অসমত জন্ম হ’ল খিলঞ্জীয়া মুছলমানৰ নতুন সংগঠন

1 min read

অসমত নতুনকৈ জন্ম হ’ল খিলঞ্জীয়া মুছলমানৰ নতুন সংগঠন । গোলাঘাটৰ বীৰাঙ্গনা সতী সাধনী কলাক্ষেত্ৰত শনিবাৰে জন্মলাভ কৰা নতুন সংগঠনটোৰ নাম হৈছে ‘সদৌ অসম সংখ্যালঘু ছাত্র সন্থা, খিলঞ্জীয়া’ । সংগঠনটোৰ ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত হৈছে ঈচাদ হুছেইন । আনহাতে, কাৰ্যকৰী সভাপতি হিচাপে নুৰুল আলী আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় পাপু হাজৰিকা ।

ৰাজ্যিক সমিতিখনৰ সদস্য সংখ্যা হৈছে ৩১ জন । উল্লেখ্য, উজনিত আমছুক নিশ্চিহ্ন কৰিবলৈয়ে গঠন হৈছে সদৌ অসম সংখ্যালঘু ছাত্র সন্থা, খিলঞ্জীয়া । গোলাঘাটৰ বীৰাঙ্গনা সতী সাধনী কলাক্ষেত্ৰত অসমৰ খিলঞ্জীয়া সংখ্যালঘু ৰাইজৰ উদ্যোগত অনুষ্ঠিত জাতীয় অভিৱৰ্তনত জন্মলাভ কৰে সংগঠনটোৱে । অভিৱৰ্তনত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, অগপৰ গোলাঘাট জিলাৰ সভাপতি ডঃ নৃপেন বৰুৱা, এজেৱাইচিপিৰ সভাপতি ৰাজীৱ লস্কৰকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

 

You May Also Like

More From Author