১২০ গৰাকী মহিলাক ধৰ্ষণ কৰি বনালে অশ্লীল ভিডিঅ’; অৱশেষত তান্ত্ৰিক ‘জেলেবী বাবা’ গ্ৰেপ্তাৰ

1 min read

হাৰিয়ানাৰ ফতেহাবাদ জিলাৰ টোহানাৰ বাবা বালাকনাথ মন্দিৰৰ পুৰোহিত অমৰপুৰী ওৰফে জেলেবী বাবা ওৰফে বিল্লুক আদালতে দোষী সাব্যস্ত কৰিছে। দুদিন পিছত আদালতে জালেবী বাবাক শাস্তি প্ৰদান কৰিব। উল্লেখ্য যে জেলেবী বাবাৰ বিৰুদ্ধে ১২০ গৰাকী ভিন্ন মহিলাক ধৰ্ষণ কৰাৰ লগতে অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। আৰক্ষীৰ অভিযানত ১২০ গৰাকী মহিলাৰ সৈতে সম্পৰ্ক স্থাপনৰ ভিডিঅ’ উদ্ধাৰ হৈছে। ভুক্তভোগী মহিলাসকলৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় বাবা অমৰপুৰীক। তান্ত্ৰিক হোৱাৰ আগতে অমৰপুৰীয়ে টোহানাৰ ৰেলপথত জেলেপীৰ দোকান দিছিল। যাৰ বাবেই তেওঁ জেলেবী ৱালা বাবা নামো পালে। জেলেবী বাবাৰ নামত এই গোচৰটো দেশ তথা ৰাজ্যত যথেষ্ট চৰ্চা হৈছিল।

*কেনেদৰে তেওঁ নাৰীক নিজৰ জালত ফান্দত পেলাইছিল?

বিল্লু বৰ চতুৰ আছিল। তেওঁ নাৰীক প্ৰথমে নানা কথা কৈ তেওঁলোকক ভূতে আৱৰি ধৰা বুলি কয়। তাৰপাছত ভূতৰ ভয় দেখুৱাই তাৰ পৰা মুক্তি দিয়াৰ ব্যৱস্থা কৰিম বুলি মহিলাসকলক পতিয়ন নিয়ায়। আৰু মহিলাসকলেও ভয়তে তেওঁৰ কথা বিশ্বাস কৰি শুনিছিল আৰু ভূতৰ পৰা মুক্তি পোৱাৰ আশাত জেলেবী বাবাৰ তান্ত্ৰিক কামৰ অংশ হ’বলৈ আৰম্ভ কৰিছিল। অভিযোগ অনুসৰি বাবাই তন্ত্ৰ বিদ্যাৰ সময়ত মহিলাসকলক ড্ৰাগছ দিছিল, যাৰ বাবে মহিলাসকল অজ্ঞান হৈ পৰিছিল। ইয়াৰ পিছত বিল্লুৱে তেওঁলোকক ধৰ্ষণ কৰি ভিডিঅ’ বনাই মহিলাসকলক ব্লেকমেইল কৰি তেওঁলোকৰ পৰা বিপুল পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল। কেৱল এয়াই নহয়, ভিডিঅ’ৰ নামত নাৰীক ভাবুকি দি বলপূৰ্বকভাৱে সময়ে সময়ে পুনৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল।

*আৰক্ষীয়ে লাভ কৰিছিল ১২০টা ভিডিঅ’:

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল জেলেবী বাবাৰ এটা ভিডিঅ’, য’ত তেওঁ মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। জেলেবী বাবাক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে খুদ আৰক্ষী অধিক্ষকে। আৰক্ষীয়ে বিল্লুক গ্ৰেপ্তাৰ কৰি ধৰ্ষণ, আই টি এক্ট, ব্লেকমেইলিংকে ধৰি আন বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰে। অমৰপুৰীৰ পৰা আৰক্ষীয়ে ১২০টা ভিডিঅ’ লাভ কৰিছিল, য’ত তেওঁক মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক ৰখা দেখা গৈছিল। ইয়াৰ লগতে পুৰোহিতৰ কোঠাৰ পৰা মাদক বড়ি আৰু তন্ত্ৰ-মন্ত্ৰ সামগ্ৰীও উদ্ধাৰ কৰা হয়।

*জেলেবি দোকানৰ মালিক কেনেকৈ হৈ পৰিল তান্ত্ৰিক?

জেলেবী বাবাৰ প্ৰকৃত নাম অমৰবীৰ। ২০ বছৰ পূৰ্বে পঞ্জাৱৰ মানছাৰ পৰা টোহানালৈ আহিছিল। ইয়াৰ পিছতে অমৰপুৰী ওৰফে বিল্লুৱে এখন জেলেবী দোকান স্থাপন কৰে। এই সময়তে অমৰপুৰীৰ পত্নীৰ মৃত্যু হয়। ইয়াৰ পিছত অভিযুক্তই তান্ত্ৰিক ক্ৰিয়া শিকিবলৈ পঞ্জাৱলৈ যায় আৰু তাৰ পিছত দুবছৰৰ মূৰত টোহানালৈ উভতি আহে। ইয়াৰ পিছত তেওঁ নাৰীক নিজৰ ফান্দত আবদ্ধ কৰি ধৰ্ষণ কৰি অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰা আৰম্ভ কৰে।

You May Also Like

More From Author