নিউজ ব্যুৰ’,নগাঁও,৯জানুৱাৰী:–অসম সাহিত্য সভাৰ অন্তৰ্ভূক্ত নগাঁও জিলা সাহিত্য সভাৰ সপ্তবিংশতিতম দ্বি বাৰ্ষিক পূৰ্ণাংগ অধিবেশনখনি কপিলী-নিশাৰী-বৰপানী নৈৰে
পৰিবেষ্টিত, অপ্ৰমাদী কবি মাধৱ কন্দলীৰ লিখিত ৰামায়ণ চৰ্চাৰ পীঠস্থান ৰত্নাৱলী,বিষ্ণুপুৰী তথা মাধৱপাৰা থানৰ ধৰ্মীয় সুবাসেৰে ধন্য ঐতিহ্যমণ্ডিত কামপুৰত ৰবিবাৰে অনুষ্ঠিত হৈ যায় । কামপুৰ শাখা সাহিত্য সভাৰ আহ্বানত কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ প্ৰাঙ্গণত মনেশ্বৰ বৰা ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অধিবেশনখনি ৫০ খন পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে । অধিবেশনৰ মূল পতাকাখন উত্তোলন কৰে নগাঁও জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি থগিত মহন্তই । ইয়াৰ পাছতে কামপুৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰকান্ত নাথে শ্বহীদ তৰ্পণ কৰাৰ লগে লগে কামপুৰৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী লাৱণ্য বৰঠাকুৰে ৫০ গছি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী মুকলি কৰে ।
ইয়াৰ পাছতে অনুষ্ঠিত প্ৰতিনিধিৰ নাম পঞ্জীয়ন আৰু কামপুৰ শাখা সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় প্ৰতিনিধি সভা । অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকাই প্ৰতিনিধি সভা উদ্বোধন কৰে । ইয়াৰ পাছতে স্বৰাজ ভৱন প্ৰাংগণত জিলা সাহিত্য সভাৰ বিদায়ী সভাপতি পৰাণ বৰুৱাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় । মুকলি সভাত হোজাই জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণেশ্বৰ শইকীয়া,মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অনুপ কুমাৰ বৰঠাকুৰ,মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূসণ মহন্ত,হোজাই জিলা সাহিত্য সভাৰ সম্পাদক বিৰাজ বৰাকে ধৰি বহু কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে । এই অধিবেশনতে কামপুৰ শাখা সাহিত্য সভাৰ মুখপত্ৰ ‘কপিলী’ উন্মোচন কৰাৰ লগতে জিলাৰ দ্বাৰা প্ৰকাশিত কেইবাখনো গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আবুল খায়েৰ আহমেদ,নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথ,নিত্যানন্দ বৰা,নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক উপেন চন্দ্ৰ বৰা,শৰৎ চন্দ্ৰ শইকীয়া আৰু যতীন্দ্ৰ নাথ সুতে । অধিবেশনৰ মুকলি সভাত গৱেষক পণ্ডিত ড॰ নৰেন কলিতাক ‘’তত্ত্ব প্ৰভাকৰ’’,চিন্তাশীল লেখক উপেন্দ্ৰ বৰকটকীক ‘’সাহিত্য প্ৰভাকৰ’’ আৰু সুবক্তা সুধাময় দাসক ‘’বাগ্মী প্ৰভাকৰ’’ উপাধি প্ৰদান কৰাৰ লগতে শোণিতপুৰৰ বিশিষ্ট গৱেষক তথা দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সতীশ চন্দ্ৰ ভট্টাচাৰ্যক ২০২০-২৩ বৰ্ষৰ তিলক চন্দ্ৰ শৰ্মা স্মাৰক ‘’ড॰ সূৰ্য কুমাৰ ভূঞা বঁটা’’ আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট লেখক গুণীন হাজৰিকাক ‘‘নগাঁও জিলা সাহিত্য বঁটা’’ আগবঢ়োৱা হ’ব । সভাত চকলাঘাট শাখা সাহিত্য সভাক বিশেষ শাখাৰ বঁটা, উৰিয়াগাঁৱৰ তেলীয়া পহুকঁটাৰ কবি-সাহিত্যিক অমিয়া গোস্বামীক প্ৰেৰণা বঁটা আৰু শিল্পী ৰঞ্জন বেজবৰুৱাক সাধনা বঁটা প্ৰদান কৰা হয় ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও