মানাহত ২০২২-২৩ পৰ্যটন বৰ্ষত ৩০,৭২৫ গৰাকী পৰ্যটকৰ বিপৰীতে ৰাজহ সংগ্ৰহ ৭৯,৮০,০০০ টকা

1 min read

নিউজ ব্যুৰ’,নগাঁও,৭জানুৱাৰী:–বিশ্ব ঐতিহ্যক্ষেত্ৰ ৰূপে পৰিচিত মানাহ ৰাষ্ট্ৰীয় উদ্যানত দেশী- বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে । ইয়াৰ ফলত সমান্তৰালভাৱে পৰ্যটকৰ পৰা উদ্যান কৰ্তৃপক্ষই লাভ কৰা ৰাজহৰ পৰিমাণো বৃদ্ধি পাইছে বিগত বৰ্ষৰ তুলনাত । মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° বৈভৱ চি মাথুৰে জনোৱা তথ্য অনুসৰি ২০২২-২৩ পৰ্যটন বৰ্ষৰ এপ্ৰিলৰ পৰা ডিচেম্বৰলৈ ৩০,৭২৫ গৰাকী পৰ্যটকৰ বিপৰীতে সংগৃহীত ৰাজহৰ পৰিমাণ হৈছে ৭৯,৮০,০০০টকা । ষ্মৰ্তব্য যে ২০২১-২২ বৰ্ষত এপ্ৰিলৰ পৰা ডিচেম্বৰলৈ ২৮,৫৭১গৰাকী দেশী-বিদেশী পৰ্যটকৰ বিপৰীতে ৰাজহ সংগ্ৰহ হৈছিল ৬৫,৮৬,০০০ টকা । সেই অনুসৰি বিগত বৰ্ষৰ তুলনাত একে সময়ত এই বৰ্ষত লাভ কৰা ৰাজহৰ পৰিমাণ প্ৰায় ১৪ লাখেই বেছি । ২০২২ চনৰ কেৱল ডিচেম্বৰতেই ১১,৮২২ গৰাকী পৰ্যটকৰ বিপৰীতে ৰাজহ সংগ্ৰহ হয় ২৭ লাখ টকা আৰু ২০২১চনৰ ডিচেম্বৰত ১০,৯৮৮ গৰাকী পৰ্যটকৰ বিপৰীতে সংগ্ৰহ হয় ৭৫,০০০ টকা । ক’ভিডকালীন পৰিস্থিতিৰ বাবে পূৰ্বৰ পৰ্যটন বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনলৈ মাত্ৰ ১৪ জন পৰ্যটক আহিছিল যদিও চলিত পৰ্যটন বৰ্ষত বৰ্তমানলৈকে ৪১০ গৰাকী বিদেশী পৰ্যটক মানাহলৈ আহিছে । ক’ভিডৰ পাছত স্বাভাৱিক পৰিস্থিতি উভতি অহাত বিদেশী পৰ্যটকৰ সংখ্যা এনেদৰে বৃদ্ধি পোৱা বুলি ধাৰণা কৰা হৈছে বুলি ক্ষেত্ৰ সঞ্চালকজনে জনাইছে । ক্ষেত্ৰ সঞ্চালক ড° বৈভৱ চি মাথুৰে আশা প্ৰকাশ কৰিছে যে বৰ্তমানৰ পৰিসংখ্যালৈ চাই আগন্তুক তিনি মাহত মানাহত আৰু পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব । মাথুৰে লগতে কয় যে মানাহত ডিচেম্বৰতেই সৰ্বাধিক পৰ্যটকৰ আগমন ঘটে আৰু সেই অনুসৰি চলিত ডিচেম্বৰতেই আশানুৰূপ ফল পোৱা গৈছে । আনহাতে এইবাৰ পৰ্যটকৰ বাবে মানাহৰ বুকিং প্ৰক্ৰিয়া অনলাইন কৰি দিয়াৰ পাছত পৰ্যটকৰো যথেষ্ট সুবিধা হোৱাৰ লগতে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰো কামৰ বোজা লাঘৱ হৈছে ।

You May Also Like

More From Author