>নৈপৰীয়া অসমীয়াৰ বাপতি সাহোন বিহুৰ অন্যতম হৈছে মাঘ বিহু । পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনাখন উদযাপন কৰা হয় মাঘ বিহু । পুহ মাহত শালি ধান, মাহ, তিল আদি শস্য চপাই ৰাইজে আৰু সেই ভৰাল উপচাই ৰখা শস্যৰেই লগে ভাগে এসাজ খোৱাৰ বাবেই মাঘ বিহুক কোৱা হয় ভোগালী বিহু বুলিও ।
অৱশ্যে কেৱল ভোগ বিলাসতেই মত্ত নাথাকে অসমীয়া ৰাইজ । ভোগালী বিহুৰ সৈতেও আছে বহু কেইটা নীতি-নিয়ম । মাঘ বিহুৰ বহু আগৰে পৰাই পাহাৰে ভৈয়ামে ডেকা-ডেকেৰীয়ে হাত উজান দিয়ে মেজি আৰু ভেলাঘৰ সজাত । খেৰ, কলগছ, বাঁহ আদিৰে নিৰ্মিত এই ভেলাঘৰতেই মাঘ বিহুৰ পূৰ্বৰ নিশা অৰ্থাৎ উৰুকাত একেলগে এসাজ খায়, আনহাতে, মাঘ বিহুৰ পুৱা সৰু বৰ সকলোৱে এক পৱিত্ৰ মনেৰে মেজিৰ সন্মুখত মিলিত হয় । এই মেজিতেই প্ৰতীকি ৰূপত অগ্নি দেৱতালৈ আগবঢ়োৱা হয় মাহ-কৰাই, পিঠা-পনাৰ নৈবদ্য । তাৰ পাছত পৰিয়ালৰ অথবা সমাজৰ বয়োজ্যেষ্ঠজনৰ আশীৰ্বাদেৰে সকলো মিলিত হয় ৰাতিপুৱাৰ জলপান সাজৰ বাবে ।
এইয়া আছিল বৰ্তমানৰ সমাজৰ মাঘবিহুৰ দৃশ্যাংশ । কিন্তু ইয়াৰ সৈতেই অতিজৰে পৰা জড়িত হৈ আছে আন বহু পৰম্পৰা । মাঘ বিহুৰ দিনাই আহোম ৰাজত্ব কালত ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছিল বিভিন্ন খেল-ধেমালি, ৰং-ৰহইছ । কণী যুঁজ, ম’হ যুঁজ, কুকুৰা যুঁজ, বুলুবুলি চৰাইৰ যুঁজ আদি অনুষ্ঠিত হৈছিল ৰংঘৰৰ বাকৰিত । সেই সময়ৰ ৰংঘৰৰ বাকৰিৰ খেল ধেমালি আৰু ৰোমান সকলৰ কলছিয়াম প্ৰায় সমতুল্যই আছিল ।