অতি সম্প্রতি সমগ্র বিশ্বতে আত্মহত্যাৰ ঘটনা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে৷ এক সমীক্ষা অনুসৰি বছৰি অতিকমেও আঠ লাখ লোকে আত্মহত্যা কৰে৷ প্রতি ৪০ ছেকেণ্ডত এজন লোকে আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈ আছে৷The Lancet নামৰ মেডিকেল জার্নাল এখনত প্রকাশিত এই তথ্যই এটা কথাৰ ইংগিত দিছে যে যদিহে এনে ঘটনা হ্রাস নাপায়, তেতিয়াহ’লে ভৱিষ্যতে মানৱ জাতিয়ে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব৷ আত্মহত্যা কোনো প্রাকৃতিক ঘটনা নহয়৷ ঘটনা–পৰিঘটনা, আর্থ–সামাজিক, পাৰিবাৰিক তথা আত্মসন্মানত আঘাত পালেই বহুতে জীৱনৰ চৰম সিদ্ধান্ত গ্রহণ কৰে৷ আত্মহত্যাৰ নির্দিষ্ট কাৰণ নাই৷ মানুহ পৰিস্থিতিৰ দাস আৰু যেতিয়াই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব নোৱাৰা হয়, তেতিয়াই এনে সিদ্ধান্ত গ্রহণ কৰে৷
২০২২ চনৰ ২০ ডিচেম্বৰত লোকসভাৰ শীতকালীন অধিৱেশনত কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে দাঙি ধৰা তথ্য অনুসৰি ২০২১ চনত ভাৰতত দৈনিক ১১৫গৰাকী বেতনভোগী আৰু ৬৩গৰাকী গৃহিণীয়ে আত্মহত্যা কৰিছিল৷ এই বর্ষত ভাৰতত ১,৬৪,০৩৩গৰাকী ব্যক্তিয়ে আত্মহত্যাৰ পথ বাছি লোৱা বুলি তেওঁ সদৰী কৰে৷ ৰাষ্ট্রীয় অপৰাধ অভিলেখ বিভাগ চমুকৈ এন চি আৰ বিৰ পৰিসংখ্যাৰ উদ্ধৃতি দি মন্ত্রীগৰাকীয়ে কয় যে সেই বর্ষত দেশত ৪২,০০৪গৰাকী বেতনভোগী আৰু ২৩,১৭৯গৰাকী গৃহিণীয়ে আত্মহত্যাৰ পথ বাছি লৈছিল৷ একেদৰে ২০,২৩১গৰাকী স্বাৱলম্বী, ১৩,৭১৪গৰাকী নিবনুৱা, ১৩,০৮৯গৰাকী শিক্ষার্থী, ১২,০৫৫গৰাকী ব্যৱসায়ী আৰু ১১,৪৩১গৰাকী ব্যক্তিগত খণ্ডত কর্মৰত লোকে আত্মহত্যা কৰিছিল৷
ইপিনে, আই ডি আৰ নামৰ এখন স্বাস্থ্য সম্পর্কীয় প্রতিবেদনত উল্লেখ কৰা তথ্য অনুসৰি অসমত ২০২২ চনৰ জুনৰ পৰা ডিচেম্বৰ মাহপর্যন্ত ২২,৬১৪গৰাকী ব্যক্তিয়ে ‘মনন’ৰ জৰিয়তে ফোনকল লাভ কৰিছে৷ এইসকল লোকৰ মানসিক সমস্যাৰ জটিল ছবিখন ফুটি উঠিছে৷ তথ্য অনুসৰি ২০২১ চনত অসমত ৩,২৬২গৰাকী লোকে আত্মহননৰ পথ বাছি লৈছে৷ একেটা বর্ষতে গুৱাহাটী মহানগৰীত ৪১৪টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে৷
