যিকোনো বস্তু খোৱাৰ আগতে সেই বস্তুটো ধুই খোৱাটো এটা ভাল অভ্যাস। ফল-মূল হওক বা যিকোনো শাক-পাচলিয়ে হওক, আমি এই সকলোবোৰ বস্তু খোৱাৰ আগতে ধুই লওঁ, যাতে ইয়াৰ ওপৰত থকা বীজাণুবোৰ আমাৰ পেটত প্ৰৱেশ নকৰে। আমাৰ পাকঘৰত চাগে এনেকুৱা একো নাই যিটো মায়ে আমাক ৰন্ধা-বঢ়াৰ আগতে ভালদৰে ধুই লোৱা নাই। ফল-মূলৰ পৰা আৰম্ভ কৰি দালিলৈকে – তেওঁ ব্যৱহাৰৰ আগতে সকলো ধুই লয়। কিন্তু যদি আপুনি এজন আমিষভোজী আৰু আপুনি প্ৰায়ে ঘৰতে কুকুৰা ৰান্ধি খায়, তেন্তে এই লেখাটো কেৱল আপোনাৰ বাবেহে।
কেঁচা কুকুৰা ৰন্ধাৰ আগতে ধুলে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। আমেৰিকান চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল (চিডিচি)ৰ মতে, কেঁচা কুকুৰা ধুলে স্বাস্থ্যজনিত কিছু গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। চেন্নাইৰ এম জি এম হেল্থকেয়াৰৰ মুখ্য খাদ্য বিশেষজ্ঞ এন.এন. বিজয়শ্ৰীয়ে বুজাইছে, কেঁচা কুকুৰা ৰন্ধা আগতে ধুলে কুকুৰাত উপস্থিত কেম্পাইলবেক্টেৰ জেজুনি, ছালমনেলা, ক্লষ্ট্ৰিডিয়াম পাৰফ্ৰিঞ্জেন্স আৰু ষ্টেফাইলোক’কাছ অৰেয়াছৰ দৰে বেক্টেৰিয়াৰ পৰা খাদ্য বিষক্ৰিয়াৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। চিডিচিৰ ৱেবছাইট অনুসৰি যেতিয়া আপুনি কুকুৰা ধুই থাকে তেতিয়া এই বেক্টেৰিয়া থকা মাংসৰ ৰস সমগ্ৰ পাকঘৰত বিয়পিব পাৰে আৰু অন্যান্য খাদ্য, বাচন-বৰ্তন দূষিত কৰিব পাৰে।
কেনেকৈ কৰিব কুকুৰা চাফা ?
কুকুৰা ৰন্ধাৰ পৰা ওলোৱা তাপ ক্ষতিকাৰক বেক্টেৰিয়াক নিধন কৰিবলৈ যথেষ্ট। কিন্তু যদি আপুনি এতিয়াও একমত নহয়, তেন্তে কেঁচা কুকুৰা পৰিষ্কাৰ কৰিবলৈ নিমখ, ভিনেগাৰ বা নেমু ব্যৱহাৰ কৰিব পাৰে। আধা কাটি লোৱা নেমুৰে কুকুৰাৰ পৃষ্ঠভাগ ঘঁহি লওক। কুকুৰাটোৰ ওপৰত নিমখ ঘহিও ফ্ৰীজৰ ভিতৰত পৰিষ্কাৰ বাচনত ঢাকি এঘণ্টা ধৰি ৰাখিব পাৰে। ইয়াৰ লগতে প্ৰাকৃতিক এন্টিবায়টিক গুণ থকা হালধীৰ দৰে পৰম্পৰাগত ভাৰতীয় মছলা ব্যৱহাৰ কৰিলেও বেক্টেৰিয়া নিধন হয়। আচলতে বিশেষজ্ঞই কেঁচা কুকুৰা ফ্ৰীজত ৰখাৰ পৰামৰ্শ দিয়ে, কাৰণ ই পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাত সহায় কৰিব পাৰে।