছুমান দ্ৰব্যৰে প্ৰদূষণৰ পৰা হোৱা ক্ষতিৰ পৰা নিজকে আঁতৰাই ৰাখিব পৰা যায়৷ শ্বাসনলী পৰিষ্কাৰ কৰি ৰখাৰ বাবে চিকিৎসকে এণ্টি অক্সিডেণ্টযুক্ত খাদ্য খোৱাৰ পৰামৰ্শ দিয়ে৷ এনে খাদ্য গ্ৰহণ কৰিলে হাওঁফাওঁ নিৰাপদে ৰাখিব পাৰি৷ উল্লেখ কৰা হ’ল কোনবোৰ খাদ্যই শ্বাসনলী পৰিষ্কাৰ ৰাখে–

◾আদাঃ সহজতে উপলব্ধ আদাৰ আছে প্ৰচুৰ পৰিমাণে ঔষধি গুণ৷ বিভিন্নধৰণৰ ৰোগ প্ৰতিৰোধত আদাই সহায় কৰে৷ আদা নিয়মীয়াকৈ খালে শ্বাসনলীত ৰৈ যোৱা বিষাক্ত পদাৰ্থ নাইকিয়া হয়৷ আদাত মেগনেছিয়াম, পটাছিয়াম, বিটাকেৰ’টিন আৰু জিংকৰ লগতে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে৷ আদাত থকা এই পুষ্টিকৰ উপাদানসমূহে শ্বাসনলীত হ’ব পৰা সংক্ৰমণ ৰোধ কৰাৰ লগতে বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে৷

◾হালধিঃ শ্বাসকষ্টজনিত অসুস্থতাত ভুগিলে হালধি খাব লাগে৷ হালধি খালে হাওঁফাওঁ প্ৰাকৃতিকভাৱে পৰিষ্কাৰ হয়৷ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত কেঁচা হালধিৰ ৰসে প্ৰচুৰ সহায় কৰে৷

◾মৌঃ শ্বাসকষ্টৰ সমস্যাত ভুগিলে এণ্টি বেক্টেৰিয়েল উপাদানেৰে পৰিপূৰ্ণ মৌ খালে তাৎক্ষণিকভাৱে উপকাৰ পাব পাৰি৷ হাওঁফাওঁ পৰিষ্কাৰ কৰাৰ লগতে কাহ-চৰ্দি আদিত ভুগিলেও মৌৰ ৰস সেৱন কৰি সুফল পাব পাৰি৷

◾নহৰুঃ নহৰুত থাকে বহু এণ্টিবায়’টিক উপাদান৷ যাৰ বাবে বিভিন্ন সংক্ৰমণ ৰোধ কৰাত নহৰুৱে সহায় কৰে৷ শ্বাসকষ্টজনিত সমস্যাত ভুগিলে কেঁচা নহৰু খালেও নিৰাময় পোৱা যায়৷ হাওঁফাওঁৰ কেন্সাৰজনিত আশংকাও নহৰুৱে নাইকিয়া কৰে৷

◾গ্ৰীণ টিঃ হাওঁফাওঁ তথা শ্বাসনলী পৰিষ্কাৰ কৰি ৰখাত গ্ৰীণ টি অতি উত্তম৷ গ্ৰীণ টি নিয়মীয়াকৈ খালে ওজন নিয়ন্ত্ৰণত থকাৰ উপৰি শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷

You May Also Like

More From Author