বয়স বৃদ্ধিৰ লগে লগে বাৰ্ধক্য অহাটো স্বাভাৱিক৷ কিন্তু কিছুমান বদ্অভ্যাসে মানুহক বয়সৰ পূৰ্বেই বাৰ্ধক্যৰ পিনে ঠেলি দিয়ে৷ তেনে বদ্অভ্যাসসমূহ এৰিব পাৰিলে তাৰুণ্য অটুট ৰাখিব পৰা যায়৷ ছাল সোতৰা-সোতৰ হোৱা, সোনকালে ভাগৰ লগা, চুলি পকা, ওজন কঢ়িয়ালে বিষ অনুভৱ কৰা আদি বয়সৰ পূৰ্বেই বৃদ্ধ হোৱাৰ লক্ষণ৷ বিশেষজ্ঞসকলৰ মতে এইবোৰ বদ্অভ্যাসে মানুহক বয়সৰ পূৰ্বেই বৃদ্ধাৱস্থালৈ আগুৱাই নিয়ে–
[১] ধূমপান– ‘প্লাষ্টিক এণ্ড ৰিকনাকটিভ ছাৰ্জাৰী’ নামৰ আলোচনী এখনে চলোৱা গৱেষণামতে ধূমপানৰ ফলত মুখমণ্ডলত বয়সৰ ছাপে দেখা দিয়ে৷
[২] মানসিক চাপঃ মানসিক চাপেও মানুহক বয়স হোৱাৰ পূৰ্বে বৃদ্ধ অৱস্থালৈ ঠেলি দিয়ে৷ মানসিক চাপে ছালৰ মসৃণতা আৰু কোমনীয়তাত নেতিবাচক প্ৰভাৱ পেলায়৷ ফলত মানসিক চাপত ভুগা লোক এজনক বয়স হোৱাৰ পূৰ্বেই বৃদ্ধ যেন লগা হয়৷
[৩] কম নিদ্ৰাঃ সুস্থ শৰীৰ আৰু সু-স্বাস্থ্যৰ বাবে প্ৰতিজন প্ৰাপ্তবয়স্ক লোকৰ বাবে অন্ততঃ ৮ ঘণ্টাৰ টোপনিৰ প্ৰয়োজন৷ কিন্তু কিছুমান লোক আছে, যিসকলে নিশা ভালদৰে টোপনি নামাৰে৷ টোপনি কম হ’লে দেহত অকাল বাৰ্ধক্যই দেখা দিয়া আৰম্ভ কৰে৷
[৪] ‘ক’ল্ড ড্ৰিংকছ’ঃ অত্যধিক ছ’ডা বা ক’ল্ড ড্ৰিংকছ পান কৰাৰ অভ্যাসে দেহৰ বিভিন্ন কোষসমূহত প্ৰভাৱ পেলায়৷ বিশেষজ্ঞই চলোৱা গৱেষণা মতে অত্যধিক ছ’ডা বা ক’ল্ড ড্ৰিংকছ পান কৰিলে কোষসমূহৰ বয়স বাঢ়িবলৈ ধৰে৷ ফলত অকাল বাৰ্ধক্য আহি পৰে৷
[৫] ৰ’দত বেছি সময় থকাঃ বেছি সময় ৰ’দত থাকিলে ছালৰ ক্ষতি হয়৷ সূৰ্যৰ ৰশ্মিয়ে ছালত নেতিবাচক প্ৰভাৱ পেলায়৷ যাৰ বাবে বয়স হোৱাৰ পূৰ্বেই অকাল বাৰ্ধক্যৰ লক্ষণে দেখা দিয়ে৷
[৬] কম হাঁহিঃ শাৰীৰিক আৰু মানসিক অৱস্থা সুস্থ ৰাখিবলৈ হ’লে হাঁহিৰ প্ৰয়োজন৷ ইতিবাচক চিন্তা, অনুশীলন আৰু হাঁহিয়ে মানসিক অৱস্থা উন্নত কৰে৷ হাঁহিমুখে থাকিব পাৰিলে অকাল বাৰ্ধক্যৰ পৰা নিজকে আঁতৰাই ৰাখিব পৰা যায়৷