“যৎ ফলং নাস্তি তপসা ন যোগেন সমাধিনা |
অনাসায়েন তৎসৰ্ব্বং সপ্তাহ শ্ৰৱণে লভেৎ ||”
অৰ্থাৎ তপ, যোগ, সমাধিৰ দ্বাৰা যি ফল লাভ কৰিব পৰা নাযায়, সপ্তাহ জোৰা ভাগৱত শ্ৰৱণত সেই ফল লাভ কৰিব পাৰি | সেয়েহে মহামতি শুকমুনিয়ে ৰজা পৰীক্ষিতক মৰণৰ বেলা সপ্তাহ জোৰা ভাগৱত শ্ৰৱণ কৰাইছিল |
কলি কালৰ লোকসকল অল্পমতি, মলমতি আৰু মুঢ়মতি | কলিৰ মলত নিমজ্জিত হৈ সত্য শুদ্ধ ধৰ্মৰ গুণবিলাকৰ পৰা স্খলিত হৈ কাম, ক্ৰোধ, লোভ, মোহ আদি নাৰকীয় কৰ্মত পতিত হৈ ভকতি, জ্ঞান, বৈৰাগ্য ভাৱৰ বিলুপ্তি ঘটাই চৰম দুৰ্দশাগ্ৰস্ত হৈ পৰিব | যাগ-যজ্ঞ,পূজা-পাতল, বলি-বিধান কৰিয়েই সমাজত আনন্দ লভিব বিচাৰিব | কলিৰ লোকসকলৰ এনে অৱস্থা দেখিয়ে মহা কাৰুণিক শুকমুনিয়ে পৰম ব্যথিত হৈ কলি লোকৰ নিস্তাৰৰ হেতু অতি সহজ আৰু শুদ্ধ পথ পদৰ্শন কৰি পৃথিৱীত ভাগৱত শাস্ত্ৰ প্ৰচাৰ কৰিলে | পাপৰ অন্তস্বৰুপ মহা ভাগৱতৰ পদ কলি যুগত প্ৰচাৰ হোৱাটো পৰম সৌভাগ্যৰ কথা |
শ শ পিণ্ডাদি যুক্ত শ্ৰাদ্ধ কৰিও পাপী লোকে মুক্তি সাধিব নোৱাৰে | সপ্তাহ জোৰা ভাগৱত শ্ৰৱণত অধৰ্মী জনো পবিত্র হয় আৰু ঘোৰ পাপীজনেও মুক্তি লভিব পাৰে | যেনেকৈ “গো কৰ্ণ উপাখ্যান” ত সূৰ্য দেৱতাৰ উপদেশত গো কৰ্ণই সপ্তাহ জোৰা ভাগৱত পাঠ কৰাই শ্ৰৱণ কৰি ভগৱন্তৰ পাৰিষদ হব পাৰিছিল |
মহামুনি শুকদেৱে কলি কালৰ মনুষ্যৰ কল্যাণৰ হেতু প্ৰচাৰ কৰা মহাভাগৱত শাস্ত্ৰভাগি আমাৰ মহাপুৰুষ শংকৰ গুৰুজনাৰ কৃপা গুণে নিজ ভাষাৰ ৰুপ সজ্জাৰ, স্বকীয় প্ৰতিভাৰে সহজ সৰল আৰু মনোৰম কাব্যচিত্রৰ ৰহণ দি সৰ্বসাধাৰণ লোকেও কীৰ্তনে, শ্ৰৱণে, স্মৰণে, পৰম আনন্দ লভিব পৰাকৈ দুস্তৰ মায়াক নিস্তাৰি সুখ লাভৰ পৰম গ্ৰন্থ হিচাপে আলোকিত কৰিলে | গতিকে ভগৱন্তৰ মুখপদ্ম নি:সৃত ভাগৱতৰ অমৃতবাণী আশিষৰুপে জগতৰ লোকে হিয়াত ৰাখি ভকতি প্ৰেমৰ নিজৰা বোৱাই কায়, বাক্য, মনে আনন্দমনে অমৃত সাগৰত নিমজ্জিত হও আহক | কৃষ্ণ… কৃষ্ণ…