বিশ্ব স্বাস্থ্য সংস্থাই উজবেকিস্তানত ভাৰতীয় কফচিৰাপ খাই ১৯টা শিশুৰ মৃত্যুৰ পাছত এই কফচিৰাপৰ ব্যৱহাৰৰ বিষয়ে সকীয়াই দিছে। যাৰ পাছতে WHO কৈছে যে নয়ডা ভিত্তিক কোম্পানী মেৰিয়ান বায়’টেকৰ দ্বাৰা নিৰ্মিত দুটা কফ চিৰাপ ব্যৱহাৰ কৰা উচিত নহয়।
উজবেকিস্তান চৰকাৰে শিশুৰ মৃত্যুৰ বাবে নয়ডাস্থিত মেৰিয়ান বায়’টেকৰ কফ চিৰাপ ‘ডক-১ মেক্স’ক দোষাৰোপ কৰে। খবৰ অনুসৰি এতিয়ালৈকে মেৰিয়ান বায়’টেকে এই সামগ্ৰীসমূহৰ সুৰক্ষা আৰু মানদণ্ডৰ ওপৰত বিশ্ব স্বাস্থ্য সংস্থাৰ নিশ্চয়তা প্ৰদান কৰা নাই।
গম্বিয়াতো হৈছিল অনুৰুপ ঘটনা
ইথিলিন গ্লাইকলৰ উপস্থিতি doc -1 max syrup ত দেখুওৱা হৈছে। ইয়াতো একেটা বিপজ্জনক ৰাসায়নিক পদাৰ্থ আছে যিবোৰ গাম্বিয়াত মৃত্যুৰ কাৰণ আছিল। ২০২২ চনৰ অক্টোবৰ মাহত আফ্ৰিকান দেশ গাম্বিয়াত ভাৰতত নিৰ্মিত কফ চিৰাপৰ দ্বাৰা ৬০ জনতকৈ অধিক শিশুক মৃত্যু হোৱা বুলি দাবী কৰা হৈছিল।
ভাৰততো এই চিৰাপ বিক্ৰী হৈ আছে নেকি?
নয়ডাৰ ড্ৰাগছ নিৰ্মাতা কোম্পানীৰ কফচিৰাপৰ বাবেই উজবেকিস্তানত ১৯টা শিশুৰ মৃত্যু হোৱা বুলি দাবী কৰাৰ পিছতে ভাৰত চৰকাৰে তদন্ত কৰি আছে। চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেচন (চিডিএছচিঅ’)ৰ সূত্ৰই কৈছিল যে এই বিশেষ চিৰাপ এই মুহূৰ্তত ভাৰতীয় বজাৰত বিক্ৰী কৰা হোৱা নাই।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনছুখ মাণ্ডাভিয়াই কয় যে ইউ পি ড্ৰাগ কণ্ট্ৰ’লাৰ আৰু কেন্দ্ৰীয় ড্ৰাগছ মানদণ্ড নিয়ন্ত্ৰণ সংস্থাই (চি ডি এছ চি অ’) তদন্ত আৰম্ভ কৰিছে। চণ্ডীগড়লৈ চিৰাপৰ নমুনা প্ৰেৰণ কৰা হৈছে ৷