বদহজমৰ সমস্যাৰ কাৰণ আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায়

1 min read

চিকিৎসকৰ ওচৰলৈ যিবোৰ সমস্যা লৈ প্রায়ে ৰোগী যায়, সেইবোৰৰ ভিতৰত অন্যতম এটি হৈছে হজমজনিত সমস্যা। খাদ্য ঠিকমতে হজম নহ’লে ইয়াৰ প্রভাৱ সম্পূৰ্ণ শৰীৰত পৰে। আমাৰ পাকস্থলীৰ গাত সূক্ষ্ম এখন ঝিল্লি বা আৱৰণ আছে। পাকস্থলীক ক্ষতিকাৰক বীজাণু আৰু খাদ্যৰ এচিডৰ পৰা ই বচায়।

কোনো কাৰণত এই পৰ্দা ক্ষতিগ্রস্ত হ’লে এচিডৰ সংস্পর্শত তাত এক প্ৰকাৰৰ জ্বলা-পোৰা হয়য়। এয়াই হ’ল বদহজমৰ প্রচলিত লক্ষণ। কিছু শাৰীৰিক সমস্যাৰ কাৰণেও বুকু জ্বলা-পোৰা আৰু বদহজম হ’ব পাৰে। বদহজমৰ এটি অন্যতম ডাঙৰ কাৰণ হ’ল ফাংশ্বনেল ডিছপেপচিয়া।

ইয়াৰ পৰা বাচিবলৈ সকলোৰে আগতে আমাৰ হজম প্রক্রিয়াটোক সঠিক ৰাখিব লাগে। ইয়াৰ বাবে বাদ দিব লাগিব কেতবোৰ অভ্যাস।

এলকহল আৰু ধূমপান :

বদভ্যাসৰ তালিকাত এই দুটা সকলোতকৈ ওপৰত। এলকহল আৰু চিগাৰেটৰ ধোঁৱা- দুয়োটাই আমাৰ ডাইজেষ্টিভ মিউকাছ নষ্ট কৰে। হজমৰ সমস্যাত ভুগি থাকিলে এলকহল আৰু ধূমপান কম কৰা উচিত।

খোৱাত অনিয়মীয়া : গৱেষকসকলে কয়, আমি কম পৰিমাণত মুঠ পাঁচ বাৰ খোৱা উচিত। কম কমকৈ পাঁচ বেলা খাদ্য খোৱা উচিত। একেবাৰে বেছিকৈ খালেও হজমত সমস্যাই দেখা দিব।

মানসিক চাপ :

মনৰ সৈতে পেটৰ খুব বেছি দূৰত্ব নাই। কোনো মানুহ যদি মানসিক চাপত ভুগি থাকে তাৰ ফলত পাকস্থলীত গেস্ট্রিক ৰসৰ নিঃসৰণো বাঢ়ি থাকে। সেয়ে যিসকলে বদহজমৰ সমস্যাত ভুগিছে তেওঁলোকে সদায় আনন্দত থকাৰ চেষ্টা কৰক। ইয়াৰ ফলত সমস্যা বহুখিনি লাঘৱ হ’ব।

খোৱাৰ লগে লগে পানী খোৱা : খাদ্য খাই উঠাৰ পিছতে পানী খোৱাৰ অভ্যাসটোও এৰিব লাগিব। কাৰণ খোৱাৰ পিছে পিছে পাকস্থলীত হজম ৰসৰ নিঃসৰণ ঘটে। বেছি পৰিমাণে পানী গ’লে উক্ত ৰস পানীৰ লগত মিহলি হৈ কার্যকাৰিতা হেৰুৱায়। যাৰ ফলত বুকুত জ্বলা-পোৰা আৰু এচিডিটিৰ অনুভূতিয়ে দেখা দিয়ে।

নানা ৰকমৰ খাদ্য আৰু কম চোবোৱা :

পাতত বিভিন্ন উপাদান নাথাকিলে যিসকলৰ মন নভৰে আৰু কম চোবোৱাৰ অভ্যাস আছে তেওঁলোকো বদহজমৰ সমস্যাত ভুগিব পাৰে। বদ হজমৰ সমস্যা এৰাবলৈ ফল খোৱাৰ উপযুক্ত সময় হ’ল পুৱাৰ জলপানৰ পিছত বা বিয়লিৰ অলপ আগতে। বহুতৰেই খৰখেদা কৰি খোৱাৰ অভ্যাস আছে। ভালদৰে চোবাই নাখালে পাকস্থলীৰ ওপৰত সেইবোৰে চাপ বঢ়ায়। লগতে খোৱাৰ সময়ত কথা কোৱা বা অন্য কামত ব্যস্ত থকাৰ অভ্যাসটোও বাদ দিয়ক।

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত

You May Also Like

More From Author