অসম চৰকাৰে সলনি কৰিলে জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্মৰ তাৰিখ

1 min read

শিল্পী দিৱসত চৰকাৰী বিজ্ঞাপনত ভয়ংকৰ ভুল।
১৭ জানুৱাৰীত জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি নে জন্ম দিৱস? অসম চৰকাৰে সলনি কৰিলে জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্মৰ তাৰিখ। আজি অসমৰ পৰা প্ৰকাশিত সকলো বাতৰি কাকততে শিল্পী দিৱসত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন বুলি ভুলকৈয়ে প্ৰকাশ কৰিছে। অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰকাশিত এই বিজ্ঞাপনে তলত মুখ্যমন্ত্ৰী চহীও আছে।

জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। অসমৰ ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ আদি সকলাে দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেখেতক “ৰূপকোঁৱৰ” বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া ছবি জয়মতী নিৰ্মাণ কৰে। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক “শিল্পী দিৱস” ৰূপে পালন কৰা হয়।

You May Also Like

More From Author