ব্লাড চুগাৰ লেভেল নিয়ন্ত্রণত ৰাখিবলৈ ডায়েবেটিছ ৰোগীয়ে দুপৰীয়াৰ আহাৰত খাব লগা বস্তুবোৰ

1 min read

বৰ্তমানৰ সময়ত ডায়েবেটিছ এক সচৰাচৰ সমস্যা হৈ পৰিছে। ডায়েবেটিছ হোৱাৰ আশংকা প্ৰথমটো জীৱনশৈলী আৰু দ্বিতীয়তে আনুবংশিক কাৰণত হ’ব পাৰে। সেয়েহে ডায়েবেটিছ ৰোগীয়ে নিজৰ আহাৰৰ প্ৰতি বিশেষ যত্ন ল’ব লাগে, শৰীৰত ব্লাড চুগাৰৰ লেভেল নিয়ন্ত্ৰণত থাকে।

ব্লাড চুগাৰ লেভেল নিয়ন্ত্রণত ৰাখিবলৈ ডায়েবেটিছ ৰোগীয়ে দুপৰীয়াৰ আহাৰত খাব লগা বস্তুবোৰঃ

~ সম্পূৰ্ণ শস্যজাতীয় আহাৰ

ডায়েবেটিছ ৰোগীসকলে নিয়মীয়াকৈ তেওঁলোকৰ দৈনিক দুপৰীয়াৰ আহাৰত মাহজাতীয় শস্য, ৰুটি, ব্ৰাউন ৰাইচ আৰু বাৰ্লি আদি অন্তৰ্ভুক্ত কৰিব পাৰে।

~ কণী

কণীত যথেষ্ট পৰিমাণৰ প্ৰ’টিন আৰু এমিনো এচিড থাকে, সেয়েহে ইয়াক খালে শৰ্কৰাৰ স্তৰ অথবা ব্লাড চুগাৰ লেভেল নিয়ন্ত্ৰণত থাকে। এনে পৰিস্থিতিত, ডায়েবেটিছ ৰোগীৰ বাবে কণী খোৱাটো উপকাৰী।

~ সেউজীয়া শাক-পাচলি

সেউজীয়া শাক-পাচলি হৈছে ডায়েবেটিছ ৰোগীৰ বাবে এক পুষ্টিৰ ভঁৰাল। সেয়েহে সেইবোৰ গ্ৰহণ কৰি নিজৰ ৰক্ত শৰ্কৰা স্তৰ নিয়ন্ত্ৰণত ৰাখক। ইয়াৰ বাবে সেউজীয়া পাচলি যেনে পালেং শাক, মেথি শাক, ব্ৰকলি, পানীলাউ, জিকা তিতাকেৰেলা আদি পাচলি অন্তৰ্ভুক্ত কৰিব পাৰে।

~ দৈ

দৈনিক দৈ খালে শৰীৰৰ ৰক্ত শৰ্কৰা স্তৰ নিয়ন্ত্ৰণত থাকে। ইয়াৰ লগতে, দৈ খালে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। সেইকাৰণে সকলোৱে আহাৰত দৈ অন্তৰ্ভুক্ত কৰিব লাগে।

~ ৰাজমা

ৰাজমাত যথেষ্ট পৰিমাণে আঁহ পোৱা যায়। লগতে, ইয়াত কাৰ্বহাইড্ৰেট আৰু গ্লাইচেমিক সূচক দুয়োটা কম পোৱা যায়। ৰাজমা খোৱাৰ ফলত ৰক্ত শৰ্কৰা স্তৰ ক্ৰমান্বয়ে নিয়ন্ত্ৰণ হ’বলৈ ধৰে।

~ কাবুলী বুট

কাবুলী বুটত যথেষ্ট পৰিমাণৰ আঁহ পোৱা যায়। ইয়াক খোৱাৰ ফলচ টাইপ-২ ডায়বেটিছক নিয়ন্ত্রণ কৰাত সহায় কৰে। সকলোৱে নিজৰ আহাৰত কাবুলী বুট, মাহ অন্তৰ্ভুক্ত কৰিব লাগে।

 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

You May Also Like

More From Author