মৃত্যু আৰু আত্মহত্যা দুয়োটাৰে পৰিণতি শৰীৰৰ পৰা আত্মাৰ পৃথকী৷ প্রথমটো প্রকৃতিৰ নিয়ম আৰু দ্বিতীয়টো নিজেই আত্মাক শৰীৰৰ পৰা পৃথক কৰা৷ অপ্রাকৃতিক কাৰণত মৃত্যু হোৱাৰ আঁৰত থাকে বহুতো কাৰণ৷ এই কাৰণ কেতিয়াবা প্রকাশ পায় আৰু আন কেতিয়াবা আকৌ অপ্রকাশিত অথবা ৰহস্যৰ মাজত থাকি যায়৷ ৰহস্যজনক কাৰণবোৰ আৰু পাছত বহুতৰ চর্চাৰ বিষয় হৈ পৰে৷ হলীউডৰ পৰা বলীউডলৈকে, ক্রীডাগনৰ পৰা সাহিত্যলৈকে সকলো ক্ষেত্রতে আত্মহত্যা কৰা তাৰকাৰ তালিকাখন কম দীঘলীয়া নহ’ব৷
Millie Inbetween আৰুAlmost Never নামৰ টিভি শ্ব’ৰ জৰিয়তে সর্বাধিক জনপ্রিয়তা অর্জন কৰা ব্রিটিছ অভিনেত্রী ময়া নেচিয়া নায়লৰ নামৰ ১৯ বছৰীয়া অভিনেত্রীগৰাকীয়ে মাত্র ২৬ বছৰ বয়সতে আত্মহত্যাৰ পথ বাছি লৈছিল৷ জনপ্রিয় লেখক তথা চেলিব্রিটী ছেফ এণ্টনী বৌৰদেইনে ৬১ বছৰত আত্মহত্যা কৰিছিল৷ এই তালিকাত ষ্টেনলী আডাম, ষ্টেফানী আডামছ, ক্লে এডলাৰ, ৰ’ছ এলেকজেন্দ্রাৰ, মাইক, এলফোনছো, জিয়া এলেমন্ত, পেড্র’ এমেনডাৰিজ, ব্রেন্তা বেনেট, ক্রিছ বেনিয়ট, চার্লছ ব’য়াৰ, জ’নাথন ব্রেন্তিছ, কেলী কেটলিন আদি তাৰকা তথা মহাতাৰকাই জীৱনৰ চৰম সিদ্ধান্ত গ্রহণ কৰিছিল৷
হলীউডৰ অন্যতম জনপ্রিয় অভিনেত্রী মেৰিলিন মনৰ’ৱে ৩৬ বছৰত আত্মহত্যা কৰাৰ পাছত বিষয়টোক লৈ অধিক চর্চা হৈছিল৷ ৰ’বিন উইলিয়ামছ, বিবেকা বাবজী, জীয়া খান, কুলজিৎ ৰাধাৱা, নাফিছা যোছেফ, ছিল্প স্মিতা আদিৰ মৃত্যুক লৈ এতিয়াও চর্চা হৈয়ে আছে৷ ড’না প্লেটো, লুচী গর্ডন, ফ্লেডী প্রিনজ, জনী লিৱিছ আদিৰ আত্মহত্যাক লৈ সময়ে সময়ে চর্চা হৈছে৷ হোৱাটো স্বাভাৱিক কথা৷ কিয়নো তেওঁলোকৰ অনুৰাগী বহুতো৷ এইসকল তাৰকাক বহুতেই জীৱনৰ আদর্শ হিচাপে ল’ব খোজে৷ আদর্শৰ উৎসৰ যেতিয়া মৃত্যু হয়, তেতিয়া অনুৰাগীসকলে মনত খুব দুখ পায়৷ আনকি এনে কিছু লোক আছে, যিসকলে অনুৰাগী হিচাপে দুখ সহিব নোৱাৰি মৃত্যুক আঁকোৱালি লয়৷ শেহতীয়াভাৱে বৈশালী ঠাক্কৰে৷
মানুহে কি কাৰণে আত্মহত্যা কৰে? এনে প্রশ্ণৰ উত্তৰ দিয়াটো উজু নহয়৷ কাৰণ এনে অস্বাভাৱিক ঘটনাৰ আঁৰত থাকে বহুতো কাৰণ৷ মানসিক সমস্যাৰ লগতে বিশেষকৈ ডিপ্রেচন বা মানসিক অৱসাদ, বাইপ’লাৰ ডিছর্ডাৰ, স্কিজোফ্রেনিয়া, অটিজম, পার্চনেলিটী ডিছর্ডাৰ, ক্র’নিক ফেটিক চিন্ড্রোম, অধিক নিচা সেৱন আদি আত্মহত্যাৰ অন্যতম কাৰণ৷ কিছুমানৰ ক্ষেত্রত আকৌ আর্থিক দৈন্য, ঋণৰ বোজা, শিক্ষাত ব্যর্থ অথবা আশাব্যঞ্জক ফলাফল লাভ নকৰা, সম্পর্কৰ বান্ধোন ছিঙি যোৱা, পাৰিবাৰিক কন্দল, পতি–পত্নীৰ মাজত সংঘাত, বিচ্ছেদ, শাৰীৰিক–মানসিক অত্যাচাৰ, যৌন নির্যাতন অপৰাধ সংঘটিত কৰি অনুশোচনা হোৱা, অপমান সহ্য কৰিব নোৱাৰা, সামাজিক মর্যাদা হানি হোৱা আদি কাৰণতো বহুতেই এনেধৰণৰ চৰম সিদ্ধান্ত গ্রহণ কৰে৷ তদুপৰি অপৈণত প্রেম, প্রেম–ভালপোৱাত ব্যর্থতা, অবিবাহিত হৈ থকা আদিৰ বাবেও হতাশাত ভুগি কিছুমানে আত্মহত্যা কৰে৷
অতি সম্প্রতি আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱাৰ মূলতে হৈছে হতাশা৷ সকলো ক্ষেত্রতে চৰম হতাশাত ভুগি থকা লোকৰে ভৰি পৰিছে পৃথিৱী৷ মানুহ যিমানেই শিক্ষিত হৈছে, উন্নতিৰ জখলাত বগাইছে সিমানেই হতাশাগ্রস্ত লোকৰ সংখ্যাও দিনকদিনে বাঢ়িছে৷ যিমানেই মানুহে উচ্চাকাংক্ষী হৈছে, সিমানেই হতাশায়ো ছানি ধৰিছে৷ মানুহৰ আকাংক্ষাই উন্নতিৰ জখলাত বগোৱাত সহায় কৰে৷ কাৰণ আকাংক্ষা হৈছে মানুহৰ ঢুকি পোৱা পৰিসীমাৰ ভিতৰত থকা বিষয়৷ ইয়াৰ বিপৰীতে উচ্চাকাংক্ষী লোকে যদি মনে বিচৰা ধৰণে সফল নহয়, তেতিয়াই নিজৰ অজ্ঞাতে আৰম্ভ হয় হতাশা৷ হতাশা এদিনতে সৃষ্টি হোৱা বিষয় নহয়৷ তদুপৰি এই বিষয়টো কেতিয়া কেনেকৈ গা কৰি উঠে সেয়া পূর্বানুমান কৰাটো অসম্ভৱ৷ বিশেষকৈ যিসকল লোকে কেৱল নিজৰ কেৰিয়াৰ গঢ়াৰ বাবে আনৰ পৰা নিজকে বিচ্ছিন্ন কৰি ৰাখে, তেনে ব্যক্তিৰ বাবে এনে সমস্যাই গা কৰি উঠে৷ যিসকল লোক আকাংক্ষাৰ মাজত জীয়াই থাকে তেওঁলোকৰ তুলনাত উচ্চাকাংক্ষীসকলে সহজে হতাশাৰ চিকাৰ হোৱা দেখা যায়৷ বস্তুবাদী মনোভাব আৰু উচ্চাকাংক্ষাই প্রতিগৰাকী ব্যক্তিকেই এনে এক পৰিধিৰ মাজত বেঢ়ি ৰাখিছে, য’ৰ পৰা সহজে পৰিত্রাণ লাভ কৰাটো এতিয়া সকলোৰে বাবে হৈছে প্রত্যাহ্বান৷ হতাশাই মানুহৰ মনটো অস্থিৰ কৰি তোলে৷ এনে অস্থিৰতাই অৱশেষত চৰম সিদ্ধান্ত ল’বলৈ উৎসাহ যোগায়৷ সেয়েহে হতাশাৰ ছবিখন সহজে মনলৈ আহিব নিদিয়াটোৱে মংগল৷ হতাশাগ্রস্ত লোকক কেতিয়াও ইতিকিং, ঠাট্টা–মস্কৰা, আনৰ সৈতে বেছি তুলনা কৰিব নালাগে৷ কাৰণ এইবোৰে এখন উপযুক্ত ক্ষেত্রৰ সৃষ্টি কৰে, য’ত আত্মহনন সুলভ হৈ পৰে৷ হতাশাৰ লক্ষণ ফুটি উঠাৰ লগে লগে কাউন্সেলিঙৰ ওপৰত গুৰুত্ব প্রদান কৰা উচিত৷ কাৰণ কাউন্সেলিং কৰিলে যেতিয়া এই চক্রৰ পৰা ওলাই অহাৰ পথ বিচাৰি পায় তেতিয়া মনটো আত্মহননৰ চিন্তাৰ পৰা আঁতৰি যায়৷
অতি সম্প্রতি আত্মহত্যাৰ বাবে যিবোৰ কাৰণ সঘনাই চর্চা হৈছে সেইবোৰৰ ভিতৰত অন্যতম হ’ল বেছিকৈ ম’বাইল ফোনৰ ব্যৱহাৰ৷ অত্যধিক ম’বাইল ফোনৰ ব্যৱহাৰে নিদ্রাত ব্যাঘাত জন্মায়৷ বিশেষকৈ নিশা দুপৰলৈকে যিসকল লোকে নিশা বেছি সময় ম’বাইল ফোন ব্যৱহাৰ কৰে তেওঁলোকৰ মাজত লাহে লাহে নিদ্রাহীনতাই গা কৰি উঠে৷ শাৰীৰিক–মানসিক সমস্যাই যেতিয়া গঢ় লৈ উঠে, তেতিয়া মনটোৱে কোনো সঠিক সিদ্ধান্ত ল’ব নোৱৰা হয়৷ সঠিক সিদ্ধান্ত ল’ব নোৱৰাৰ ফলত হঠাতে এনে প্রৱণতাই গা কৰি উঠে৷ আনৰ চকুত ধৰা পৰাৰ আগতেই ইহসংসাৰৰ পৰা বিদায় মাগে৷ ম’বাইলত বেছি সময় কথোপকথন হোৱা, কাণত অনবৰতে ফোনটো লৈ থকাৰ ফলত মনঃসংযোগত ব্যাঘাত জন্মে৷ আনকি কিছুমানৰ মনটো কৰি তোলে অশান্ত৷ মনটো যেতিয়া অশান্ত হৈ উঠে তেতিয়া মনতে বিদ্রোহৰ সৃষ্টি হয়৷ যেতিয়া এই বিদ্রোহ দমন কৰিব নোৱাৰা হয়, তেতিয়াই হিতাহিত জ্ঞান হেৰুৱাই পেলায়৷ তদুপৰি ম’বাইলত অর্থাৎ ফেচবুক অথবা আন সামাজিক মাধ্যমসমূহ সহজে উপলব্ধি হোৱা বাবে সকলো কথাকে শুদ্ধ বুলি ভাবে৷ মনত আঘাত দিব পৰা কথাবোৰ প্রত্যক্ষ কৰাৰ পাছত বহুতেই নিজকে নিয়ন্ত্রণ কৰিব নোৱাৰা হয়৷ নিজৰ বিবেকে এইবোৰ কথাৰ শুদ্ধ–শুদ্ধ ৰূপটো নিৰূপণ কৰিব নোৱাৰা হয়৷ কেতিয়াবা আপোনজনৰ মৃত্যুৰ সংবাদ, অপবাদ, কুৎসা ৰটনা কৰা আদিৰ বাবেও আত্মহত্যাৰ ঘটনা বৃদ্ধি পাইছে৷ বিশেষকৈ কম বয়সীয়া ল’ৰা–ছোৱালী আদিয়ে অত্যধিক