মহাভাৰতত বিদুৰে এই ৩টা লক্ষণৰ কথা উল্লেখ কৰিছে।
যাৰ মাজত এই ৩ টা লক্ষণ দেখা যায়,তেনে ব্যক্তিৰ ওপৰত মহাদেৱৰ আশীৰ্বাদ সদায়ে থাকে। সেই ব্যক্তিজনক কোনেও একো কৰিব নোৱাঁৰে।
তলত সেই বিশেষ লক্ষণ তিনিটা উল্লেখ কৰা হল।
মহাদেৱৰ কৃপা প্ৰাপ্ত ব্যক্তিয়ে সাধাৰণ জীৱন যাপন কৰি ভালপাই। এনে ব্যক্তি দেখাতকৈ গুণ বেলেগ হয়৷ এনে ব্যক্তিয়ে আনৰ ওচৰত গৌৰৱ নকৰে। ভুলটো আনক কঠোৰ কথা নকয়। আৰু কেতিয়াও কাকো জানিবুজি অপমান নকৰে।
মহাদেৱৰ কৃপা প্ৰাপ্ত ব্যক্তি পশু প্ৰেমী হয়। কেতিয়াও নিৰপৰাধী, নিৰ্দোষী, অমাত জীৱ জন্তুৰ ওপৰত অত্যাচাৰ নচলায়। মহাত্মা বিদুৰে কৈছিল যে, যি ব্যক্তিৰ, বিপুল ধন সম্পত্তি, জ্ঞান, ঐশ্বৰ্য্যা, লক্ষ্মী আদি লাভ কৰে, তাৰপাছত অহংকাৰ নকৰে, সদায়ে সকলোৰে লগতে বিনম্ৰতাৰে ব্যৱহাৰ কৰে, তেনে ব্যক্তিৰ ওপৰত মহাদেৱৰ কৃপা সদায়ে থাকে।
যিয়ে পৰক উপকাৰ কৰে, আনক সহায় কৰাত ততপৰ থাকে, কেৱল আনক আনন্দ দিয়াৰ উদ্দেশ্যেৰে থাকে, সমৃদ্ধিত গৌৰৱ নকৰি আনক উপকাৰ কৰে, যি ব্যক্তি অধিক বলৱান হোৱাৰ পাচটো ক্ষমতাহীন ভাবে থাকে, বলহীন সকলৰ ওপৰত অত্যাচাৰ নচলায়, কেতিয়াও নিজৰ বলৰ ওপৰত গৌৰৱ নকৰে। এনে ব্যক্তি মহাদেৱৰ প্ৰিয় হয়। আৰু যি ব্যক্তিৰ নিজৰ একো নাথাকিলেও সহনশীল হয়। নিজৰ ধন টকা পইচা নাথাকিলেও, আনক ধন দিয়া বাবে ততপৰ হয়, সদায়ে আনক সহায় কৰাৰ বাবে আগ্ৰহী থাকে, তেনে ব্যক্তিৰ ওপৰত মহাদেৱৰ কৃপা সদায়ে থাকে।
আৰু যি ব্যক্তি দুৰ্লভ বস্তু পোৱা ইচ্ছা নাৰাখে, যিকোনো বস্তু অধিক পোৱা আশা নাৰাখে, নানান বাধা আহিলেও ভাগৰি নপৰে, ভয় আদিক অতিক্রম কৰিব পাৰে, সেই ব্যক্তিৰ ওপৰত মহাদেৱৰ কৃপা সদায়ে থাকে।