প্ৰকৃতিপ্ৰেমী,তথ্যচিত্ৰ নিৰ্মাতা, ফটোগ্ৰাফাৰ বিতোপন কলঙলৈ ইণ্টাৰ্ণশ্বিপৰ সুবিধা,উৎফুল্লিত কাজিৰঙাবাসী

1 min read

নিউজ ব্যুৰ’,নগাঁও,৬জানুৱাৰী:–নৱবৰ্ষৰ সময়ছোৱাত কাজিৰঙালৈ এটা ভাল খবৰ ৷ প্ৰকৃতিপ্ৰেমী,তথ্যচিত্ৰ নিৰ্মাতা,ফটোগ্ৰাফাৰ বিতোপন কলঙলৈ “National Geographic” ৰ ইন্টাৰ্ণশ্বিপৰ সুবিধা ৷ ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা বিতোপন কলঙক জাৰ্মানীৰ এটা দলৰ উদ্যোগত ৰাজস্থানত হ’বলগীয়া এমহীয়া ইন্টাৰ্ণশ্বিপলৈ নিমন্ত্ৰণ কৰিছে ৷ ইতিমধ্যে বহুকেইখন তথ্যচিত্ৰ নিৰ্মাণ কৰি সমাদৰ লাভ কৰা বিতোপন কলঙলৈ আগবঢ়োৱা এই প্ৰস্তাৱত উৎফুল্লিত হৈ পৰিছে কাজিৰঙাবাসী ৷ দীৰ্ঘ সময় ধৰি বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে নিস্বাৰ্থভাৱে জড়িত থকা বিতোপন কলঙে কয় যে বন্যপ্ৰাণীৰ ফটোগ্ৰাফী বা তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ বাবে বহু সুবিধা আছে কাজিৰঙাত ৷ কিন্তু আৰ্থিক অসুবিধাৰ বাবে প্ৰতিভা থকা স্বত্বেও আগবাঢ়ি যাব নোৱাৰে বহু যুৱক যুৱতী ৷ কলঙৰ এই যাত্ৰাৰ পূৰ্বে কাজিৰঙা ৰাষ্টীয় উদ্যানৰ সঞ্চালক,ডিএফঅ’,ৰেঞ্জাৰ আদি সকলোকে ধন্যবাদ জনাইছে ৷ বহু দিনৰ কষ্টৰ বিনিময়ত লাভ কৰা এই সুখবৰে তেওঁক আগুৱাই নিয়াত অনুপ্ৰেৰণা যোগাব বুলি মত প্ৰকাশ কৰিছে বিতোপন কলঙে ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author