ম’বাইল ব্যৱহাৰ কৰাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ বিষয়ে সংবাদ মাধ্যমত বাতৰি পঢ়িবলৈ বা দেখিবলৈ পোৱা গৈছে৷ ম’বাইলৰ ব্যৱহাৰে মানৱ জাতিক যোগাযোগৰ ক্ষেত্রত এখোজ আগুৱাই লৈ গৈছে৷ ইয়াত কাৰো সন্দেহ নাই৷ মাথোঁ অপব্যৱহাৰ হোৱাৰ বাবেহে এনেধৰণৰ ঘটনা সঘনাই সংঘটিত হ’বলৈ ধৰিছে৷ এইক্ষেত্রত সতর্কতা অৱলম্বন নকৰাটোৱে হৈছে বিপদৰ কাৰক৷
পৃথিৱীত যিমানসংখ্যক লোকে আত্মহত্যা কৰে তেওঁলোকৰ এনে কার্য কৰাৰ কাৰণসমূহ বিশ্লেষণ কৰিলে ঘাইকৈ যিবোৰ চকুত ধৰা পৰে সেইবোৰৰ অন্যতম হৈছে প্রেমত ব্যর্থতা, আর্থিক দৈন্য আৰু পাৰিবাৰিক কাৰণৰ লগতে নিঃসংগতা৷ আজিৰ পৃথিৱীত নিঃসংগ লোকৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে যে তাৰ তালিকাখন প্রকাশ কৰিলে অন্তই নপৰিব৷ জনসমুদ্রৰ মাজত থাকিও বহুতে অতিবাহিত কৰিছে নিঃসংগ জীৱন৷ আন কথাতো বাদেই, একেটা পৰিয়ালত থকাৰ পাছতো বহুতে নিঃসংগ হৈ পৰিছে৷ ইয়াৰ কাৰণ বিশ্লেষণ কৰিলে দেখা যায় যে আধুনিক ভোগবাদী সভ্যতাত সকলোৱে হৈ পৰিছে আত্মকেন্দ্রিক৷ এনেধৰণৰ আত্মকেন্দ্রিক প্রৱণতাই নিজকে আন দহজনৰ পৰা পৃথক কৰি ৰাখিছে৷ তদুপৰি কেৰিয়াৰ গঢ়াৰ ভাৱনাই মস্তিষ্কত বাহ লোৱাৰ পাছত ঈপ্সিত লক্ষ্যত উপনীত হ’বলৈ কেৱল পঢ়া–শুনা, টিউচন, স্কুললৈ যোৱাতে সীমাবদ্ধ ৰাখে৷ সৰুৰে পৰাই যেতিয়া এই বিষয়কেইটাৰ মাজতে থাকি যায় তেতিয়া নিজৰ অজ্ঞতে নিঃসংগ হৈ পৰে৷ তদুপৰি আজিকালি একক পৰিয়াল ব্যৱস্থা হোৱাৰ ফলত আনৰ সৈতে মিলা–মিছা কৰাৰ মানসিকতাত ব্যাঘাত জন্মিছে৷ আনকি গ্রামাঞ্চলতো এতিয়া ওচৰ–চুবুৰীয়াৰ ঘৰলৈ অহা–যোৱা কৰা শিশুৰ সংখ্যা হ্রাস পাইছে৷ এতিয়া আকৌ শিশু অৱস্থাৰ পৰাই ম’বাইল, ভিডি’ গেম, ইণ্টাৰনেট আদিত ব্যস্ত থকাৰ প্রৱণতাও নিঃসংগতাৰ আন এক কাৰণ৷ মানুহ যিমানেই নিঃসংগ হৈ পৰে, সিমানেই আত্মহত্যাৰ প্রৱণতা বৃদ্ধি পায়৷
