চিকিৎসকৰ পৰামৰ্শ অবিহনে ডায়েবেটিছ ৰোগীয়ে গ্ৰহণ কৰিছে ঔষধ

0 min read

আজিকালি ডায়েবেটিছ ৰোগীৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। আধুনিক জীৱন যাপনৰ নামত যিমানেই শৰীৰটোৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে সিমানেই এই ৰোগবিধে গা কৰি উঠিবলৈ সুযোগ পাইছে।

ৰোগ প্ৰতিৰোধৰ বাবে আমি কিছুমান ক্ষেত্ৰত সদায় গুৰুত্ব প্ৰদান কৰা উচিত। আমি দৈনন্দিন খাদ্য তালিকাত কেনেধৰণৰ খাদ্য সম্ভাৰ অন্তৰ্ভুক্ত কৰিছো সেই কথাত সদায় গুৰুত্ব প্ৰদান কৰিব লাগে।
কেৱল পেট ভৰিলেই সেই খাদ্য ভাল বুলি ক’ব নোৱাৰি। ভাল খাদ্য মানেই সুষম আহাৰকে বুজা যায়। আজিকালি প্ৰায়ভাগ লোকে সময়ৰ অজুহাতত খাদ্যৰ পৰিৱৰ্তে শৰীৰৰ বাবে অপকাৰী খাদ্যহে গ্রহণ কৰে। বিশেষকৈ ফাষ্টফুড, জাংক ফুড আদি বেছিকৈ খোৱাৰ ফলত বিভিন্ন সমস্যাই গা কৰি উঠে।

এই সমস্যাসমূহৰ ভিতৰত ডায়েবেটিছ অন্যতম। সেইবাবে আমি সৰুৰে পৰা খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সতৰ্ক হ’বই লাগিব ৷ চিকিৎসকৰ পৰামৰ্শ অবিহনে যিকোনো ঔষধ সেৱন কৰা অনুচিত। আজিকালি বজাৰত এনে কিছু ঔষধ কেৱল বিজ্ঞাপনৰ জৰিয়তে উপলব্ধ কৰা হৈছে, যিবোৰ দৰাচলতে শৰীৰৰ বাবে ক্ষতিকাৰক।

এইবোৰৰ কিছু ঔষধ বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা বুলি প্ৰমাণ কৰাতো বিক্রেতাসকলৰ বাবেও প্রত্যাহ্বান। তৎসত্ত্বেও কেৱল বিজ্ঞাপনৰ জৰিয়তে মানুহৰ মাজত এনেদৰে প্ৰচাৰ চলাই যে সেইবোৰ ঔষধ খালেই আক্রান্তজনে ডায়েবেটিছৰ পৰা মুক্তি পাব।

মনত ৰাখিব যে ডায়েবেটিছ নিয়ন্ত্রণহে কৰিব পাৰি, ইয়াৰ পৰা সম্পূৰ্ণৰূপে উপশম লাভ কৰাতো অসম্ভৱ। ডায়েবেটিছত আক্রান্তই সুস্থ জীৱন যাপন আৰু সুষম আহাৰ গ্ৰহণৰ জৰিয়তে দীৰ্ঘায়ু লাভ কৰিব পাৰে। তাৰ অৰ্থ এইটো নহয় যে তেওঁ ৰোগবিধৰ পৰা সম্পূৰ্ণৰূপে উপশম লাভ কৰিছে।

আমি কিছুমান ৰোগ নিয়ন্ত্ৰণ কৰি দৈনন্দিন কার্য সম্পাদন কৰাৰ লগতে স্বাভাৱিক জীৱন যাপন কৰিব পাৰো। এই কথা ভালদৰে উপলব্ধি কৰিহে জীৱনৰ গতিপথ আগুৱাই নিব লাগে।

You May Also Like

More From Author