কালি ভোগালী বিহুৰ দিনাই দেৰগাঁৱৰ বঙালগাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি বিৰাজ কৰে এক অভিৱনীয় উত্তেজনাময় পৰিস্থিতি সৃষ্টি হয়। সম্প্ৰতি সময় অতিবাহিত হোৱাৰ লগে লগে বঙালগাঁৱৰ বোৱাৰী দীতিমনি হাজৰিকাৰ মৃত্যুৱে গতি কৰিছে অত্যাধিক ৰহস্যৰ মাজলৈ। ভোগালী বিহুৰ উৰুকাৰ পুৱতি নিশা স্বামীগৃহৰ শোৱনি কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল দীতিমনিৰ মৃতদেহ। ইয়াৰ পিছতে সৃষ্টি হৈছিল চৰম উত্তেজনা। দীতিমনিৰ মাতৃ গৃহৰ লোকে অভিযোগ তুলিছিল স্বামী ৰিতুৰাজ বৰাই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি। তাৰ পিছত আৰক্ষীয়ে কালিয়েই গ্ৰেপ্তাৰ কৰিছিল স্বামী ৰিতুৰাজ বৰা আৰু বৰজনা অসীম বৰাক। আনহাতে কালি আৰক্ষীৰ দল উপস্থিত হৈহে কোনোমতে ৰিতুৰাজ বৰাৰ গৃহত উদ্ভৱ হোৱা উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰন কৰিছিল । মৃত বোৱাৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, বিয়া হোৱা দিন ধৰি সুৰাপান কৰি শাৰিৰীক, মানসিক অত্যাচাৰ কৰি আহিছিল স্বামী ৰিতুৰাজে। অৱশ্যে অভিযুক্ত ৰিতুৰাজে অস্বীকাৰ কৰিছে সমস্ত অভিযোগ। উল্লেখযোগ্য যে মৃত দিতীমনিৰ এখন হাতত দেখা গৈছিল কলমেৰে লিখা কিছু তথ্য। এই কথাই সমগ্ৰ ঘটনাটোক অধিক ৰহস্যঘণ কৰি তুলিছিল। কিন্তু আজি এই গোচৰত গ্ৰেপ্তাৰ কৰা হয় ৰিতুৰাজৰ মাতৃকো। দীতিমনিৰ মাতৃগৃহৰ এজাহাৰৰ ভিত্তিত স্বামী, বৰজনা আৰু শাহুক গ্ৰেপ্তাৰ কৰি আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে দেৰগাঁও আৰক্ষীয়ে । বৰজনাক অসীম বৰাই আজি ন্যায়িক জিম্মালৈ পেৰণৰ সময়ত সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য অনুসৰি, বোৱাৰীগৰাকীৰ মৃত্যুৰ বাবে তেওঁলোক কোনোপধ্যেই জড়িত নহয়। ন্যায় ব্যৱস্থাৰ ওপৰত তেওঁলোকৰ আস্থা আছে আৰু তেওঁলোকৰ নিৰ্দোষীতা অচিৰেই প্ৰমাণিত
হাতত লিখিলে ছুইচাইড নোট… দেৰগাঁৱৰ দীতিমণিৰ মৃত্যুক লৈ উত্তেজনা
Posted on by GTM Desk
0 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025