মানসিক চাপৰ পৰা পৰিত্ৰাণ পাবলৈ এইবোৰ খাদ্য খাব পাৰে

1 min read

কৰ্মব্যস্ততাই হওক বা আন কোনো কাৰণতেই হওক, সকলোৰে মানসিক চাপ থাকে৷ কিন্তু মানসিক চাপ অত্যধিক হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত৷ অৱশ্যে, কিছুমান খাদ্য খায়ো অত্যধিক মানসিক চাপৰ পৰা পৰিত্ৰাণ পাব পৰা যায়–

[১] মিঠা আলুঃ মানসিক চাপৰ এটা প্ৰধান কাৰণ হৈছে কোৰ্টিছোল হৰমনৰ ক্ষৰণ৷ মিঠা আলু বা ৰঙা আলুই এইবিধ হৰমনৰ ক্ষৰণ কমায়৷ ফলত মন ভালে থাকে৷

[২] কণীঃ কণীত বিভিন্ন পুষ্টিকৰ উপাদান থাকে৷ তদুপৰি কণীত ক’লাইন নামৰ এবিধ উপাদান থাকে, যিবিধ উপাদানে মস্তিষ্ক শীতল কৰি ৰাখে৷ ফলত মন ভালে থাকে৷

[৩] সামুদ্ৰিক মাছঃ ছালমন বা এনে জাতীয় সামুদ্ৰিক মাছত প্ৰচুৰ পৰিমাণে ওমেগা-৩ আৰু ভিটামিন ‘বি’ থাকে৷ ফলত এনে মাছ খালে মানসিক চাপ কমে৷

[৪] নহৰুঃ বিভিন্ন গৱেষণাই প্ৰমাণ কৰিছে যে নহৰুত থকা উপাদানসমূহে উদ্বেগ আৰু অৱসাদৰ পৰা মনক আঁতৰাই ৰাখে৷

[৫] ব্ৰকলিঃ ব্ৰকলিত ছালফ’ৰাফেন নামৰ এবিধ উপাদান থাকে৷ ফলত ব্ৰকলি খালে মন শান্ত হৈ থাকে আৰু অৱসাদ কমে৷

[৬] কাবুলী বুটঃ কাবুলী বুট অকল সোৱাদযুক্তই নহয়, ই মস্তিষ্কৰ বাবে সাংঘাতিক উপকাৰী৷ ইয়াত থকা এল-ট্ৰিপটোফান নামৰ উপাদানবিধে মন ভালে ৰখাত সহায় কৰে৷

[৭] ব্লু-বেৰীঃ প্ৰতিদিনে যদি কেইটামান ব্লু-বেৰী খাব পাৰে, তেন্তে মন প্ৰফুল্ল হৈ থাকে৷ ইয়াত থকা ফ্লেভান’য়েড নামৰ এণ্টিঅক্সিডেণ্টে কম সময়ৰ ভিতৰতে মানসিক অৱসাদ বা চাপ আঁতৰায়৷

You May Also Like

More From Author