আর্থিক দৈন্যৰ বাবে আত্মহত্যা কৰাৰ বিষয়ে প্রায়েই শুনিবলৈ পোৱা যায়৷ বিশেষকৈ খেতিয়কসকলৰ মাজত এনে ঘটনা বেছিকৈ সংঘটিত হয়৷ কিছু বছৰ আগলৈকে দেশৰ বিভিন্ন ঠাইত কপাহ, মৰাপাট খেতিয়কৰ মাজত এনে ঘটনা সংঘটিত হৈছিল৷ ইয়াৰ মূলতে হৈছে অত্যধিক সুদত ঋণ লৈ খেতি কৰাৰ পাছত প্রাকৃতিক কাৰণত খেতি বেয়া হ’লে ঋণৰ বোজা বৃদ্ধি হৈ গৈ থাকে৷ সময় বাগৰাৰ লগে লগে ঋণৰ বোজা সহিব নোৱাৰা অৱস্থা হয়গৈ৷ অৱশেষত চৰম সিদ্ধান্ত লয়৷ আনহাতে, বহুতো লোকে ব্যৱসায়িক কাৰণতো ঋণ লৈ ব্যৱসায় ভাল নহ’লে হতাশাত ভুগি এনে সিদ্ধান্ত লোৱা দেখা যায়৷
যুৱক–যুৱতী, কিশোৰ–কিশোৰীৰ আত্মহত্যাৰ মূলতে প্রেমত ব্যর্থতা৷ অপৈণত মনে প্রেমত ব্যর্থ হোৱাৰ দুখ–বেদনা সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বিচাৰি লয়৷ বয়স্কসকলৰ ক্ষেত্রত আকৌ অবৈধ প্রেম আত্মহত্যাৰ কাৰণ হিচাপে চিহ্ণিত হয়৷ বিশেষকৈ কলেজ–বিশ্ববিদ্যালয়্ ছাত্র–ছাত্রীৰ মাজত এনে প্রৱণতাই বেছিকৈ গা কৰি উঠে৷ তদুপৰি কেতিয়াবা তৃতীয় পক্ষই প্রেমৰ মাজত প্রৱেশ কৰাৰ পাছতো এনেধৰণৰ প্রৱণতাই গা কৰি উঠে৷
আজিকালি পাৰিবাৰিক কন্দলৰ বাবে এনে ঘটনা বৃদ্ধি পাইছে৷ পতি–পত্নীৰ মাজত হোৱা ব্যৱধান, সন্তানৰ সৈতে পিতৃ–মাতৃৰ মাজত থকা মধুৰ সম্পর্কত যতি পৰা, বিভিন্ন কাৰণত দীর্ঘদিন আঁতৰি থকা, সম্পত্তিৰ লালসা আদিও আত্মহত্যাৰ কাৰণ হ’ব পাৰে৷
কোনো এগৰাকী মানুহে কেতিয়া, কেনেকৈ আৰু কি পৰিস্থিতিৰ সন্মুখীন হৈ আত্মহত্যাৰ পথ বাছি লয় তাৰ পূর্বানুমান, পূর্বাভাস কোনোৱে লাভ নকৰে৷ সেইবাবে হয়তো এনে ঘটনাই গুৰুতৰ ৰূপ লৈছে৷ কিন্তু কিছুমান ক্ষেত্রত আমি এনে ঘটনা প্রতিৰোধ কৰিব নোৱাৰা নহয়৷ বিশেষকৈ যেতিয়া নিঃসংগতা, বিষণ্ণতা আদিয়ে গা কৰি উঠে, তেতিয়া সেইবোৰ প্রতিৰোধ কিছু পৰিমাণে হ’লেও কৰিব পাৰি৷ কাৰণ এইবোৰ অৱস্থা বা পৰিস্থিতিৰ এদিনতে সৃষ্টি নহয়৷ ইয়াৰ বাবে দীর্ঘ সময়ৰ প্রয়োজন৷ অৱশ্যে কিছু আকস্মিক ঘটনাৰ বাবেও এনে সিদ্ধান্ত গ্রহণ কৰা দেখা যায়৷ আকস্মিক বেদনা, অসহনীয় দুঃসংবাদ আদিৰ বাবে যেতিয়া আত্মহত্যা কৰাৰ আশংকা থাকে, তেতিয়া পৰিয়ালৰ লোকে সতর্কতা অৱলম্বন কৰিলেও কিছু পৰিমাণে প্রতিৰোধ কৰাটো সম্ভৱ৷
- লেখক: ডাঃ হিতেশ বৰুৱা, নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক