শীতকালত টনচিলাইটিছ ৰোগত আক্ৰান্ত হ’লে ঘৰতে কেনেকৈ সকাহ পাব?

1 min read

বহুতে শীতকালত টনচিলৰ সমস্যাত ভুগি থাকে। আইচক্ৰীম, ঠাণ্ডা পানীয় খালে মূলতঃ এই সমস্যা বৃদ্ধি পায়। গিলিলে বিষ, কথা কোৱাত অসুবিধা, ডিঙিৰ বিষ- এইবোৰ টনচিলাইটিছৰ অতি সাধাৰণ লক্ষণ। টনচিলৰ বিষ কম কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। অৱশ্যে সদায় হাততেই চিকিৎসক পোৱা নাযায়। সকলো সময়তে ডাক্তৰৰ ওচৰলৈ যাবলৈ সময় নাই। গতিকে বহু সময়ত ঘৰুৱা ক্ষেত্ৰতো বিশ্বাস কৰিবলগীয়া হয়।

নিমখীয়া পানী

গৰম পানীত নিমখ মিহলাই ভাপ খালে এই সমস্যা বহুত দূৰ হয়। বা গাৰ্গল কৰিব পাৰে। নিমখ মিহলাই গৰম পানীৰে গাৰ্গল কৰিলে বীজাণু আঁতৰি যায়। ফলত ডিঙিৰ বিষো বহু পৰিমাণে কমি যায়।

হালধিৰ লগত মিহলি কৰা গাখীৰ

টনচিলাইটিছ কমোৱাৰ বাবে অতি ফলপ্ৰসূ পানীয় হʼল হালধিৰ লগত মিহলি কৰা গাখীৰ। ডিঙিৰ বিষ হʼলে কোনো ধৰণৰ কঠিন খাদ্য একেবাৰে খাব নোৱাৰে। এই সময়ত গৰম গাখীৰ খালে ডিঙিত সকাহ পাব। কিন্তু কেৱল গাখীৰ খোৱাৰ পৰিৱৰ্তে ইয়াত হালধি মিহলাই দিব পাৰি। ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণে যিকোনো বীজাণুৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

নেমু আৰু মৌ

এই দুটা পদাৰ্থৰ সংমিশ্ৰণে ওজন হ্ৰাস কৰাত ফলপ্ৰসূ। কিন্তু চৰ্বি হ্ৰাস কৰাৰ উপৰি টনচিলৰ বিষ কমোৱাতো নেমু আৰু মৌ সমানে উপকাৰী। এগিলাচ গৰম পানীত গোটা নেমুৰ ৰস, এচামুচ মৌ আৰু এচিকুট নিমখ মিহলাই লওক। এই মিশ্ৰণ দিনটোত তিনিৰ পৰা চাৰিবাৰকৈ খাব লাগে। ডিঙিৰ বিষ বা টনচিলৰ বিষ বহুখিনি কমিব।
গ্ৰীণ টি আৰু মৌ

আধা চামুচ গ্ৰীণ টি আৰু এচামুচ মৌ একাপ পানীত মিহলাই দহ মিনিট উতলাব। এই চাহ দিনে তিনি-চাৰিবাৰ খাব লাগে। গ্ৰীণ টিত থকা এন্টিঅক্সিডেন্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। লগতে বীজাণুৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। মৌৰ এন্টিবেক্টেৰিয়েল গুণে যিকোনো প্ৰদাহ আৰু সংক্ৰমণৰ পৰা সকাহ দিয়ে।

You May Also Like

More From Author