ম’বাইল ফোনৰ ছাৰ্জ ১০০ শতাংশ নকৰিব

1 min read

আজি কালি প্ৰায় সকলোৰে হাতত  দেখা যায় স্মাৰ্টফোন৷ যিসকলে অনলাইনৰ জৰিয়তে কাম কৰে তেওঁলোকৰ বাবে স্মাৰ্টফোন অতি জৰুৰী৷ সেয়ে ওৰে নিশা এনেলোকে ফোনটো ছাৰ্জত ৰাখে৷ পিছে স্মাৰ্টফোনটো ছাৰ্জ দিয়াৰ ক্ষেত্ৰত কেইটামান দিশত সচেতন হোৱাটো জৰুৰী৷ যেনে–

১৷ স্মাৰ্টফোনটো তেতিয়াহে ছাৰ্জত দিয়া উচিত, যেতিয়া ফোনটোৰ বেটাৰীৰ ছাৰ্জ ৫০ শতাংশতকৈ ক’ম থাকে৷ স্মাৰ্টফোনৰ বেটাৰীৰ ছাৰ্জ সদায় ৫০ শতাংশৰ পৰা ৯০ শতাংশৰ ভিতৰত ৰখা উচিত৷ লগতে এই কথাও মনত ৰখা দৰকাৰ যে স্মাৰ্টফোনটোত কেতিয়াও ৯০ শতাংশৰ পৰা ৯৫ শতাংশতকৈ বেছি ছাৰ্জ নিদিব৷

২৷ স্মাৰ্টফোনৰ বেটাৰীৰ ছাৰ্জ ২০ শতাংশতকৈ কম হ’বলৈ নিদিব৷ বহুতৰে ক্ষেত্ৰত দেখা যায় যে ফোনটোৰ স্ক্ৰীণত যেতিয়ালৈকে Low battery signal বুলি উল্লেখ নহয় তেতিয়ালৈকে ম’বাইল ফোনটো ছাৰ্জত নিদিয়ে৷ এনে কৰিলে ফোনটোৰ বেটাৰীৰ কাৰ্যক্ষমতা দিনে দিনে কমিবলৈ ধৰে৷ মনত ৰাখিব, ফোনটোৰ ছাৰ্জ ২০ শতাংশতকৈ কম থাকিলে স্মাৰ্টফোন নিজে নিজে দুৰ্বল হ’বলৈ ধৰে৷ তদুপৰি ২০ শতাংশতকৈ কম ছাৰ্জ থকা অৱস্থাত গেম খেলিলে বা এপছৰ ব্যৱহাৰ কৰিলে বেটাৰী দুৰ্বল হৈ পৰে৷

৩৷ ছাৰ্জ দি থকা অৱস্থাত স্মাৰ্টফোন ব্যৱহাৰ নকৰিব৷ ছাৰ্জ দিয়া অৱস্থাত স্মাৰ্টফোনৰ ব্যৱহাৰে ফোনৰ ডিছপ্লে’, প্ৰচেছৰ আৰু ইয়াৰ বিভিন্ন অংশৰ ক্ষতিসাধন কৰে৷ তদুপৰি স্মাৰ্টফোন যিমান পৰা যায় ঠাণ্ডা অৱস্থাত ৰখা উচিত৷ ফোনৰ উষ্ণতা বেছি হ’লে বেটাৰীৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে৷

৪৷ অদৰকাৰী এপছ স্মাৰ্টফোনত নৰখাই উচিত৷ অতিৰিক্ত এপছৰ ব্যৱহাৰে স্মাৰ্টফোন সোনকালে উষ্ণ কৰে৷ ফলত ইয়াৰ বেটাৰীৰ আয়ুস কমিবলৈ ধৰে৷

You May Also Like

More From Author