আধুনিক দাসত্ব

1 min read

ৰাষ্ট্ৰসংঘ আৰু ‘ৱাক ফ্ৰী ফাউণ্ডেশ্বন’ৰ সাম্প্ৰতিক যুটীয়া সমীক্ষাত প্ৰকাশ যে ২০১৬-২১ বৰ্ষত বিশ্বৰ ৫ কোটি মানুহ বলপূৰ্বক শ্ৰম আৰু বলপূৰ্বক বিবাহত বন্দী হৈ আছে।

ইয়াৰে ২.৮০ কোটি লোক বলপূৰ্বকভাৱে শ্ৰমিক হিচাপে নিয়োগ কৰা হৈছে , আৰু ইয়াৰ ২০ শতাংশই হৈছে শিশু শ্ৰমিক । এই শিশুসকলৰ আধা সংখ্যককেই যৌন ব্যৱসায়ত লিপ্ত কৰোৱা হয়।

২.২০ কোটি মানুহক, বিশেষকৈ নাৰীক বলপূৰ্বকভাৱে বিবাহত বহুৱা হৈছে। বলপূৰ্বক বিবাহ আজীৱন কাৰাদণ্ডৰ সমতুল্য বুলি প্ৰতিবেদনত মন্তব্য কৰা হৈছে

বেছিভাগ ক্ষেত্ৰত লক্ষ্য কৰা গৈছে যে অভিবাসী শ্ৰমিকসকলেই সাধাৰণতে এনে ধৰণৰ শোষণৰ বলি হ’বলগীয়া হৈছে । আন্তৰ্জাতিক শ্ৰম সংস্থাৰ মুৰব্বী গাই ৰাইডাৰে এক বিবৃতিত কয়,

‘আধুনিক দাসত্বৰ পৰিস্থিতিৰ উন্নতি নোহোৱাটো খুবেই দুখজনক । মানৱাধিকাৰৰ এই মৌলিক অৱমাননাক কোনো অৱস্থাতেই ন্যায্যতা প্ৰদান কৰিব নোৱাৰি।।’

You May Also Like

More From Author