নাজিৰাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা; বুথ সৰ্বশক্তিকৰণৰ উদ্দেশ্যেৰে নাজিৰাত মন্ত্ৰী

1 min read

নাজিৰা আৰু শিমলুগুৰি বুথ সমূহক সৰ্বশক্তিকৰণৰ উদ্দেশ্যে নাজিৰাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। নাজিৰা লগতে শিমলুগুৰি বুথ কমিটি সমূহক অধিক শক্তিশালী কৰাৰ লগতে বি. জে.পি দলক নাজিৰাত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আজি নাজিৰাত উপস্থিত হয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। উক্ত অনুষ্ঠানটিত নাজিৰা তথা শিমলুগুৰি অঞ্চলৰ বুথ কমিটিৰ বিষয়-ববীয়া সকল উপস্থিত থকাৰ লগতে অঞ্চলটোৰ শতাধিক ৰাইজ উপস্থিত থাকে।
সমষ্টি পুনৰ নিৰ্ধাৰন সম্পৰ্কত আমাৰ সাংবাদিকে শুধা প্ৰশ্নত মন্ত্ৰী গৰাকীয়ে কয় যে অসমৰ সমষ্টি পুননিৰ্ধাৰন এনেকুৱা হিচাপত হব লাগে যি সমষ্টি পুনৰনিধাৰণে অসমৰ খিলঞ্জীয়া লোক সকলৰ লাভ হয় , অসমীয়া মাটিৰ মানুহৰ লাভ হয় , আসমীয়া মানুহৰ লাভ হয়, অসমবাসীৰ লাভ হয় ।
ইয়াৰ লগতে পৃথক কমতাপুৰ ৰাজ্য গঠণ সম্পৰ্কত মন্ত্ৰী গৰাকীয়ে কয় যে এই বিলাক সংবাদ মাধ্যমত চলি থকা কথা। কোনো পৃথক কমতাপুৰৰ কথা আমি শুনা নাই । এই বিলাক কোনোবা সংবাদ মাধ্যমে বাতৰি বজাই দিয়ে আমি তাত কিয় গুৰুত্ব দিব লাগে। আজিৰ যি খন অসম দ্বিতীয়বাৰ ভাগ হোৱাৰ কথা কোনোৱে ভাৱিব নোৱাৰে। অসম কেতিয়াও বিভাজিত হবই নোৱাৰে।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট|

You May Also Like

More From Author