নাহং প্ৰকাশঃ সৰ্বস্য যোগমায়াসমাদৃতঃ ৷
মূঢ়োহয়ং নাভিজানাতি লোকো মামজমব্যয়ম্ ৷৷
অৰ্থাৎ, বুদ্ধিহীন আৰু মূৰ্খবোৰৰ আগত মই কেতিয়াও আত্মপ্ৰকাশ নকৰো;সিহতৰ বাবে মই মোৰ অন্তৰঙ্গা শক্তি যোগমায়াৰ দ্বাৰা আবৃত হৈ থাকোঁ ৷ সেইবাবেই মই যে জন্মহীন আৰু অব্যয়, মোৰ মায়াৰ প্ৰভাৱত বিমোহিত হৈ থকা জগতবাসীয়ে সেই কথা বুজিব নোৱাৰে ৷
যেতিয়াই আমি গৰ্বভাৱ ত্যাগ কৰি মই মোৰ বুলি দাবীসমূহ কৰিবলৈ এৰি দিম তেতিয়াই আমি মুক্ত হম ৷কিন্তু যেতিয়ালৈ মানুহে এই শৰীৰটোৱে মই বুলি ভাবি থাকিব তেতিয়ালৈকে তেওঁ মুক্ত হব নোৱাৰে,
নিজকে শৰীৰটোৰ পৰা পৃথক বুলি ভালদৰে উপলদ্ধি কৰাই হৈছে মুক্তিৰ অৰ্থ ৷৷
সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ কেন্দ্ৰ হৈছে ভগৱান;তেওঁ হৈছে পৰম ভোক্তা আৰু আমি তেওঁৰ সেৱক ৷যেতিয়াই এই ধাৰণা স্পষ্টকৈ বুজিব পাৰিম, তেতিয়াই আমি মুক্ত হম ৷৷